৬৬ সংখ্যক গ্ৰেমী বঁটাৰে উজলিল ভাৰতীয় বেণ্ড ‘শক্তি’

সংগীত বিশ্বৰ অস্কাৰ ৰূপে প্ৰখ্যাত গ্ৰেমী বঁটাৰে উজ্বলিল ভাৰতৰ সংগীত আকাশৰ ৫ উজ্জ্বল নক্ষত্ৰ শংকৰ মহাদেৱন, জাকিৰ হুছেইন, ৰাকেশ চৌড়াশিয়া. ছেলভা গণেশ আৰু গণেশ ৰাজাগোপালন। ৩টাকৈ গ্ৰেমী বঁটা আঁজুৰি আনিলে ভাৰতীয় সংগীত তাৰকাসকলে।

৬৬ সংখ্যক গ্ৰেমী বঁটাৰে উজলিল ভাৰতীয় বেণ্ড ‘শক্তি’
শক্তিৰ ‘This Moment’লৈ শ্ৰেষ্ঠ গ্ল’বেল মিউজিক এলবামৰ সন্মান
গ্ৰেমী বঁটাৰে ভাৰতলৈ সন্মান কঢ়িয়ালে শংকৰ মহাদেৱন, জাকিৰ হুছেইনে
৩টাকৈ গ্ৰেমী বঁটা লাভ ভাৰতীয় সংগীত শিল্পীৰ
সৰ্বাধিক গ্ৰেমী বঁটা লাভ আমেৰিকান সংগীত শিল্পী টেইলৰ ছুইফটৰ

চুজানা ৱাকা, বোকাণ্টে, বুৰ্না বয়, ডেভিডোৰ দৰে শিল্পীক পিছত থৈ ‘শক্তি’ বেণ্ডৰ ‘ডিছ ম’মেণ্ট’ শীৰ্ষক এলবামটোৱে। ‘ডিছ ম’মেণ্ট’ত সন্নিৱিষ্ট হৈছে ৮টাকৈ গীত। এই গীতকেইটাত কণ্ঠদান কৰিছে শংকৰ মহাদেৱনে, তবলাত সংগত ওস্তাদ জাকিৰ হুছেইনৰ, ভায়’লিনত আছিল গণেশ ৰাজাগোপালন, পাৰ্কিউছন্ছত আছিল ভি ছেলভাগণেশ।

মুঠ ৩টা বঁটাৰে জিলিকিল ওস্তাদ জাকিৰ হুছেইন
জাকিৰ হুছেইনলৈ Best Global Music Performance ‍বঁটা
আন ৩ শিল্পীৰ সৈতে জাকিৰ হুছেইনৰ ‘পাষ্টো’ৱে লাভ কৰিলে এই সন্মান
৩টা গ্ৰেমী লাভ কৰা প্ৰথম ভাৰতীয় ৰূপে ইতিহাস তবলা মেষ্ট্ৰ’ হুছেইন
প্ৰখ্যাত বাঁহীবাদক ৰাকেশ চৌৰাছিয়াই লাভ কৰে দুটাকৈ গ্ৰেমী

প্ৰতিভাৱান বাঁহীবাদক ৰাকেশ চৌৰাছিয়াৰ সৈতে দ্বিতীয়টো গ্ৰেমী লাভ কৰে ওস্তাদ জাকিৰ হুছেইনে। ভাৰতৰ এই গৌৰৱৰ মুহূৰ্তটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে অনুৰাগীসকলে। এই সু্ন্দৰ মুহূৰ্তত মঞ্চতে নিজ পত্নীৰ নামত গ্ৰেমী বঁটা উৎসৰ্গা কৰিলে শংকৰ মহাদেৱনে। পৰিয়াল আৰু বন্ধু-বান্ধৱীকো ধন্যবাদ জনাবলৈ নাপাহৰিলে শংকৰ মহাদেৱনে।

গ্ৰেমীৰ মঞ্চত ২য়বাৰৰ বাবে সন্মানিত হ’ল ওস্তাদ জাকিৰ হুছেইন
২০২৪ ৰ সৰ্বাধিক গ্ৰেমী এৱাৰ্ড খিতাপেৰে উজলিল টেইলৰ চুইফট
‘মিডনাইটছ’ৰ বাবে বছৰৰ সৰ্বাধিক গ্ৰেমী লাভ টেইলৰ চুইফটৰ

দুয়া লিপা,বিলি আইলিছ আৰু অপ্ৰা উইনফ্ৰেৰ দৰে জনপ্ৰিয় সংগীতজ্ঞই কণ্ঠদান কৰে তাৰকাৰে ভৰা লছ এঞ্জেলছত অনুষ্ঠিত এই সুন্দৰ অনুষ্ঠানত।

NKTV Digital
Author: NKTV Digital

339 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...