অস্থিৰ পাকিস্তানে অদূৰ ভৱিষ্যতত সুস্থিৰে থাকিবলৈ দিবনে ভাৰতবৰ্ষক!

0 56

✒️ অচিন্ত্য শৰ্মা

ইছলামাবাদৰ ঘটনাক্ৰমে কেনেদৰে প্ৰভাবিত কৰিব নতুন দিল্লীৰ সিদ্ধান্তক? বৰ্তমান এনেবোৰ প্ৰশ্নই উত্থাপিত হ’বলৈ লৈছে বিভিন্নজনৰ মনত। কাৰণ সাম্প্ৰদায়িক ৰক্তবন্যাৰে ভাৰতবৰ্ষক খণ্ডিত কৰি সৃষ্টি কৰা পাকিস্তানৰ অস্তিত্ব বৰ্তি থাকে কেৱল ভাৰতকেন্দ্ৰিক কামকাজ আৰু কথাবতৰাৰ মাজত।

পৰবৰ্তী পাকিস্তানৰ প্ৰধানমন্ত্ৰী কোন হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। কিন্তু নিশ্চিত হৈছে ইমৰাণ খানৰ বিদায়। নিশ্চিত হৈছে নতুন এগৰাকী প্ৰধানমন্ত্ৰীৰ নেতৃত্বত নতুন এখন চৰকাৰ পাকিস্তানত গঠন হোৱাটোও। এনে অবস্থাত স্বাভাবিকতে প্ৰশ্ন উঠিছে ভাৰতৰ প্ৰতি আচৰণ কেনেকুৱা হ’ব নতুন পাক্ চৰকাৰখনৰ?পাকিস্তানৰ ইতিহাস আৰু বৰ্তমানে এইটো কথা সদায় প্ৰমাণ কৰি আছে যে সেই দেশৰ ক্ষমতাসীন হৈ থাকিব লাগিলে জনসমৰ্থনৰ উপৰি থাকিব লাগিব সেনাৰ মাজত জনপ্ৰিয়তা।

শেহতীয়া ঘটনাক্ৰমত সেনাই ইমৰাণ খানৰ চকী বচাবলৈ চেষ্টা নকৰা কথাটোৱে স্পষ্ট ইংগিত দিয়ে যে ইমৰাণে ইতিমধ্যেই সেনাৰ সমৰ্থন হেৰুৱাইছিল। ইয়াৰে পৰিপেক্ষিতত এয়াও নিশ্চিত হৈ উঠিছে য়ে পৰবৰ্তী পাক্ প্ৰধানমন্ত্ৰীগৰাকী হ’ব এগৰাকী সেনা সমৰ্থিত ব্যক্তি, যাৰ যিকোনো সিদ্ধান্তৰ ওপৰত থাকিব সেনা বাহিনীৰ ব্যাপক প্ৰভাব। আৰু এনে অবস্থাত নতুন প্ৰধানমন্ত্ৰী গৰাকী তথা পৰবৰ্তী পাক্ চৰকাৰখন কঠোৰভাবে ভাৰত বিৰোধী হোৱাৰো সৃষ্টি হৈছে দুৰ্ভাৱনাৰ।

কাৰণ পাক্ সেনাবাহিনী সদায় উৎকট ভাৰতবিৰোধী। ভাৰতবিৰোধী উত্তেজনা আৰু উন্মাদনা সৃষ্টি কৰি কৰিয়েই পাকিস্তানী জেনেৰেলহঁতে নিজকে দেশখনৰ সমাজজীৱনত প্ৰাসংগিক কৰি ৰাখে। তদুপৰি প্ৰতিখন ভাৰত-পাকিস্তান যদ্ধতেই ভাৰতীয় সেনাৰ হাতত মাৰ খাই খাইও পাকিস্তানী সামৰিক বাহিনী হৈ উঠিছে ভাৰত বিৰোধী তথা ভাৰত বিদ্বেষী। এনে পেক্ষাপটত দেশখনৰ অসামৰিক চৰকাৰখনো উৎকট ভাৰতবিৰোধী হোৱাতো পাক্ সেনাই বিচাৰিব বুলি মতপ্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষক মহলে।

লক্ষ্যণীয়ভাবে, অকল পাক্ সেনাবাহিনীয়েই নহয়, সামগ্ৰীকভাবে পাকিস্তানী জনগণও প্ৰচুৰ ভাৰতবিৰোধী। সাংবিধানীকভাবে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হ’লেও ধৰ্মান্ধ পাকিস্তানী জনগণৰ বাবে ভাৰতবৰ্ষ সদায়েই এক হিন্দু শক্তি, হিনদুস্তান। আৰু ধৰ্মীয় বিদ্বেষৰ বাবেই নিজৰ মনত ভাৰত বিদ্বেষ পুহি ৰাখে পাকিস্তানী জনতাই, যি বিদ্বেষ তথা ঘৃণা আছিল পাকিস্তান সৃষ্টিৰো মূল ভেঁটি। আনহাতে, কাশ্মীৰ ভাৰতবৰ্ষৰ লগত থকাটো পাক্ সেনা আৰু পাক্ জনতাৰ বাবে অসহ্যকৰ। সেয়ে পাকিস্তানৰ পৰবৰ্তী প্ৰধানমন্ত্ৰীগৰাকী তথা পৰবৰ্তী চৰকাৰখনে দেশখনৰ জনতাৰ মাজত জনপ্ৰিয় হৈ ৰোৱাৰ স্বাৰ্থতো হ’ব লাগিব ভাৰতবিদ্বেষী আৰু ভাৰতবিৰোধী। আৰু এই চৰকাৰখনে ভাৰতবিদ্বেষী আৰু ভাৰতবিৰোধী নিঃসন্দেহে প্ৰকাশ কৰিব লাগিব নিজৰ কামকাজৰ মাজেৰে।

যদিহে পৰবৰ্তী পাক্ প্ৰধানমন্ত্ৰীগৰকী আশংকা কৰাৰ নিচিনাকৈয়ে ভাৰতবিৰোধী হয়, তেনেহ’লে অৱধাৰিতভাবে কাশ্মীৰত আকৌ ইছলামিক সন্ত্ৰাসবাদৰ প্ৰাবল্য বৃদ্ধি পাব। একেদৰে বৃদ্ধি পাব ৰাষ্ট্ৰ সংঘকে ধৰি বিভিন্ন বহুদেশীয় মঞ্চত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ আক্ৰমণ। এনে অবস্থাত পাকিস্তানৰ নতুন চৰকাৰখনৰ মোকামিলা কৰিবলৈ ভাৰতৰ মোদী চৰকাৰ সাজু হৈ থাকিব লাগিব সামৰিক আৰু কূটনৈতিক উভয় দিশেৰে।

Leave A Reply

Your email address will not be published.