বি/হ খুৱাই হত্যাৰ চেষ্টা মহিলাক; লখিমপুৰ থানাৰ ASIৰ বিৰুদ্ধে মহিলাক প্ৰতাৰণা কৰাৰ অভিযোগ

লখিমপুৰৰ লালুক থানাৰ APRO শাখাৰ ASI দেৱজিৎ বৰাৰ বিৰদ্ধে গোচৰ। এগৰাকী মহিলাক বিয়াৰ প্ৰলোভনেৰে দীৰ্ঘদিনে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে ASIগৰাকীৰ বিৰুদ্ধে। ভুক্তভোগী মহিলাগৰাকীয়ে লালুক থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ৬৯ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। অভিযোগ অনুসৰি, প্ৰেমৰ সম্পৰ্কৰ অজুহাতত ASI দেৱজিৎ বৰাই ৪ বছৰ ধৰি মহিলাগৰাকীৰ সৈতে অন্তৰংগ মুহূৰ্ত কটাইছিল। লগতে, গুৱাহাটীৰ পৰা লালুকলৈ মাতি নি বিহ খুৱাই হত্যাৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে। ঘটনাক লৈ ন্যায় বিচাৰি অৱশেষত মহিলাগৰাকী লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ কাষ চাপে। ঘটনা সন্দৰ্ভত লালুক আৰক্ষীয়ে তদন্ত আৰম্ভ নকৰাৰ অভিযোগ মহিলাগৰাকীৰ। অৱশ্যে, অভিযোগসমূহৰ সত্যতা তদন্তৰ পিছতহে স্পষ্ট হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...