বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু দূৰলৈ বিয়পি পৰিছে। তাৰ ভিতৰত নতুন বিতৰ্ক হৈছে KKRয়ে তেওঁক ৯.২ কোটিত কিনা ধনৰ কি হ’ব? বাংলাদেশী পেচাৰজনে এই ধন পাবনে?

IPLৰ নিয়মসমূহ

এটা ফ্ৰেঞ্চাইজিয়ে যি টকাৰ বাবদ ক্ৰিকেটাৰ এজনক কিনে, সেই ধন দিব লাগিব। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতে মুঠ ধনৰ ১৫ শতাংশ সেই ক্ৰিকেটাৰক দিয়া হয়। অৰ্থাৎ IPL আৰম্ভ হোৱাৰ পূৰ্বে মুস্তাফিজুৰে ১ কোটি ৩৮ লাখ (৯.২০ কোটিৰ ১৫ শতাংশ) লাভ কৰাৰ কথা আছিল।

ফ্ৰেঞ্চাইজিয়ে যদি কোনো ক্ৰিকেটাৰক দললৈ নিয়াৰ পিছত তালিকাৰ পৰা বাদ দিয়ে, তেন্তে সমস্ত ধনৰাশি সেই ক্ৰিকেটাৰজনে পাব।

যদি কোনো ক্ৰিকেটাৰ আঘাতপ্ৰাপ্ত হয়, তেন্তে ফ্ৰেঞ্চাইজিৰ টকা লাভ কৰিব।

কিন্তু এইবোৰৰ কোনো এটা নিয়ম মুস্তাফিজুৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। কাৰণ কেকেআৰে তেওঁক নিজাববীয়াকৈ ড্ৰপ কৰা নাছিল। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ নিৰ্দেশত কেকেআৰে তেওঁক বাদ দিলে। সেইটোও আঘাত বা অনুশাসনমূলক ব্যৱস্থাৰ বাবে নহয়। মুস্তাফিজুৰক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে IPLত খেলিবলৈ দিয়াটো সম্ভৱ নহয় বুলি BCCIয়ে প্ৰকাশ কৰিছে।

মুস্তাফিজুৰে পাবনে ৯.২০ কোটি টকা?

মুস্তাফিজুৰে এই ধন পোৱাৰ সম্ভাৱনা অতি কম। সংবাদ সংস্থা PTIক IPLৰ এগৰাকী বিষয়াই কয়, “IPLৰ সকলো ক্ৰিকেটাৰৰ দৰমহা বীমাৰ দ্বাৰা আবৃত। শিবিৰত যোগদান কৰাৰ পিছত বা প্ৰতিযোগিতাৰ সময়ত যদি কোনো বিদেশী খেলুৱৈ আঘাতপ্ৰাপ্ত হয় তেন্তে ফ্ৰেঞ্চাইজিয়ে ধন দিয়ে। ৫০ শতাংশ পৰ্যন্ত বীমা দিয়া হয়। ভাৰতীয় ব’ৰ্ডৰ কেন্দ্ৰীয় চুক্তিৰ অধীনত থকা ক্ৰিকেটাৰৰ ক্ষেত্ৰত BCCIয়ে নিজেই এই ধন দিয়ে।”

এনে পৰিস্থিতিত ক্ষতিপূৰণৰ পৰিসৰ বৰ্তমানৰ বীমা গাঁথনিত অতি সীমিত। সূত্ৰটোৱে কয় যে, “মুস্তাফিজুৰৰ পৰিস্থিতি বীমাৰ দাবীৰ পৰিসৰত নপৰে। গতিকে কেকেআৰে তেওঁক এটকাও দিবলৈ বাধ্য নহয়।” ফলত বাংলাদেশী পেচাৰগৰাকীয়ে যদি ক্ষতিপূৰণ বিচাৰে তেন্তে তেওঁ নাপাব।

মুস্তাফিজুৰে আইনী পথৰ মাজেৰে যাব পাৰিবনে?

যদিও বিষয়টো মুস্তাফিজুৰৰ বাবে দুৰ্ভাগ্যজনক, তথাপিও তেওঁৰ হাতত আইনী পথেৰে যোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। কিন্তু যিহেতু IPL ভাৰতীয় প্ৰতিযোগিতা আৰু ভাৰতীয় আইনৰ অধীনত পৰে, গতিকে যিকোনো বিদেশী ক্ৰিকেটাৰে এই দেশত গোচৰ ৰুজু কৰিব বিচাৰিলে বহু আইনী জটিলতাৰ মাজেৰে পাৰ হ’ব লাগিব। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতৰ দুৱাৰ ‘ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছ’ৰ দুৱাৰো মুস্তাফিজুৰৰ বাবে মুকলি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...