পেণ্ডিং ফাইলক লৈ চিন্তিত নেকি? মুখ্যমন্ত্ৰীয়ে দিছে আশাৰ বতৰা

১০ মে’ৰ ভিতৰত সকলো পুৰণি ফাইল (অৰ্থাৎ মে’ ২০২১-ৰ আগৰ) নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিষ্পত্তি কৰি নাগৰিকসকলক সকাহ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই প্ৰচেষ্টা নাগৰিকসকলৰ সচিবালয়লৈ অহা-যোৱা হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায়ক হিচাপে বিবেচিত হ’ব।

অসম চৰকাৰে ১ ফেব্ৰুৱাৰীৰ পৰা ‘সদ্ভাৱনা প্ৰকল্প’ কাৰ্যকৰী কৰিব। এই সন্দৰ্ভত কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এক মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

১০ মে’ত সদ্ভাৱনা প্ৰকল্পৰ সফল সামৰণিৰ পাছত অসম চৰকাৰে ই-অফিচ প্ৰণালী ৰূপায়ণ আৰম্ভ কৰিব। ১০ মে’, ২০২৩-ৰ ভিতৰত ‘জনতা ভৱন‘ত ই-অফিচ প্ৰণালী সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। সমূহ বিষয়া-কৰ্মচাৰীক এই পৰিৱৰ্তনৰ অংশ হ’বলৈ আৰু জনসাধাৰণৰ সেৱাত সমৰ্পিত হ’বলৈ তেখেতে বিনম্ৰভাৱে আহ্বান জনায়। এই অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গও উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...