ৰাম মন্দিৰৰ তহবিলত জমাৰ ধনৰ পৰিমাণ শুনিলে আচৰিত হ’ব আপুনি

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অব্যাহত আছে বৰঙণিৰ সোঁত। দেশ-বিদেশৰ অসংখ্য ৰাম ভক্তই মন্দিৰ নিৰ্মাণৰ বাবে আগবঢ়াইছে বিশাল বৰঙণি। মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো ৰাম মন্দিৰ নিৰ্মাণৰ দায়িত্বত থকা ৰাম জন্মভূমি তীৰ্থক্ষেত্র ট্রাষ্টৰ হাতত ৰৈ যাব বিশাল পুঁজি।

অহা ২১ জানুৱাৰীত প্ৰাণ প্রতিষ্ঠা হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ

অত্যাধুনিক ৰাম মন্দিৰ নিৰ্মাণ প্রায় শেষ

কিন্তু এতিয়াও ৰাম মন্দিৰৰ তহবিলত জমাৰ ধনৰ পৰিমাণ শুনিলে আচৰিত হ’ব আপুনি

২০২১ৰ জানুৱাৰীত আৰম্ভ হৈছিল অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দান সংগ্রহৰ কাম। মাজত পাৰ হৈ গ’ল ৩টাকৈ বছৰ। এই ৩ বছৰত অসংখ্য লোকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আগবঢ়ালে পুঁজি। তদানীন্তন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে প্রথম বৰঙণি দি আৰম্ভ কৰিছিল মন্দিৰ নিৰ্মাণৰ বাবে পুঁজি সংগ্রহৰ অভিযান। 

২০২১ৰ ১৪ জানুৱাৰীত ৰাম মন্দিৰৰ বাবে ৰাষ্ট্রপতিয়ে দিছিল ৫ লাখ ১০০ টকা

তাৰ পাছতে দেশৰ বিভিন্নপ্রান্তৰ পৰা আৰম্ভ হয় ৰাম মন্দিৰৰ বাবে বৰঙণি

বিশ্ব হিন্দু পৰিষদ, RSSএ দেশৰ ভিন্নত ঘূৰি সংগ্রহ কৰিছিল বৰঙণি

ৰাম জন্মভূমি তীৰ্থক্ষেত্র ট্রাষ্টে জনোৱা মতে মন্দিৰ নিৰ্মাণৰ বাবে অহা সকলো বৰঙণি এটা নিৰ্দিষ্ট একাউণ্টত জমা হৈছে। প্রায় প্ৰতিদিনেই কমপক্ষেও প্রায় ২ লাখ টকা নগদ জমা হৈছে ৰাম মন্দিৰৰ নামত। চেক আৰু অনলাইনযোগে জমা হোৱা ধন সুকীয়া।

ৰাম মন্দিৰৰ বাবে সকলোতকৈ অধিক বৰঙণি ধৰ্মগুৰু মুৰাৰি বাপুৰ

মুৰাৰি বাপুৱে জমা দিছে ১১ কোটি ৩০ লাখ টকাৰ বৰঙণি
বাপুৰ বিদেশী অনুগামীয়ে মন্দিৰৰ বাবে দিছে প্ৰায় ৮ কোটি টকা

গুজৰাটৰ হীৰা ব্যৱসায়ী গোবিন্দ ভাই ঢোলাকিয়াই দান দিছে ১১ কোটি

হীৰা ব্যৱসায়ী মহেশ কবুতৰৱালাই দিলে ৫ কোটি টকাৰ বৰঙণি

বিজেপি সাংসদ, ক্রিকেটাৰ গৌতম গম্ভীৰে দিছে ১ কোটি টকা

এনেদৰে সংগৃহীত বৰঙণিৰে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে গঠন কৰা পুঁজি ভৰি পৰিছে। ট্ৰাষ্টৰ এক সূত্র মতে বিগত প্রায় ৩ বছৰত অনুদান হিচাপে ৰাম মন্দিৰত তহবিলত জমা হৈছে প্রায় ৫,০০০ কোটি টকা।

এই পৰিমাণৰ পুঁজিৰে ৰাম মন্দিৰ হৈ পৰিছে বিশ্বৰ অন্যতম ধনাঢ্য মন্দিৰ। ২১ জানুৱাৰীত ৰাম লালাৰ প্রাণ প্রতিষ্ঠা কৰি শুভ উদ্বোধন হ’ব এই মন্দিৰৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...