ৰাজ্যত দৈনিক ১০ হাজাৰ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা!

ৰাজ্যত ক্ৰমাগতভাৱে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে। দৈনিক ১০ হাজাৰলোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই।

“২৩৫ জন ক’ভিড আক্ৰান্ত লোকে কালি GMCHৰ পৰা হোম আইচলেশ্যন লৈছে। ২৫০ জন ৰোগী GMCHত আৰু ২৫০জন সৰুসজাইত আছে।

১২০০ বেড GMCHত খালি ‍আছে। সৰুসজাই হাস্পতাল, কালাপাহাৰ হাস্পতাল, MMCH এতিয়াও খালি আছে। অন্য ৰোগত আক্ৰান্ত হৈ বা দূৰ্ঘটনা হৈ সংকটজনক অৱস্হাত চিকিৎসাধীন হোৱা লোকৰহে ক’ভিডত মৃত্যু বেছি হৈছে। এই সমূহ লোকৰ কিছু লোকৰ টেষ্ট কৰাত ক’ভিড ধৰা পৰিছে আৰু সেইহেতু ক’ভিডত মৃত্যু হোৱা বুলি ধৰা হৈছে।

৯ জন শিশু GMCHৰ বেবী ICUত চিকিৎসাধীন হৈ আছে। গুৱাহাটী ৪০ শতাংশ মানুহে মাস্ক পিন্ধা নাই। একাংশই নাকৰ তলত মাস্ক পিন্ধিছে। সমাগম হোৱা স্হানত বেছিভাগ মানুহে সতৰ্কতা মানি চলা নাই। যাৰ ফলত গুৱাহাটী উত্তৰ-পূৱৰ হাব হোৱাৰ বাবে ক’ভিড কেচ গুৱাহাটীত বৃদ্ধি পাইছে।

জ্বৰ নহ’লেও যদি পেটৰ বিষ, দুৰ্বলতাৰ লক্ষণ যদি দেখা পাই তেনেহ’লে চিকিৎসালয়লৈ আহক। এতিয়া ক’ভিড হ’লে জ্বৰ নহ’বও পাৰে। অখিল গগৈ স্বাস্হ্যৰ ‍অৱস্হা বৰ্তমান সুস্হিৰ। বৰ্তমান হোম আইচলেশ্যনতে আছে অখিল গগৈ। এমাহৰ বাবে শিশু সকল ঘৰত থাকক, বাহিৰত যাব নালাগে। অ’মিক্ৰন ‍অধিক শক্তিশালী আৰু সোনকালে সংক্ৰমিত হয়।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...