কোনে, কিয় হত্যা কৰিলে ‘বাবু’ক?

নলবাৰী জিলাৰ জানিগোগত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ভায়েকৰ বিয়াৰ বাবে ঘৰলৈ আহিছিল আলিফ হক ওৰফে বাবু নামৰ যুৱকজন। পিছে শিৱসাগৰৰ পৰা ভাতৃৰ বিয়ালৈ অহা আলিফ হকৰ মৃতদেহ উদ্ধাৰ হয় ঘৰৰ সমীপতে।

পৰিয়ালৰ লোকৰ মতে কোনোৱে হত্যা কৰি পেলাই থৈ গৈছে আলিফৰ মৃতদেহ। শিৱসাগৰত ব্যাক্তিগত কোম্পানীত কৰ্মৰত আলীফ হকক কোনে কিয় হত্যা কৰিলে তাকে লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়গৈ আৰক্ষীৰ দল। আৰক্ষীয়ে আলিফৰ মোবাইল জব্দ কৰি আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব হত্যাৰ আঁৰৰ ৰহস্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...