শিৱসাগৰলৈ গ’লে এইকেইখন ঠাইলৈ যাবই লাগিব আপুনি

0 23,375

অসমৰ শিৱসাগৰ জিলা ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য, ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে। আহোম শাসনৰ দীৰ্ঘকালৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ঐতিহাসিক ৰংপুৰ নগৰ। তলাতল কাৰেং ঘৰক কেন্দ্ৰ কৰি চৌপাশৰ বৃহৎ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল আহি প্ৰথমে শিৱসাগৰ পুখুৰীৰ আশে-পাশে এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল। তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন পৰৱৰ্তী সময়ত লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হয়।

শিৱসাগৰৰ শিৱদৌল, তলাতল কাৰেংঘৰ, জয়দৌল, জয়সাগৰ পুখুৰী, স’ৰাগুৰি চাপৰিৰ আজানপীৰৰ দৰগাহ, গড়গাঁৱৰ কাৰেংঘৰ, ৰংঘৰ, আৰু নিশাৰ শিৱসাগৰ পুখুৰী পৰ্যটক সকলৰ আকৰ্ষণৰ কেন্দ্ৰ।

গড়গাঁৱৰ কাৰেংঘৰ

কাৰেংঘৰ আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। ই শিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবত গড়গাঁৱত অৱস্থিত। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে।

১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।

তলাতল কাৰেংঘৰ

তলাতল কাৰেংঘৰ শিৱসাগৰৰ মূল কেন্দ্ৰৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰৈৰ তাহানিৰ ৰংপুৰত অৱস্থিত। ই আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ।প্ৰসাদটো সাতমহলীয়া, চাৰিটা মহল মাটিৰ ওপৰত আৰু তিনিটা মহল মাটিৰ তলত আছে। বৰ্তমানৰ কেইবামহলীয়া তলাতল ঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত ১৭৫১-১৭৬৯ চনৰ ভিতৰত সাজি উলিওৱা হৈছিল।

তেৱেঁই মাটিৰ তলত তলাতল ঘৰ নামৰ তিনিটা মহল যোগ দিয়ে। ইয়াৰ স্থাপত্যৰ সৈতে সমসাময়িক মোগলসকলৰ মিল আছে। তলাতল কাৰেংঘৰত মাটিৰ তলত দুটা গোপন সুৰংগ আছিল। তাৰে এটাৰ দৈৰ্ঘ্য আছিল প্ৰায় ৩ কিলোমিটাৰ, যি দিখৌ নৈৰ লগত সংযোগী আছিল। প্ৰায় ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আনটো সুৰংগ‍ই তলাতল কাৰেংঘৰক গড়গাঁৱৰ কাৰেংঘৰৰ লগত সংযোগ কৰিছিল। শত্ৰুৰ আক্ৰমণত আত্মগোপন কৰাৰ বাবেএইকেইটা নিৰ্মাণ কৰা হৈছিল।

ৰংঘৰ

ৰংঘৰ হ’ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। শিৱসাগৰ চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ আঁতৰত এই গৃহটো অৱস্থিত। ইয়াৰ পৰাই এসময়ত ৰাজ-পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম’হ যুঁজ, শেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল।

ৰংঘৰ এছিয়াৰ প্ৰথমটো ক্ৰীড়া পেভিলিয়ন হিচাপে প্ৰখ্যাত। এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেও প্ৰমত্ত সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল। ই তলাতল কাৰেংঘৰৰ উত্তৰে, জয়সাগৰৰ পশ্চিমে, অসম ট্ৰাঙ্ক ৰোডৰ দাঁতিত অৱস্থিত।

নামদাঙৰ শিলৰ সাঁকো

নামদাঙৰ শিলৰ সাঁকো অসমৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ দলং। এই দলংখন শিৱসাগৰ জিলাৰ দিখৌনৈৰ উপনৈ নামদাং নদীৰ ওপৰত অৱস্থিত। এই দলংখন ১৭০৩ চনত আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত বংগদেশৰ কাৰিকৰৰ হতুৱাই সজোৱা হৈছিল।

