ক’ভিড সংহাৰ : দৰিদ্ৰ হৈছে দেশৰ ৮৪% লোক! বৃদ্ধি বিলিয়নাৰৰ সংখ্যা

ক’ভিড মহামাৰীৰ বাবে দেশৰ ৮৪ শতাংশ লোকে দৰিদ্রতাত ভূগিছে। আনহাতে, ১০ শতাংশ লোক ধনী হৈছে। বিলিয়নাৰৰ সংখ্যা বৃদ্ধি পাইছে। অক্সফামে বার্ষিকভাৱে প্রকাশ কৰা প্রতিবেদনত ভাৰতৰ আর্থিক বৈষম্যৰ ভয়াৱহ ছবি এখন স্পষ্ট হৈছে। ডাভোছত অনুষ্ঠিত হ’বলগীয়া ৱ’ল্ড ইক’নমিক ফ’ৰামৰ পূর্বে অক্সফামে প্রকাশ কৰা ‘ইনইকুৱেলিটী কিলছ’ৰ প্রতিবেদন মতে, মহামাৰী ক’ভিডে ভাৰতৰ আর্থিক পৰিস্থিতি বিধ্বস্ত কৰাৰ লগতে ধনী আৰু দৰিদ্রৰ আনুপাতিক বৈষম্য ভয়াৱহ হাৰত বৃদ্ধি কৰিছে।

প্রতিবেদন মতে ২০২১ বর্ষত দেশৰ ৮৪ শতাংশ পৰিয়ালৰ উপার্জন হ্রাস পাইছে। অর্থাৎ ৮৪ শতাংশ পৰিয়াল দৰিদ্র হৈ গৈ আছে। আনপিনে, এই সময়ছোৱাতে দেশত বিগত বর্ষৰ ১০২জন বিলিয়নাৰৰ বিপৰীতে ১৪২জনলৈ বিলিয়নাৰ বৃদ্ধি পাইছে। বিলিয়নাৰৰ সংখ্যা ২০২১ বর্ষত ৩৯ শতাংশ বৃদ্ধি হৈছে। এই বিলিয়নাৰৰ সম্পত্তি ইমানেই বৃদ্ধি পাইছে যে দেশত ২৫ বছৰলৈ শিশুৰ কাৰণে বিদ্যালয় আৰু উচ্চ শিক্ষাৰ বাবে পুঁজি যোগান ধৰিবলৈ সক্ষম হ’ব।

অক্সফামৰ প্রতিবেদন মতে, ১০ শতাংশ ধনী ব্যক্তিয়ে ১ শতাংশ অতিৰিক্ত কৰ প্রদান কৰিলে দেশত অতিৰিক্তকৈ ১৭.৭ লাখ অক্সিজেনৰ চিলিণ্ডাৰ যোগান ধৰিব পাৰিব৷ ৯৮ ধনাঢ্য বিলিয়নাৰ পৰিয়ালে বিশ্বৰ বৃহত্তম স্বাস্থ্য বীমা আঁচনি আয়ুস্মান ভাৰত ৭ বছৰতকৈ অধিক সময় পুঁজি যোগান ধৰিব পাৰে। কেৱল তিনিজন ধনাঢ়্য ব্যক্তিয়ে তেওঁলোকৰ সম্পত্তিৰ ১ শতাংশ অতিৰিক্ত কৰ দিলেই দেশৰ ক’ভিড টিকাকৰণ আঁচনিৰ সমস্ত ব্যয় পূৰণ হ’ব। দেশৰ ১৪২ বিলিয়নাৰৰ সম্পত্তিৰ পৰিমাণ ৫৩ লাখ কোটিতকৈ অধিক৷ ইয়াৰে ৯৮জনৰ সম্পত্তিৰ পৰিমাণ দেশৰ দৰিদ্র ৪০ শতাংশৰ সম্পত্তিৰ সমান৷ দৰিদ্রৰ ৪০ শতাংশ সম্পত্তিৰ পৰিমাণ প্রায় ৪৯ লাখ কোটি টকা।

ক’ভিডৰ পূর্বে কেন্দ্রীয় চৰকাৰে কর্প’ৰেট কৰ হ্রাস কৰাটোৱেই দৰিদ্রৰ সলনি ধনাঢ়্য ব্যক্তি লাভান্বিত হোৱাটো নিশ্চিত কৰে। পিছলৈ ক’ভিডে দেশৰ আর্থিক অৱস্থালৈ বিপর্যয় নমাই আনে। কর্প’ৰেট কৰ হ্রাস কৰা বাবেই দেশৰ ৰাজহ ১.৫ লাখ কোটি ক্ষতি হয় আৰু পৰিণতিত দেশৰ বিত্তীয় ঘাটি বৃদ্ধিত অৰিহণা যোগাইছে৷ ক’ভিডৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় চৰকাৰৰ ২০২০–২১ বর্ষৰ বিত্তীয় বাজেটত স্বাস্থ্যখণ্ডৰ বাজেট ১০ শতাংশ হ্রাস পাইছে। বাজেটখনৰ সংশোধিত প্রাক্কলন অনুসৰি স্বাস্থ্যখণ্ডত ১০ শতাংশ নিম্নগামী হোৱাৰ বিপৰীতে শিক্ষাত ৬ শতাংশ কর্তন কৰা হৈছে। ঠিক তেনেদৰে বাজেটত অনুমোদন জনোৱা সামাজিক সুৰক্ষা আঁচনিও মুঠ বাজেটৰ পৰা ১.৫ শতাংশ নিম্নগামী হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...