ভাৰত সীমান্তৰ সমীপত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে

ভাৰত সীমান্তৰ সমীপৰ তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সবাতোকৈ ডাঙৰ নদীবান্ধ নিৰ্মাণৰ কাম শনিবাৰে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে চীনে।

চীনৰ সংবাদ সংস্থা ‘জিনহুৱা’ই জনোৱা মতে, ইয়াৰ্লুং চাংপো নদীৰ (যাক ব্ৰহ্মপুত্ৰ নামেৰে জনা যায়) নিম্ন উপত্যকাত শনিবাৰে এক অনুষ্ঠানৰ আয়োজন কৰি চীনৰ প্ৰধানমন্ত্ৰী লি কুৱাঙে বান্ধ নিৰ্মাণৰ কামৰ সূচনা কৰে। চীনা সংবাদ সংস্থাই জনাইছে যে, এই প্ৰকল্পৰ বাবে মুঠ ১৪.৪ লাখ কোটি টকা (১.২ ট্ৰিলিয়ন ইউৱান) খৰচ হ’ব।

তিব্বতৰ ইয়াৰ্লুং চাংপো নদী অৰুণাচল প্ৰদেশত চিয়াং নামেৰে পৰিচিত। চিয়াং আৰু তললৈ নামি অসমত ব্ৰহ্মপুত্ৰ নাম লৈছে। ভাৰতৰ আপত্তি উপেক্ষা কৰি ২০১৫ চনৰ পৰা চীনে এই নদীত নিৰ্মাণৰ কাম চলাই আহিছে। অভিযোগ অনুসৰি, ইয়াৰ ফলত জলস্তৰ ক্ৰমান্বয়ে কমি আহিছে। চীনৰ বান্ধৰ ফলত অদূৰ ভৱিষ্যতে অসম, অৰুণাচলকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত জলসংকটৰ সৃষ্টি হ’ব পাৰে বুলি একাংশ পৰিৱেশবিদে আশঙ্কা কৰিছে। শেহতীয়াকৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে দাবী কৰিছে যে, তিব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে বান্ধ নিৰ্মাণ কৰিলে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুতৰ উদ্বেগৰ সৃষ্টি হ’ব। এই বান্ধ বোমাৰ দৰেই ভয়ংকৰ। ইয়াৰ ফলত গোটেই উত্তৰ-পূব ভাৰত বিপন্ন হ’ব পাৰে।

চীনৰ এই প্ৰকল্পই ভাৰতক চিন্তাত পেলাইছে। প্ৰকাশ্যে মুখ নুখুলিলেও নতুন দিল্লীয়ে পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে। প্ৰাথমিকভাৱে জানিব পৰা গৈছে যে, চীনে ব্ৰহ্মপুত্ৰৰ বক্ৰ অংশত বান্ধ নিৰ্মাণ কৰিবলৈ ওলাইছে। ফলত বেইজিঙে ব্ৰহ্মপুত্ৰৰ পানী নিজৰ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব পাৰিব। এই কথাই ভাৰত আৰু বাংলাদেশক চিন্তাত পেলাইছে। চীনৰ বান্ধৰ ফলত ব্ৰহ্মপুত্ৰৰ স্বাভাৱিক প্ৰবাহ বাধাগ্ৰস্ত হৈ বৰষুণৰ সময়ত অধিক পানী ঠেলি দিব পাৰে বুলি আশঙ্কা কৰা হৈছে। আকৌ শুকান বতৰত পানীৰ অভাৱো দেখা দিব পাৰে।

ইয়াৰ উপৰিও ভূ-তাত্ত্বিক দিশৰ পৰা ব্ৰহ্মপুত্ৰ দুখন প্লেটৰ সংযোগস্থলত অৱস্থিত। ফলত সংবেদনশীল এই অঞ্চলত নদীৰ স্বাভাৱিক গতিপ্ৰবাহক কৃত্ৰিমভাৱে বাধা দিলে ভূমিকম্পৰ আশঙ্কাও থাকি যায়। চীনে অৱশ্যে জনাইছে যে, তেওঁলোকৰ নিৰ্মাণ কৰা বান্ধই পৰিৱেশৰ কোনো ক্ষতি নকৰিব। বান্ধ নিৰ্মাণৰ সময়ত বাস্তুতন্ত্ৰৰ প্ৰতিও লক্ষ্য ৰখা হ’ব বুলি বেইজিঙে জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...