জিনপিঙে আমেৰিকাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে : ড’নাল্ড ট্ৰাম্প

এফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু আনফালে উত্তৰ কোৰিয়াৰ নেতা কিম জং উন। দুয়োকে লগত লৈ ৰঙা দলিচাৰ ওপৰেৰে তিয়েনআনমেন স্কোৱাৰৰ দিশে আগবাঢ়িছিল চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং। তিনি ৰাষ্ট্ৰনেতাৰ এই ‘ফ্ৰেম’ কেৱল সৌহাৰ্দ্যৰ বাৰ্তা নে পশ্চিমীয়া বিশ্বৰ বাবে প্ৰত্যাহ্বান, তাক লৈ বিভিন্ন মহলত আলোচনা চলিছে। কিন্তু এই বন্ধুত্বক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাল দৃষ্টিৰে নাচায়। তেওঁ জিনপিঙক আমেৰিকাৰ বিৰুদ্ধে ‘ষড়যন্ত্ৰকাৰী’ বুলিও অভিহিত কৰিছে।

দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত আৰু জাপানৰ বিৰুদ্ধে চীনৰ যুদ্ধজয়ৰ স্মৃতি ৰক্ষাৰ বাবে বুধবাৰে বেইজিঙত সামৰিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। সেই অনুষ্ঠানত জিনপিং, পুটিন আৰু কিমক একেলগে এখন মঞ্চত দেখি ট্ৰাম্পে কটাক্ষ কৰিবলৈ এৰা নাছিল। ব্যঙ্গাত্মক সুৰত তেওঁ চীনা ৰাষ্ট্ৰপতিৰ উদ্দেশ্যে কৈছিল যে, তেওঁৰ তৰফৰ পৰা জিনপিঙে পুটিন আৰু কিমক ‘উষ্ণ অভ্যৰ্থনা’ জনাওক। একে সময়তে ট্ৰাম্পৰ অভিযোগ, জিনপিঙে আমেৰিকাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে।

চীনত বিজয় উৎসৱ পালন হৈছে, কিন্তু তাত আমেৰিকা অসন্তুষ্ট! এই বিষয়ে ক্ষোভ প্ৰকাশ কৰি ট্ৰাম্পে কৈছিল, “চীনৰ বিজয় আৰু গৌৰৱ ঘূৰাই আনিবলৈ বহু আমেৰিকানৰ মৃত্যু হৈছিল। মই আশা কৰোঁ, তেওঁলোকৰ সাহস আৰু ত্যাগক যথাযথ সন্মান দেখুওৱা হ’ব।” উল্লেখযোগ্য যে, ১৯৩০-৪০ৰ দশকত চীন আৰু জাপান প্ৰত্যক্ষ যুদ্ধত জড়িত হৈছিল। সেই যুদ্ধত বহু চীনা জোৱানৰ মৃত্যু হৈছিল। তাৰ পিছত ১৯৪১ৰ ৭ ডিচেম্বৰত জাপানে পাৰ্ল হাৰ্বাৰত বিমান আক্ৰমণ আৰম্ভ কৰে। পৰৱৰ্তী সাত ঘণ্টাৰ ভিতৰত ছয়খন বিমানবাহী যুদ্ধজাহাজৰ পৰা মুঠ ৩৫৩টা বিমানেৰে আমেৰিকাৰ নৌঘাটি ধ্বংস কৰি পেলায়। চাৰিখন যুদ্ধজাহাজ আৰু দুখন জাহাজ ডুব যায়। ১৮৮খন বিমান ধ্বংস হয়। ২,৪০৩জন আমেৰিকান সৈনিকৰ মৃত্যু হয়। ট্ৰাম্পৰ কথাত এই বিষয়টোৱেই উত্থাপিত হৈছে।

কিন্তু বিজয় উৎসৱৰ মঞ্চৰ পৰা চীনা ৰাষ্ট্ৰপতিয়ে নাম উল্লেখ নকৰাকৈ ট্ৰাম্প আৰু আমেৰিকাক আক্ৰমণ কৰিছে। তেওঁ স্পষ্টকৈ কৈছিল, “চীন কেতিয়াও কোনো গুণ্ডামিক ভয় নকৰে। সদায় আগবাঢ়ি যাব চীন।” এই সকলো ক্ষেত্ৰত চীন ‘অপ্ৰতিৰোধ্য’ বুলি জিনপিঙে উল্লেখ কৰিছে। উল্লেখযোগ্য যে, চীনৰ ওপৰত শুল্ক আৰোপৰ পিছৰে পৰা বেইজিং আৰু ৱাশ্বিংটনৰ সম্পৰ্কৰ অৱনতি দেখা গৈছে। চীনক ‘এঘৰীয়া’ কৰিবলৈ ট্ৰাম্পে যি পন্থা গ্ৰহণ কৰিছিল, তাৰেই উত্তৰ দিব বিচাৰে জিনপিঙে। ট্ৰাম্পৰ নতুন শুল্কনীতিৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত দেশসমূহক লগত লৈ আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছে তেওঁ। তাত ভাৰতকো টানিবলৈ চেষ্টা কৰিছে চীনে। সদ্য সমাপ্ত এছচিঅ’ সন্মিলনৰ মঞ্চক আমেৰিকা-বিৰোধী ঐক্যৰ মঞ্চ হিচাপে তুলি ধৰিব বিচাৰিছিল জিনপিঙে, এনে মত বহুতৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...