ৰাছিয়াৰ পৰা কম খৰচী তেল আৰু অধিক S-400 মিছাইল ছিষ্টেম অহাৰ সম্ভাৱনা!

আমেৰিকাৰ ‘চাপ’ উপেক্ষা কৰি ভাৰতে স্পষ্ট কৰি দিছে যে, ৰাছিয়াৰ পৰা তেল কিনা এতিয়া বন্ধ নহ’ব! চীনত সদ্য সমাপ্ত এছচিঅ’ সন্মিলনত নৰেন্দ্ৰ মোদী আৰু ভ্লাদিমিৰ পুটিনৰ ‘একান্ত’ আলোচনা দেখি বহুতে কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাবুকিৰ পিছতো ভাৰত-ৰাছিয়াৰ বন্ধুত্ব অটুট থাকিব। সেই বন্ধুত্বৰ পৰা ভাৰতে কি লাভ পাব? কেইবাখনো প্ৰতিবেদনত দাবী কৰা হৈছে যে, ৰাছিয়াৰ পৰা অপৰিশোধিত তেল ভাৰতে আৰু কম দামত কিনিব। প্ৰতি বেৰেলত কমেও তিনিৰ পৰা চাৰি আমেৰিকান ডলাৰ কমিব। ছেপ্টেম্বৰৰ শেষৰ ফালে বা অক্টোবৰত এই সুবিধা পোৱা যাব।

ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ পৰা তেল কিনাৰ ‘শাস্তি’ হিচাপে আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত জৰিমনাসহ মুঠ ৫০ শতাংশ শুল্কৰ বোজা আৰোপ কৰিছে। ট্ৰাম্পৰ অভিযোগ, ভাৰতৰ সৈতে ব্যৱসায়ৰ লাভাংশ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ব্যৱহাৰ কৰিছে। কিন্তু তাৰ পিছতো নতুন দিল্লী-মস্কোৰ সম্পৰ্কত ফাট মেলা নাই। ২০২২ চনত ইউক্ৰেইনৰ ওপৰত আক্ৰমণৰ পিছত আমেৰিকাসহ পশ্চিমীয়া বিশ্বই ৰাছিয়াৰ ওপৰত বহু নিষেধাজ্ঞা আৰোপ কৰিছিল। অৰ্থনীতি ৰক্ষাৰ বাবে তেতিয়া ৰাছিয়াই কম দামত তেল বিক্ৰী আৰম্ভ কৰে। ভাৰতে সেই সুযোগ কামত লগাইছিল। নতুন দিল্লীয়ে ৰাছিয়াৰ পৰা প্ৰচুৰভাৱে তেল কিনিবলৈ আৰম্ভ কৰে। বিগত কেইবছৰত ৰাছিয়াৰ তেল আমদানি ০.২ শতাংশৰ পৰা বাঢ়ি ৩৫ শতাংশ হৈছে। বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানি কৰা দেশ হৈছে ভাৰত।

ৰাছিয়াৰ পৰা তেল কিনাত ৱাশ্বিংটনৰ তীব্ৰ আপত্তি। হোৱাইট হাউচৰ উপদেষ্টা পিটাৰ নাভাৰোৱে সমালোচনাৰ সুৰত কৈছিল, “পুটিনে ইউক্ৰেইন আক্ৰমণ কৰাৰ আগতে ভাৰতে ৰাছিয়াৰ পৰা খুব কম পৰিমাণৰ তেল কিনিছিল। কিন্তু এতিয়া তেল কিনাৰ পৰিমাণ বঢ়াইছে। সেই অপৰিশোধিত তেল কিনি ভাৰতে পৰিশোধন কৰি পুনৰ বিক্ৰী কৰি লাভ কৰিছে।”

ৰাছিয়াৰ পৰা তেলৰ দামত ৰেহাই পাইছে ভাৰত। জুলাইত প্ৰতি বেৰেলত প্ৰায় এক ডলাৰ কম দামত ৰাছিয়াৰ পৰা তেল কিনা হৈছিল। আগষ্টত ভাৰতীয় ক্ৰেতাসকলৰ বাবে ৰেহাই আছিল প্ৰায় আঢ়ৈ ডলাৰ। ছেপ্টেম্বৰ আৰু অক্টোবৰত সেই ৰেহাইৰ পৰিমাণ আৰু বাঢ়িব পাৰে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

কেৱল তেল নহয়, ৰাছিয়া আৰু ভাৰতৰ মাজত সামৰিক সহযোগিতাও আৰু বাঢ়িব পাৰে বুলি বহুতে ধাৰণা কৰে। ৰয়টাৰ্চৰ এক প্ৰতিবেদন অনুসৰি, ৰাছিয়াৰ ‘ফেডাৰেল চাৰ্ভিচ ফৰ মিলিটাৰী-টেকনিকেল ক’অপাৰেশ্যন’ৰ মুৰব্বী দিমিত্ৰি শুগায়েভে জনাইছে যে, নতুন দিল্লীয়ে এছ-৪০০ ট্ৰাইআম্ফ ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী ব্যৱস্থা আৰু অধিক কিনাৰ বিষয়ে মস্কোৰ সৈতে আলোচনা চলাইছে। ২০২৬ আৰু ২০২৭ চনত ৰাছিয়াই আৰু দুটা এছ-৪০০ ইউনিট যোগান ধৰিব পাৰে বুলিও প্ৰতিবেদনত দাবী কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ITA মাছখোৱাত ফেশ্বন আৰু উৎকৃষ্টতাৰ ভব্য সমাৰোহ এছিয়ানেট এৱাৰ্ডছ ২০২৬

গুৱাহাটীৰ আইটিএ মাছখোৱা (ITA Machkhowa) প্ৰেক্ষাগৃহত জাকজমকতাৰে অনুষ্ঠিত হৈ...

দুৰ্ঘটনাত নিহত সতীৰ্থ ডিঅ’গো জোটাক সুঁৱৰি চকুলো টুকিলে ৰোনাল্ডোৱে

ফিফা বিশ্বকাপ ২০২৬ৰ ‘ৰাউণ্ড অব ৩২’ৰ এখন ৰোমাঞ্চকৰ মেচত...

ভাৰত-জাপানৰ ১৬সংখ্যক বাৰ্ষিক সন্মিলনৰ সফল সামৰণি: অৰ্থনৈতিক নিৰাপত্তা, AI আৰু প্ৰতিৰক্ষাসহ ১৬টা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ১৬...