বিশ্ব ৰেঞ্জাৰ দিৱসৰ বিষয়ে জানেনে?

আজি বিশ্ব ৰেঞ্জাৰ দিৱস৷ বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে আত্ম নিয়োগ কৰা লোক সকলৰ লগতে বন সুৰক্ষাৰ কৰ্তব্যত নিহত বা আহত লোক সকলক শ্ৰদ্ধা নিবেদন কৰাৰ বাবে ৩১ জুলাই দিনটো সমগ্ৰ বিশ্বত ৰেঞ্জাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় ৰেঞ্জাৰ ফেডাৰেচনে সৃষ্টি কৰা বিশ্ব ৰেঞ্জাৰ দিৱস ২০০৭ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয়।


ৰেঞ্জাৰ কি?
ৰেঞ্জাৰ বুলিলে সাধাৰণতে বন ৰেঞ্জাৰ বা পাৰ্ক ৰেঞ্জাৰক বুজোৱা হয়। ৰেঞ্জাৰ হৈছে এনে এজন ব্যক্তি যিয়ে উদ্যানৰ ভূমি আৰু প্ৰাকৃতিক সংৰক্ষিত অঞ্চল সংৰক্ষণ আৰু সুৰক্ষাৰ দায়িত্ব লয়।


বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত যুৱ শক্তিৰে অধিক শক্তিমান কাজিৰঙাৰ ৰেঞ্জাৰ ৷ উদ্যানখনৰ পাঁচখন বনাঞ্চলত নিয়োজিত পাঁচজন যুৱ ৰেঞ্জাৰ অফিচাৰ। যিসকলৰ নেতৃত্বত অধিক সুৰক্ষিত হৈ আছে কাজিৰঙা ৷ ইয়াৰোপৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি , কহঁৰা,বাগৰি, বুঢ়াপাহাৰ বনাঞ্চলৰ লগতে উত্তৰ পাৰৰ বনাঞ্চলতো বন সুৰক্ষাৰ বাবে অতন্দ্ৰ প্ৰহৰী স্বৰূপে দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে বনকৰ্মী সকলে ৷

পৰিয়াল আত্মীয়স্বজনৰ পৰা নিলগত থাকি ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহিৰে ভিতৰে কৰ্তব্য পালন কৰি অহা বনকৰ্মী সকলৰ আছে দুৰ্দান্ত সাহস আৰু মনোবল ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ বাবে বিভাগীয় বনকৰ্মীৰ লগতে কৰ্তব্য পালন কৰি আহিছে বিশেষ গঁড় সুৰক্ষা বাহিনী,বন সুৰক্ষা বাহিনীৰ জোৱান সকলে ৷ এইক্ষেত্ৰত মহিলা জোৱানসকলেও দিনে নিশাই কৰ্ত্যব্যত নিয়োজিত হৈ বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...