ভাৰতত ইউটিউবে আঁতৰালে ২৯ লাখ ভিডিঅ’

ভাৰতত ইউটিউবে নীতি উলংঘন কৰা ২৯ লাখ ভিডিঅ’ প্লেটফৰ্মৰ পৰা আঁতৰাইছে। এই সংখ্যা বিশ্বৰ যিকোনো দেশৰ তুলনাত সৰ্বাধিক। কোম্পানীটোৱে নিজৰ নীতিৰ বিৰুদ্ধে যোৱা ভিডিঅ’ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এক প্ৰতিবেদনত কোম্পানীটোৱে জনোৱা মতে, বিগত বছৰৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে ২৯ লাখ ভিডিঅ’, যিবোৰে ইউটিউবৰ সাম্প্ৰদায়িক নিৰ্দেশনা উলংঘন কৰিছিল, এই সকলোবোৰ ভিডিঅ’ প্লেটফৰ্মটোৰ পৰা আঁতৰোৱা হৈছে। এয়া বিশ্বৰ যিকোনো দেশত আঁতৰোৱা ভিডিঅ’ৰ সংখ্যাৰ ভিতৰত সৰ্বাধিক।

অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে পূৰ্বৰ তিনিমাহৰ তুলনাত ৩২ শতাংশ অধিক ভিডিঅ’ আঁতৰাই পেলোৱা হৈছে। উল্লেখযোগ্য যে, ২০২০ চনৰ পৰা ভাৰতত ইউটিউবে সৰ্বাধিক ভিডিঅ’ আঁতৰাই পেলোৱা হৈছিল। ভাৰতৰ পিছতেই ব্ৰাজিলৰ স্থান। ইউটিউবে কয় যে, তেওঁলোকৰ স্বয়ংক্ৰিয় বিষয়বস্তু নিয়ন্ত্ৰণ সঁজুলিয়ে নীতি উলংঘন কৰা ভিডিঅ’ চিনাক্ত কৰে। এই সঁজুলিয়ে ৯৯.৭ শতাংশ নীতি উলংঘনকাৰী ভিডিঅ’ চিহ্নিত কৰিছে।

ভাৰতৰ লগতে বিশ্বৰ অন্যান্য দেশৰ পৰাও ইউটিউবে নীতি উলংঘনকাৰী ভিডিঅ’ আঁতৰাইছে। এইবোৰৰ ভিতৰত ৮১.৭ শতাংশ ভিডিঅ’ প্ৰতাৰণা, বিভ্ৰান্তিকৰ আৰু স্পামৰ বাবে আঁতৰোৱা হৈছে। তদুপৰি, ৬.৬ শতাংশ ভিডিঅ’ উৎপীড়নৰ বাবে, ৫.৯ শতাংশ শিশুৰ সুৰক্ষাৰ বাবে আৰু ৩.৭ শতাংশ হিংসাত্মক হোৱাৰ বাবে আঁতৰাই পেলোৱা হৈছে। এই ভিডিঅ’বোৰ আঁতৰোৱাৰ লগতে কোম্পানীটোৱে অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত প্ৰায় ৪৮ লাখ চেনেল বন্ধ কৰিছে। ইয়াৰ উপৰিও নীতি উলংঘন কৰা ১৩০ কোটি মন্তব্যও আঁতৰাই পেলোৱা হৈছে।

জুৱা প্ৰচাৰ কৰা ভিডিঅ’ও আঁতৰাই পেলোৱা হ’ব…

শেহতীয়াকৈ ইউটিউবৰ মালিকানাধীন কোম্পানী গুগলে নিজৰ নীতি সলনি কৰিছে। এতিয়াৰ পৰা কোম্পানীটোৱে অনলাইন জুৱাৰ ছাইট আৰু এপ প্ৰচাৰ কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। লগতে, যিসকলে গুগলৰ অনুমোদিত নোহোৱা জুৱাৰ সেৱাৰ ল’গ’ বা লিংক তেওঁলোকৰ বিষয়বস্তুত দেখুৱায়, তেওঁলোকৰ একাউণ্টো ব্লক কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...