ইউক্ৰেইনে ৰাছিয়াৰ সৈতে নতুনকৈ শান্তি আলোচনাত বহিবলৈ সাজু হৈছে। যোৱা মাহৰ আৰম্ভণিতে দুয়োখন দেশৰ মাজত আলোচনা আৰম্ভ হৈছিল যদিও মাজপথত স্থগিত হৈ পৰিছিল। কিন্তু এইবাৰ ইউক্ৰেইনৰ ৰাষ্ট্রপতি ভলোদিমিৰ জেলেনস্কিয়ে জনাইছে যে, অহা সপ্তাহত মস্কোৰ ওচৰত নতুনকৈ শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
ইউক্ৰেইনত ৰুছ আক্ৰমণৰ ১১৭৭তম দিনত প্ৰথমবাৰৰ বাবে দুয়োখন দেশ যুদ্ধবিৰতিৰ আলোচনাত বহিছিল। কিন্তু সেই আলোচনাত কোনো অগ্ৰগতি হোৱা নাছিল। চৰ্ত হিচাপে বন্দী বিনিময়ত দুয়োপক্ষই একমত হৈছিল। শনিবাৰে জেলেনস্কিয়ে জনাইছে যে, ইউক্ৰেইনৰ নিৰাপত্তা পৰিষদৰ সচিব ৰুষ্টেম উমেৰভে অহা সপ্তাহত ৰুছ প্ৰতিনিধিৰ সৈতে পৰৱৰ্তী বৈঠকৰ প্ৰস্তাৱ আগবঢ়াইছে। ইউক্ৰেইনৰ ৰাষ্ট্রপতিৰ মতে, “আলোচনাৰ গতি আৰু অধিক বৃদ্ধি কৰা উচিত।” তেওঁ এইটোও জনাইছে যে, প্ৰয়োজন হ’লে ৰুছ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনৰ সৈতে পোনপটীয়াকৈ আলোচনাত বহিবলৈ তেওঁ সাজু। তেওঁৰ মতে, “শান্তি নিশ্চিত কৰাৰ বাবে নেতৃত্বৰ স্তৰত এখন বৈঠক হোৱা উচিত।”
কিভৰ সৈতে শান্তি চুক্তিৰ বাবে ট্ৰাম্পে মস্কোক ৫০ দিনৰ সময় দিছিল। যদি এই সময়ৰ ভিতৰত যুদ্ধ বন্ধ নহয়, তেন্তে ৰাছিয়াৰ বাণিজ্যিক মিত্ৰৰ ওপৰত ১০০ শতাংশ শুল্ক ধাৰ্য কৰাৰ সতৰ্কবাণীও তেওঁ দিছিল। কিন্তু পুটিন চৰকাৰে স্পষ্টভাৱে জনাইছে যে, ৰাছিয়াই নিজৰ চৰ্ততহে ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতিৰ আলোচনা কৰিব, তৃতীয় কোনো দেশক জাপি দিয়া চৰ্তত নহয়।
উল্লেখযোগ্য যে, ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ চৰকাৰী টেলিভিছন চেনেলত দেশক উদ্দেশ্যি ভাষণত পুটিনে কিভৰ বিৰুদ্ধে ‘সামৰিক অভিযান’ৰ ঘোষণা কৰিছিল। তাৰ কেইঘণ্টাৰ পাছতেই ৰুছ বাহিনীয়ে ইউক্ৰেইনৰ ‘নিৰ্দিষ্ট ৭০টা লক্ষ্যস্থানত’ (মস্কোৰ বক্তব্য অনুসৰি) ক্ৰুজ ক্ষেপণাস্ত্ৰ আৰু বিমান আক্ৰমণ চলাইছিল। একে সময়তে স্থল আৰু জলপথেৰেও আক্ৰমণ আৰম্ভ হৈছিল। ডনবাছ-ৰাছিয়া সীমান্তৰ লগতে বেলাৰুছত মোতায়েন কৰা ৰুছ টেংক আৰু ব্ৰিগেডবোৰ ইউক্ৰেইনৰ মাটিত সোমাই পৰিছিল। কিন্তু ৰুছ আক্ৰমণৰ বিৰুদ্ধে ইউক্ৰেইনৰ সেনাইও প্ৰতিৰোধ গঢ়ি তুলিছিল। আক্ৰমণ আৰু প্ৰত্যাক্ৰমণত প্ৰায় চাৰে তিনি বছৰ পাৰ হৈ গৈছে। এতিয়াও দুয়োখন দেশে কোনো বুজাবুজিত উপনীত হ’ব পৰা নাই।
