বিশ্ব ৰেঞ্জাৰ দিৱসৰ বিষয়ে জানেনে?

আজি বিশ্ব ৰেঞ্জাৰ দিৱস৷ বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে আত্ম নিয়োগ কৰা লোক সকলৰ লগতে বন সুৰক্ষাৰ কৰ্তব্যত নিহত বা আহত লোক সকলক শ্ৰদ্ধা নিবেদন কৰাৰ বাবে ৩১ জুলাই দিনটো সমগ্ৰ বিশ্বত ৰেঞ্জাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় ৰেঞ্জাৰ ফেডাৰেচনে সৃষ্টি কৰা বিশ্ব ৰেঞ্জাৰ দিৱস ২০০৭ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয়।


ৰেঞ্জাৰ কি?
ৰেঞ্জাৰ বুলিলে সাধাৰণতে বন ৰেঞ্জাৰ বা পাৰ্ক ৰেঞ্জাৰক বুজোৱা হয়। ৰেঞ্জাৰ হৈছে এনে এজন ব্যক্তি যিয়ে উদ্যানৰ ভূমি আৰু প্ৰাকৃতিক সংৰক্ষিত অঞ্চল সংৰক্ষণ আৰু সুৰক্ষাৰ দায়িত্ব লয়।


বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত যুৱ শক্তিৰে অধিক শক্তিমান কাজিৰঙাৰ ৰেঞ্জাৰ ৷ উদ্যানখনৰ পাঁচখন বনাঞ্চলত নিয়োজিত পাঁচজন যুৱ ৰেঞ্জাৰ অফিচাৰ। যিসকলৰ নেতৃত্বত অধিক সুৰক্ষিত হৈ আছে কাজিৰঙা ৷ ইয়াৰোপৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি , কহঁৰা,বাগৰি, বুঢ়াপাহাৰ বনাঞ্চলৰ লগতে উত্তৰ পাৰৰ বনাঞ্চলতো বন সুৰক্ষাৰ বাবে অতন্দ্ৰ প্ৰহৰী স্বৰূপে দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে বনকৰ্মী সকলে ৷

পৰিয়াল আত্মীয়স্বজনৰ পৰা নিলগত থাকি ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহিৰে ভিতৰে কৰ্তব্য পালন কৰি অহা বনকৰ্মী সকলৰ আছে দুৰ্দান্ত সাহস আৰু মনোবল ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ বাবে বিভাগীয় বনকৰ্মীৰ লগতে কৰ্তব্য পালন কৰি আহিছে বিশেষ গঁড় সুৰক্ষা বাহিনী,বন সুৰক্ষা বাহিনীৰ জোৱান সকলে ৷ এইক্ষেত্ৰত মহিলা জোৱানসকলেও দিনে নিশাই কৰ্ত্যব্যত নিয়োজিত হৈ বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...