মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত উৎকোচ লোৱাৰ অভিযোগত বৰ্খাস্ত GMCHৰ সহকাৰী অধ্যাপক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) ফৰেনচিক মেডিচিন বিভাগৰ সহকাৰী অধ্যাপক ড০ মনোজ কুমাৰ বৈশ্যক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ২০১৯ চনত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত ৮ হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত ড০ বৈশ্যক গ্ৰেপ্তাৰ কৰিছিল তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই। গ্ৰেপ্তাৰৰ পিছৰে পৰা ২০১৯ চনৰ নৱেম্বৰৰ পৰা নিলম্বিত হৈ আছিল চিকিৎসকজন। পৰৱৰ্তী সময়ত এই ঘটনাক লৈ বিভাগীয় তদন্ত অনুষ্ঠিত হয়। তদন্তত চিকিৎসকজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হয়।
বিভাগীয় তদন্তৰ প্ৰতিবেদন আৰু অসম লোকসেৱা আয়োগৰ মতামত গ্ৰহণ কৰাৰ পিছত চিকিৎসক ড০ মনোজ কুমাৰ বৈশ্যক চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। উৎকোচ গ্ৰহণৰ অভিযোগত গ্ৰেপ্তাৰৰ প্ৰায় সাত বছৰৰ পাছত বিভাগীয় তদন্তৰ জৰিয়তে চাকৰি হেৰুৱালে GMCHৰ চিকিৎসকগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...