মৃতদেহ সৎকাৰ, কবৰস্থ কৰাৰ বাবেও নাই ঠাই, ভয়াৱহ বানত কান্দিছে বৰাকবাসীয়ে!

অপৰিৱৰ্তিত শিলচৰৰ বান পৰিস্থিতি৷ বৰাক নৈৰ পানী কিছু পৰিমাণে কমিবলৈ ধৰিলেও শিলচৰ চহৰসহ কাছাৰৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে৷ খোৱাপানী, খাদ্য–সামগ্ৰীৰ কাৰনে এতিয়াও হাহাকাৰ কৰি আছে ৰাইজে৷ শিলচৰ চহৰত এতিয়াও আৱদ্ধ হৈ আছে হাজাৰ হাজাৰ ৰাইজ৷ আৰ্মি, CRPF, BSFসহ এনডিআৰএফ, এছডিআৰএফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ চহৰৰ বিলপাৰ, ৰাধামাধবৰোড, পাবলিকস্কুল ৰোড, সোনাই ৰোড, ৰাঙ্গিৰখাড়ি, হাইলাকান্দি ৰোড, ন্যাশনাল হাইওয়ে ৰোড, কনকপুৰ, মধুৰবন্দসহ কেইবাটও অঞ্চলত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ শুকুৰবাৰ নিজেই অভিযানত নামি পড়ে আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ ৷ অসংখ্য লোকক উদ্ধাৰ কৰি আনিছে ৰমনদীপ কৌৰে ৷ আনহাতে মৃতদেহ সৎকাৰ, কবৰস্থ কৰাৰ কাৰণে ৰাইজে বিচাৰি পোৱা নাই ঠাই৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...