ছানী লিয়নী, নীৰজ চোপ্ৰা নে মোদী? ২০২১ত সৰ্বাধিক চৰ্চিত ব্যক্তি, বিষয় কি?

বিভিন্ন বিষয় জানিবৰ বাবে অধিকাংশ লোকে গুগলৰ সহায় লয়। কেৱল জানিবৰ বাবেই নহয় বহুতে সময় কটাবলৈ, নতুন নতুন তথ্য আহৰণৰ বাবে আৰু বহুজনে গৱেষণাৰ বাবেও গুগল চাৰ্ছ ইঞ্জিনৰ সহায় লয়। ২০২১ত সৰ্বাধিক চাৰ্ছ কৰা বিষয়সমূহ প্ৰকাশ পাইছে। সেই অনুসৰি শীৰ্ষ ১০ত ছটা ক্ৰীড়া বিষয়ক কথাই সৰ্বাধিক স্থান পাইছে। ইয়াৰ লগতে আৰয়ান খান আৰু কভিড সংক্ৰান্তীয় বিষয়েও অধিক লোকে অনুসন্ধান কৰিছে গুগলত।


IPL-ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় খেলৰ অন্যতম ক্ৰিকেট। প্ৰতি বছৰে ৮টা আৰু এইবছৰৰ পৰা ১০টা দলৰ মাজত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হয়। IPLৰ শেহতীয়া আপডেট, তাৰকাৰ অনুশীলন, মন্তব্য আৰু জয়-পৰাজয়ৰ বিষয়ে অধিকসংখ্যক লোকে জানিবলৈ প্ৰয়াস কৰে নেটিজেনসকলে।


Cowin- ক’ৱিন এপ বা Cowin হৈছে কভিড সংক্ৰান্তীয় তথ্য বা ভেকচিন সংক্ৰান্তীয় এক এপ। এই এপৰ জৰিয়তে কভিডৰ শেহতীয়া অৱস্থিতি, সমীপৰ কভিড ৰোগীৰ তথ্য আৰু ভেকচিনৰ বিভিন্ন তথ্য উপলব্ধ। ভেকচিনৰ বাবে পঞ্জীয়ন, প্ৰমাণ পত্ৰ আৰু দ্বিতীয় ভেকচিন লোৱাৰ তাৰিখ এই এপত পোৱা যায়। বিভিন্নজনৰ প্ৰয়োজন আৰু বহুতে কভিডকালীন পৰিস্থিতিৰ বাবে অধিকভাবে এই এপৰ বিষয়ে চাৰ্ছ কৰে গুগলত।


ICC T20 বিশ্বকাপ- বিশ্ব ক্ৰিকেটৰ যুঁজে গুগলৰ চাৰ্ছ ইঞ্জিনত অধিক সময় লাভ কৰিছে। ভাৰতত ক্ৰিকেট আৰু ক্ৰীড়াপ্ৰেমীৰ সংখ্যা অগণন। তাৰোপৰি এইবাৰ কভিডকালীন পৰিস্থিতি অৱসানৰ পিছত প্ৰথমখন মেগা ইভেণ্ট। ইয়াৰ লগতে ভাৰতৰ তাৰকাসকলৰ শোচনীয় প্ৰদৰ্শন। এই সকলোবোৰ তথ্য বা নিজৰ মত প্ৰকাশৰ বাবেও অধিক সংখ্যক লোকে অনুসন্ধান কৰিছে গুগলত। যাৰ বাবে শীৰ্ষ ১০ত স্থান পালে T20 ক্ৰিকেট বিশ্বকাপে।


ইউৰো কাপ-ফুটবলৰ জ্বৰত আক্ৰান্ত হৈছিল সমগ্ৰ ইউৰোপ। মহাদেশখনৰ শ্ৰেষ্ঠত্বৰ যুঁজত কোন দাবীদাৰ হব যেনহে গুগল অন্যতম ভৰসা। এই মহাসমৰৰ জনপ্ৰিয়তা কেৱল ইউৰোপতে নহয়, সীমাৰ পৰিধি ভাঙি আন আন মহাদেশতো সমানে জনপ্ৰিয় হৈ পৰে। কোটি কোটি ভাৰতীয়ই বিনিদ্ৰ ৰজনী কটাই প্ৰিয় তাৰকাৰ খেল উপভোগ কৰে।


