গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ৷ অহা তিনিৰ ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব য়নেক্স-ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতা৷ বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ প্ৰতিযোগিতাখনত ভাৰতৰ লগতে বিশ্বৰ ২৩ খন দেশৰ পুৰুষ আৰু মহিলা তাৰকা শ্বাটলাৰে অংশ ল’ব৷

উল্লেখ্য যে ভাৰতীয় বেডমিণ্টন ফেডাৰেছনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মহানগৰীত বি ডব্লিউ এফৰ ছুপাৰ ১০০ প্ৰতিযোগিতা আয়োজন কৰাৰ গৌৰৱময় সুযোগ লাভ কৰিছে৷ বিগত বৰ্ষতো এই প্ৰতিযোগিতাখন অসমতে অনুষ্ঠিত হৈছিল তথা বি ডব্লিউ এফে ছুপাৰ ১০০ প্ৰতিযোগিতাখনৰ নাম গুৱাহাটী মাষ্টাৰ্ছৰূপে নিৰ্ধাৰণ কৰিছে৷

যোৱাবাৰৰ দৰে এইবাৰো প্ৰতিযোগিতাখন গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ বিশ্ব বেডমিণ্টন ফেডাৰেছনৰ বাৰ্ষিক ক্ৰীড়া সূচীৰ সন্মানীয় ছুপাৰ ১০০ আন্তৰ্জাতিক প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলাৰ একক তথা ডাবলছৰ লগতে মিক্সড ডাবলছ শাখাৰো খেল অনুষ্ঠিত হ’ব৷

মুল ৰাউণ্ডৰ খেলৰ পূৰ্বে প্ৰথম দুটা দিনত কোৱালিফায়িং ৰাউণ্ডৰ খেল হ’ব৷ সেই অনুসৰি অহা তিনি আৰু চাৰি ডিচেম্বৰত কোৱালিফায়িং ৰাউণ্ডৰ খেল হোৱাৰ বিপৰীতে পাঁচ ডিচেম্বৰৰ পৰা মুল ৰাউণ্ডৰ খেল আৰম্ভ হ’ব৷ মুঠ এক লাখ ইউ এছ ডলাৰ প্ৰাইজমানি থকা প্ৰতিযোগিতাখন অহা আঠ ডিচেম্বৰত সমাপ্ত হ’ব৷

প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী খেলুৱৈৰ সংখ্যা হ’ল ৪৬১ গৰাকী৷ আনহাতে, খেল পৰিচালকৰূপে থাকিব ১৩০ গৰাকী টেকনিকেল বিষয়া৷ উল্লেখ্য যে বিগত বৰ্ষতকৈ অংশগ্ৰহণকাৰী দেশ আৰু খেলুৱৈৰ সংখ্যা এইবাৰ বৃদ্ধি পাইছে৷ যোৱাবাৰ ২০ দেশৰ ৩১৭ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ লৈছিল৷

ইফালে, বিগত বৰ্ষত পেৰিছ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে শীৰ্ষ ৰেংকিঙৰ খেলুৱৈয়ে খেলা নাছিল যদিও এইবাৰ প্ৰতিখনত দেশৰে তাৰকা শ্বাটলাৰে প্ৰতিযোগিতাত অংশ ল’ব৷ ঘৰত হ’বলগা এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ খেলুৱৈয়েও কোৱালিফায়িং ৰাউণ্ডৰ খেলত অংশ ল’ব৷

প্ৰতিযোগিতাখনত ইতিমধ্যে আয়োজক ভাৰতৰ লগতে চীন, মৰিচাছ, জাপান, ছিংগাপুৰ, থাইলেণ্ড, চাইনিছ টাইপে, ইংলণ্ড, ডেনমাৰ্ক, হংকং, ফ্ৰান্স, আৰৱ, আজাৰবাইজান, শ্ৰীলংকা, বাহৰেইন, অষ্ট্ৰেলিয়া, ভিয়েটনাম, আমেৰিকা, বাংলাদেশ আৰু মালয়েছিয়াৰ খেলুৱৈয়ে ২৭ নৱেম্বৰলৈ নাম পঞ্জিয়ন কৰিছে বুলি অসম বেডমিণ্টন সন্থাই জনাইছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...