গুৱাহাটীৰ ক্লাবত নিশা ভয়ংকৰ ঘটনা, ক্লাবলৈ যোৱা যুৱতীক অৰ্ধ উলংগ কৰি প্ৰহাৰৰ অভিযোগ

গুৱাহাটীৰ খানাপাৰাৰ এটা ক্লাবত নিশা ভয়ংকৰ ঘটনা। ক্লাবলৈ যোৱা এগৰাকী যুৱতীৰ অৰ্ধ উলংগ কৰি প্ৰহাৰৰ অভিযোগ। খানাপাৰাৰ ‘দ্যা লোকেলছ’ নামৰ ডিস্ক’ ক্লাবত এই ঘটনা। এগৰাকী যুৱতীক অৰ্ধ উলংগ কৰি প্ৰহাৰ কৰিলে একাংশই। ‘দ্যা লোকেলছ’ বাউন্সাৰেও যুৱতীগৰাকীক শোধালে প্ৰচণ্ড গোৰ। ক্লাবৰ ৪ৰ্থ মহলাৰ পৰা প্ৰহাৰ কৰি কৰিয়েই নমাই অনা হয় যুৱতীগৰাকীক। ঘটনাৰ আঁৰৰ কাৰণ এতিয়াও অজ্ঞাত। আক্ৰমণৰ বলি যুৱতীগৰাকীৰ পৰিচয়ো উদ্ধাৰ হোৱা নাই। সংবাদ মাধ্যম উপস্থিত হোৱাৰ পিছতে গেটত তলা লগাই দিয়ে ক্লাব কৰ্তৃপক্ষই। বন্ধ কৰি দিয়া হয় ক্লাবটোৰ লাইট। ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ নিশা ক্লাবৰ পৰা ওলাই নাহিল কোনো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...