এখন উজ্জ্বল ছালৰ অধিকাৰী হব বিচাৰে? সেৱন কৰক এইসমূহ পানীয়..

গ্ল’য়িং স্কিন বা উজ্জ্বল ছাল বৰ্তমান সময়ৰ প্ৰতিগৰাকী ব্যক্তিয়েই বিচাৰে। এখন উজ্জ্বল ছালৰ বাবে প্ৰতিগৰাকী ব্যক্তিয়েই বিভিন্ন ধৰণৰ প্ৰসাধন ব্যৱহাৰ কৰি আহিছে। কিন্তু তাৰ পাছতো বহু সময়ত সেই সামগ্ৰীসমূহৰ পৰা সুফল পোৱা নাযায়। সেইবাবেই আজি আমি আপোনাক এনেকেইবিধমান পানীয়ৰ বিষয়ে জনাম, যি কেইবিধ পানীয় গ্ৰহণ কৰি আপুনিও আপোনাৰ ছালখন উজ্জ্বল কৰি তুলিব পাৰিব। তেন্তে জানো আহকচোন কি কি পানীয় সেৱন কৰিনো আপুনি আপোনাৰ ছালখন উজলাই তুলিব পাৰিব।

পানী : আমাৰ ছালখন উজ্জ্বল কৰাৰ ক্ষেত্ৰত পানীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। পানীয়ে আমাৰ শৰীৰৰ পৰা অলাগতিয়াল দ্ৰব্য সমূহ ওলাই যোৱাত সহায় কৰে। যাৰ ফলত আমি এখন সুন্দৰ ছাল লাভ কৰিব পাৰো। গতিকে আপুনিও যদি আপোনাৰ ছালখন উজ্জ্বল আৰু সতেজ কৰি ৰাখিব বিচাৰে তেন্তে আজিৰে পৰাই দৈনিক ৮-১০গিলাচ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক।

গৰম পানী আৰু নেমুৰ ৰস : গৰম পানীৰ আৰু নেমুৰ ৰসে আমাৰ শৰীৰ পৰিস্কাৰ(DETOX) কৰাত সহায় কৰে, যাৰ ফলত আমি এখন উজ্জ্বল ছাল লাভ কৰিব পাৰো।

ফলৰ ৰস : ফলৰ ৰসত আমাৰ ছালৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধৰণৰ ভিটামিন পোৱা যায়। যি সমূহ ভিটামিনে আমাৰ ছালখন উজ্জ্বল আৰু সতেজ কৰি ৰাখে। গতিকে আপুনিও যদি আপোনাৰ ছালখন উজলাই তুলিব বিচাৰে, তেন্তে এতিয়াৰে পৰাই দৈনিক ফলৰ ৰস সেৱন কৰাৰ
অভ্যাস গঢ়ি তোলক।

গ্ৰীণ টি : আমাৰ ছালখন উজ্জ্বল কৰাৰ ক্ষেত্ৰত গ্ৰীণ টিয়েও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিশেষকৈ আপুনি যদি একনি (ACNE)ৰ দৰে সমস্যাত ভুগি আছে, তেন্তে আপুনি গ্ৰীণ টিৰ লগত নেমুৰ ৰস মিহলাই সেৱন কৰিলে আপুনি সমস্যাৰ পৰা যথেষ্ট সকাহ পাব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...