মহানগৰীত গুৱাহাটীত পুনৰ সক্ৰিয় ভুৱা চাৰ্টিফিকেট চক্ৰ; দালালৰ জালত পৰি সৰ্বশ্ৰান্ত পৰিয়াল

মহানগৰী গুৱাহাটীত পুনৰ সক্ৰিয় ভুৱা চাৰ্টিফিকেট চক্ৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ নামত ৩০ হাজাৰ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে ৰশ্মি দত্ত নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে। ভুক্তভোগী পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰশ্মি দত্ত নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, মেট্ৰিকত উত্তীৰ্ণ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি চলিছিল এই চক্ৰটোৱে। এগৰাকী ছাত্ৰীক মেট্ৰিক আৰু দ্বাদশ শ্ৰেণীৰ ভুৱা মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট প্ৰদান কৰাৰ অভিযোগ। ছাত্ৰীগৰাকীক দিশপুৰ প্ৰভিন্স কলেজৰ ID কাৰ্ড আৰু ইউনিফৰ্মো প্ৰদান কৰা হৈছিল বুলি অভিযোগ।

‘Open Boss University’ৰ নামত ভুৱা চাৰ্টিফিকেটৰ জাল মেলোৱাৰ অভিযোগ উত্থাপন হৈছে। কলেজত নামভৰ্তিৰ বাবে যোৱাৰ সময়তে ভুৱা নথি-পত্ৰৰ প্ৰকৃত তথ্য পোহৰলৈ আহে। ঘটনাক কেন্দ্ৰ কৰি ভুক্তভোগী পৰিয়ালে ফটাশিল আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। অৱশ্যে, এই পৰ্যন্ত অভিযুক্ত ৰশ্মি দত্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই। ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি, কেৱল এগৰাকী নহয়, কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীকো এই চক্ৰটোৱে লক্ষ্য কৰি আহিছে। সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ তদন্তৰ পাছতহে ভুৱা চাৰ্টিফিকেট চক্ৰটোৰ প্ৰকৃত স্বৰূপ স্পষ্ট হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...