পিছত তাৰপৰা এইখন দলংখন ৬০ মিটাৰ দীঘল, ৬.৫ মিটাৰ বহল আৰু ১.৭ মিটাৰ ওখ। ইয়াৰ প্ৰধান বিশেষত্ব হ’ল – দলংখন এটা মাথোঁ শিলকেই কাটি কাটি তৈয়াৰ কৰা হৈছিল। বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ ওপৰেৰে গৈছে। আহোম ৰজাৰ দিনত তৈয়াৰ কৰা বিভিন্ন স্থাপত্য-ভাস্কৰ্য্যৰ ভিতৰত এই সাঁকোখন অন্যতম উল্লেখযোগ্য।

চৰাইদেউৰ মৈদাম বা চৰাইদেউ

নৱগঠিত চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ পৰা প্ৰায় ১৩ কিঃমিঃ দূৰত অৱস্থিত। এসময়ৰ আহোম ৰাজপৰিয়াল আৰু উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ সমাধিস্থলী।

মাটিৰে নিৰ্মিত পিৰামিড সদৃশ বহু মৈদাম আজিও অক্ষত অৱস্থাত আছে। মৈদামৰ অভ্যন্তৰত থকা ধন-সোণবোৰ বৃটিছসকলে খান্দি উলিয়াই লৈ গৈছিল বুলি কোৱা হয়।

আজানপীৰৰ দৰগাহ

দিখৌমুখৰ স’ৰাগুৰি চাপৰিত এই দৰগাহ অৱস্থিত শিৱসাগৰ চহৰৰ পৰা ২২ কিঃমিঃ দূৰত্বত। সুদূৰ পাৰস্যৰ পৰা অহা সন্ত জিকিৰ আৰু জাৰিৰ স্ৰষ্টা আজানপীৰৰ সমাধিস্থলী। সকলো ধৰ্মৰ লোকে ইয়াত শ্ৰদ্ধা জনায়।

গোলাঘৰ বা খাৰঘৰ

গোলাঘৰ হৈছে শিৱসাগৰত থকা অন্যান্য পুৰণি কীৰ্ত্তি চিহ্ন সমূহৰ ভিতৰত এটা উল্লেখযোগ্য ইটাৰ ঘৰ। ইয়াতে ৰজাঘৰীয়া খাৰ-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ, বন্দুক-বৰটোপ আদি মজুত কৰি ৰখা হৈছিল।

১৭০৪ শকত স্বৰ্গদেও ৰুদ্ৰ সিংহই এই ঘৰটো নিৰ্মাণ কৰাইছিল।এই খাৰঘৰটো বৰ্তমানেও অক্ষত অৱস্থাতেই আছে।

শিৱদৌল

শিৱদৌল শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰে বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী বা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমেই ১৭৩৪ খৃঃত সোণৰ ক’লচীৰে সৈতে শিৱদৌল, তাৰ কাষত দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই দৌল ভাৰতৰ আটাইবোৰ ঐতিহাসিক মন্দিৰৰ ভিতৰত ওখ।

কৰ্দৈশিৰীয়া এই দৌলৰ উচ্চতা ১২০ হাত আৰু দৌলটিৰ ওপৰত থকা সোণৰ কলচীৰ উচ্চতা ৭.৫ ফুট। ১৯৫০ চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত পুনৰ স্থাপন কৰা হয়।
সাগৰ সদৃশ শিৱসাগৰ পুখুৰী ১৬৫৫ শকৰ ১৮ জেঠত খনন আৰম্ভ হৈছিল আৰু এই পুখুৰীৰ খনন সম্পূৰ্ণ হৈছিল একেটা বৰ্ষৰ ৬ বহাগত। পুখুৰীটোৰ সম্পূৰ্ণ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৬ লেচা। পুখুৰীটো আয়তকাৰ। গভীৰতা ২০ কিউবিক। চাং ৰুং ফুকনৰ বুৰঞ্জীমতে পুখুৰীটো দীঘে ২৯৭ বেও আৰু পথালিয়ে ১৮০ বেও। এই পুখুৰীৰ পাৰতে শিৱদৌলৰ দুই দিশত আছে দেৱদৌল আৰু বিষ্ণুদৌল।