টকিঅ’ অলিম্পিক-কভিড আতংকৰ মাজতে এইবাৰ আয়োজন হল অলিম্পিক প্ৰতিযোগিতা। প্ৰত্যাহ্বানৰ মাজতো সফলভাবে জাপানৰ ৰাজধানী চহৰখনে আয়োজন কৰে গ্ৰেটেষ্ট শ্ব অন আৰ্থ অলিম্পিক। প্ৰথমবাৰলৈ কোনো এগৰাকী অসমীয়াই এই প্ৰতিযোগিতাত বুটলি আনে পদক। ৩ কোটি ৩০ লাখ অসমীয়াৰ মুখত হাঁহি বিৰিঙাই ভাৰতবাসীক গৌৰৱান্বিত কৰি বক্সিঙত আজুৰি আনিলে ব্ৰঞ্জৰ পদক।


কভিড ভেকচিন-কভিডক পৰাস্ত কৰাৰ একমাত্ৰ উপায় ভেকচিন। সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে নিজকে নিৰোগী কৰি ৰখাৰ বাবে সকলো লোকে দুপালি ভেকচিন লোৱাটো প্ৰয়োজনীয়। বৰ্তমান সমগ্ৰ দেশত ১০০ শতাংশ ভেকচিন প্ৰদানৰ লক্ষ্যৰে অভিযান অব্যাহত আছে। কভিড ভেকচিনৰ বিষয়ে অধিক সংখ্যক লোকে গুগলত চাৰ্ছ কৰিছিল। যাৰ বাবে শীৰ্ষ ১০ অনুসন্ধানৰ তালিকাত স্থান পাইছে ভেকচিনে।


ফ্ৰী ফায়াৰ গেম-মোবাইলত বা অনলাইনত গেম খেলি ভাল পোৱা সকলৰ বাবে ফ্ৰী ফায়াৰ গেমৰ কথা কবই নালাগে। কভিডকালীন পৰিস্থিতিৰ বাবে অধিকসংখ্যক লোকে ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছিল। সময় কটাবলৈ বা খেলত ৰাগী বহাৰ বাবেই হওক যুৱ প্ৰজন্মই বিশেষভাবে আশ্ৰয় লৈছিল ফ্ৰী ফায়াৰ গেমৰ বাবে।


কোপা আমেৰিকা-এফালে যদি ইউৰোপ আনফালে কোপা আমেৰিকা। ফুটবলপ্ৰেমীয়ে কি চাব, কি নাচাব! আমেৰিকাৰ দেশসমূহৰ মাজত ফুটবলৰ মহাৰণ চাবলৈ সকলো উদগ্ৰীৱ হৈ আছিল। মেছীৰ দল হাৰিব নে জিকিব যেন গুগলত আলোচিত নহলে অসম্পূৰ্ণ হৈ ৰব! অৱশ্যে আৰ্জেণ্টিনাই ফুটবলপ্ৰেমীৰ আশা পূৰ্ণ কৰিব নোৱাৰিলে।


নীৰজ চোপ্ৰা-অভিনৱ বিন্দ্ৰাৰ পিছত দ্বিতীয়গৰাকী ভাৰতৰ খেলুৱৈ ৰূপে অলিম্পিকত দখল কৰিলে স্বৰ্ণ পদক। জেভলিন থ্ৰত বিশ্বৰ সকলো খেলুৱৈক পৰাস্ত কৰি ভাৰতীয়ৰ দপদপনি। প্ৰথমবাৰলৈ এথলেটিকছত শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে কোনো এগৰাকী ভাৰতীয়ই। স্বৰ্ণপদক অৰ্জনৰ লগে লগে কোটি কোটি ভাৰতীয়ই শুভেচ্ছাবাণীৰে উপচাই পেলালে নীৰজ চোপ্ৰাক।


আৰয়ান খান-ড্ৰাগছৰ গোচৰত কাৰাগাৰত বন্দী হৈ আছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান। এনচিবিৰ গোচৰত কিং খানৰ পুত্ৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতে দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছিল। কোন কোন ড্ৰাগছৰ এই ঘটনাত জড়িত আছিল, কেনেকৈ গ্ৰেপ্তাৰ হৈছিল, আদালতে কি ৰায়দান দিলে, কোনে গোচৰ ৰুজু কৰিছিল, তদন্ত কি পৰ্যায়ত আছে, শ্বাহৰুখ খানৰ ঘৰত কেনে পৰিৱেশ, কোন তাৰকাই কাক সমৰ্থন কৰিছে…যেন অন্তহীন চৰ্চাৰ বিষয়।


এই বিষয়সমূহে বিদায়ী বছৰটোত সৰ্বাধিক চৰ্চিত বিষয়ৰূপে পৰিগণিত হয় ২০২১ত। ২০২১ত কেইবাটাও দুঃখবৰ বা নেতিবাচক বাৰ্তাৰ মাজতো ভাৰতলৈ আহিল সুখবৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...