ৰাজ্যত দৈনিক ১০ হাজাৰ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা!

ৰাজ্যত ক্ৰমাগতভাৱে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে। দৈনিক ১০ হাজাৰলোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই।

“২৩৫ জন ক’ভিড আক্ৰান্ত লোকে কালি GMCHৰ পৰা হোম আইচলেশ্যন লৈছে। ২৫০ জন ৰোগী GMCHত আৰু ২৫০জন সৰুসজাইত আছে।

১২০০ বেড GMCHত খালি ‍আছে। সৰুসজাই হাস্পতাল, কালাপাহাৰ হাস্পতাল, MMCH এতিয়াও খালি আছে। অন্য ৰোগত আক্ৰান্ত হৈ বা দূৰ্ঘটনা হৈ সংকটজনক অৱস্হাত চিকিৎসাধীন হোৱা লোকৰহে ক’ভিডত মৃত্যু বেছি হৈছে। এই সমূহ লোকৰ কিছু লোকৰ টেষ্ট কৰাত ক’ভিড ধৰা পৰিছে আৰু সেইহেতু ক’ভিডত মৃত্যু হোৱা বুলি ধৰা হৈছে।

৯ জন শিশু GMCHৰ বেবী ICUত চিকিৎসাধীন হৈ আছে। গুৱাহাটী ৪০ শতাংশ মানুহে মাস্ক পিন্ধা নাই। একাংশই নাকৰ তলত মাস্ক পিন্ধিছে। সমাগম হোৱা স্হানত বেছিভাগ মানুহে সতৰ্কতা মানি চলা নাই। যাৰ ফলত গুৱাহাটী উত্তৰ-পূৱৰ হাব হোৱাৰ বাবে ক’ভিড কেচ গুৱাহাটীত বৃদ্ধি পাইছে।

জ্বৰ নহ’লেও যদি পেটৰ বিষ, দুৰ্বলতাৰ লক্ষণ যদি দেখা পাই তেনেহ’লে চিকিৎসালয়লৈ আহক। এতিয়া ক’ভিড হ’লে জ্বৰ নহ’বও পাৰে। অখিল গগৈ স্বাস্হ্যৰ ‍অৱস্হা বৰ্তমান সুস্হিৰ। বৰ্তমান হোম আইচলেশ্যনতে আছে অখিল গগৈ। এমাহৰ বাবে শিশু সকল ঘৰত থাকক, বাহিৰত যাব নালাগে। অ’মিক্ৰন ‍অধিক শক্তিশালী আৰু সোনকালে সংক্ৰমিত হয়।”

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীৰ বেলতলাত উদ্বোধন পিকলবল খেলৰ অত্যাধুনিক কৰ্ট

বিশ্বত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰা পিকলবল খেলৰ এখন কৰ্ট...

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট। একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণত...

টীয়কত দুৰ্ঘটনাত পতিত হুঁচৰি দল, আহত প্ৰায় ১০ বিহুৱা-বিহুৱতী

নিশা টীয়কৰ ভগামুখত দুৰ্ঘটনাত পতিত হুঁচৰি দল কঢ়িওৱা মেজিক।...

আগন্তুক তিনিঘণ্টাত বতৰে ল’ব কালৰূপ!

প্ৰয়োজন নহ'লে নোলাব ঘৰৰ পৰা। আগন্তুক তিনিঘণ্টাত বতৰে ল'ব...