জয়দৌল

ল’ৰাৰজাৰ চাউদাঙৰ হাতত নৃশংসভাবে মৃত্যুবৰণ কৰা মাতৃ জয়মতীৰ স্মৃতিত ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰে। এই পুখুৰী এছিয়া মহাদেশৰ ভিতৰতে মানুহে খন্দা আটাইতকৈ বৃহৎ পুখুৰী হিচাপে পৰিচিত।

এই পুখুৰীটোৱে চাৰিওটা পাৰৰ সৈতে মুঠ ৩১৮ একৰ মাটি আগুৰি আছে। ইয়াৰে ১৫৫ একৰ এলেকা পৰিষ্কাৰ পানীৰে ভৰি আছে। ইয়াৰ পৰা ৰংপুৰৰ কাৰেংঘৰ (তলাতল ঘৰ)লৈ earthen water pipeline ৰ দ্বাৰা পানী যোগান ধৰা হৈছিল। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২কিঃমিঃ মান আছিল।

ৰুদ্ৰসাগৰ পুখুৰী

পিতৃ ৰুদ্ৰসিংহৰ স্মৃতিত ১৭৭৩ চনত ৰজা লক্ষ্মীসিংহই ৰুদ্ৰসাগৰ পুখুৰী আৰু তাৰ পাৰত ৰুদ্ৰদৌল নিৰ্মাণ কৰে। ইয়ালৈ শিৱসাগৰ নগৰৰ পৰা দূৰত্ব প্ৰায় ৪ কিঃমিঃ।

গৌৰীদৌল

বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে এটি পুখুৰী খন্দাই তাৰ পাৰতে এই দৌলটো নিৰ্মাণ কৰে। শিৱসাগৰ নগৰৰ পৰা ১২ কিঃমিঃ দূৰত্বৰ গৌৰীসাগৰত গৌৰীসাগৰ পুখুৰী আৰু গৌৰীদৌল অৱস্থিত।

ইয়াৰ উপৰিও শিৱসাগৰ জিলাত ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ সময়ত নিৰ্মিত ৫৫০ ৰো অধিক ঐতিহাসিক কীৰ্তিচিহ্ন বিভিন্ন স্থানত সিঁচৰতি হৈ আছে। সেই সমূহৰ ভিতৰত জয়সাগৰ পুখুৰীৰ পশ্চিম পাৰত ঘনশ্যাম দৌল, জয়সাগৰৰ জয়া নগৰত থকা ফাকুৱা দৌল, হৰ গৌৰী দৌল, ৰংনাথ শিৱদৌল অন্যতম।

This image has an empty alt attribute; its file name is image-3-1024x570.png
ঘনশ্যাম দৌল

নগৰৰ পৰা কিছু নিলগত কালুগাঁৱত আছে বৰপাত্ৰ দৌল, জগদ্ধাত্ৰী দৌল আৰু বৰপাত্ৰ পুখুৰী। শিৱসাগৰৰ পৰা ডিব্ৰুগড় যোৱাৰ পথত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত আছে থাওৰা দৌল আৰু পুখুৰী।

মুঠতে শিৱসাগৰৰ প্ৰতি চপৰা মাটিত আছে ইতিহাস। কিন্তু এই ঐতিহ্য ক্ষেত্ৰ সমূহৰ প্ৰতি চৰকাৰে যি গুৰুত্ব আৰোপ কৰিব লাগিছিল সেয়া আশানুৰূপ বুলি কব পৰা নাযায়। পুৰাতত্ত্ব বিভাগ আৰু চৰকাৰৰ অনীহাৰ ফলত বহু কীৰ্তিচিহ্ন এতিয়া নিঃশেষ হোৱাৰ পথত। অৱশ্যে বছৰৰ যিকোনো সময়ত এই সম্পদ সমূহ দৰ্শন কৰিবলৈ দেশী বিদেশী বহু পৰ্যটকে ভ্ৰমণ কৰে ঐতিহাসিক শিৱসাগৰ।

Leave A Reply

Your email address will not be published.