ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত পুনৰ মুখামুখি হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে কয় যে চীনে সদায় ভাৰতৰ সৈতে সম্পৰ্ক কৌশলগত আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে বিবেচনা কৰি আহিছে।
পূব লাডাখত ২০২০ চনত আৰম্ভ হোৱা উত্তেজনাপূৰ্ণ সামৰিক সংঘাতৰ পাছত কাজান বৈঠকে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)ৰ কাষৰ পৰা সেনা প্ৰত্যাহাৰৰ পথ মুকলি কৰিছিল। এইবাৰ নতুন দিল্লীত অনুষ্ঠিত বৈঠকত দুয়োগৰাকী নেতাই ন্যায়সংগত, যুক্তিসংগত আৰু দুয়োপক্ষৰ বাবে গ্ৰহণযোগ্য সমাধান বাবে প্ৰতিশ্ৰুতিবদ্ধ থাকিব।
নতুন দিল্লীত অনুষ্ঠিত BRICS সন্মিলনৰ আঁৰত মোদী আৰু ছি জিনপিঙৰ মাজত এই দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ছয় বছৰ পূৰ্বে চীনৰ সীমা অতিক্ৰম কৰি কৰা প্ৰৱেশক কেন্দ্ৰ কৰি দুয়োখন দেশৰ সম্পৰ্কত ব্যাপক অৱনতি ঘটাৰ পাছত ভাৰতত এয়া আছিল ছি জিনপিঙৰ সাত বছৰৰ পাছত প্ৰথমটো ভাৰত ভ্ৰমণ। সম্পৰ্ক পুনৰ স্বাভাৱিক কৰাৰ প্ৰচেষ্টাৰ মাজতে অনুষ্ঠিত এই বৈঠকত দুয়োগৰাকী নেতাই কয় যে দুয়োখন দেশে নিজৰ সম্পৰ্কক কৌশলগত আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে চাব লাগিব।
বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি, কয় যে দুয়োপক্ষই পাৰস্পৰিক সন্মান, পাৰস্পৰিক সংবেদনশীলতা আৰু পাৰস্পৰিক স্বাৰ্থৰ ভিত্তিত আগবাঢ়িব লাগিব। যোৱা পাঁচ বছৰ ধৰি ভাৰতৰ স্থিতিৰ অন্যতম মূল বিষয় হৈ আহিছে এই তিনিটা পাৰস্পৰিক নীতি।
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতিত ছি জিনপিঙে কয় যে চীন আৰু ভাৰত প্ৰতিদ্বন্দ্বী নহয়, অংশীদাৰ। তেওঁ লগতে কয় যে দুয়োখন দেশে ইজনে সিজনৰ বাবে ভাবুকি নহয়, উন্নয়নৰ সুযোগ হিচাপে কাম কৰিব লাগে। লগতে কয় যে দুয়োখন দেশে নিজৰ নিজৰ অৰ্থনৈতিক আৰু বাণিজ্যিক উদ্বেগসমূহৰ ভাৰসাম্যপূৰ্ণভাৱে সমাধান কৰিব লাগে আৰু অৰ্থনৈতিক তথা বাণিজ্যিক সম্পৰ্কৰ সুস্থ আৰু স্থিৰ বিকাশত গুৰুত্ব দিব লাগে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি মোদীয়ে কয় যে সীমান্ত অঞ্চলত শান্তি আৰু স্থিৰতা বজাই ৰখাটো দ্বিপাক্ষিক সম্পৰ্কৰ অব্যাহত বিকাশৰ এক গুৰুত্বপূৰ্ণ ভিত্তি। তেওঁ সীমা সম্পৰ্কীয় বিষয়ত ইতিমধ্যে থকা চুক্তি আৰু বুজাবুজিসমূহ দুয়োপক্ষই মানি চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বিবৃতিত কোৱা হয়, দুয়োগৰাকী নেতাই দুয়োখন দেশৰ সামগ্ৰিক দ্বিপাক্ষিক সম্পৰ্ক আৰু দুয়োখন দেশৰ জনসাধাৰণৰ দীৰ্ঘম্যাদী স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সীমা সমস্যাৰ ন্যায়সংগত, যুক্তিসংগত আৰু পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ বাবে প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।
যোৱা মাহত সীমা সমস্যা সম্পৰ্কীয় আলোচনাৰ বাবে ভাৰতৰ বিশেষ প্ৰতিনিধি তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বিশেষ প্ৰতিনিধি তথা বৈদেশিক মন্ত্ৰী ৱাং ইয়ে বেইজিঙত বৈঠকত মিলিত হৈছিল। এই বৈঠকত আঠটা ফলাফল আৰু ঐকমত্যত উপনীত হৈছিল। ইয়াৰ ভিতৰত সীমা নিৰ্ধাৰণ আৰু সীমান্ত ব্যৱস্থাপনাৰ ক্ষেত্ৰত ‘আগতীয়া আৰু উল্লেখযোগ্য অগ্ৰগতি’ লাভৰ বাবে আলোচনা আগবঢ়োৱাৰ সিদ্ধান্তও আছিল।
বিশেষ প্ৰতিনিধিসকলে পূব আৰু মধ্য খণ্ডত দুটা নতুন সীমান্ত সামৰিক হটলাইন স্থাপন, সামৰিক কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ বাবে দুটা নতুন স্থান নিৰ্ধাৰণ আৰু আন্তঃসীমান্ত নদী সম্পৰ্কীয় বৈঠক অনুষ্ঠিত কৰাৰ বিষয়তো সহমত প্ৰকাশ কৰে।
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি শ্বি জিনপিঙে মোদীক কয় যে দুয়োখন দেশৰ মাজত প্ৰতিষ্ঠানিক পৰ্যায়ৰ আদান-প্ৰদান ক্ৰমাৎ পুনৰ আৰম্ভ হৈছে, সহযোগিতাৰ ক্ষেত্ৰ বৃদ্ধি পাইছে আৰু দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণো নতুন সৰ্বোচ্চ পৰ্যায়ত উপনীত হৈছে। তেওঁ কয় যে এই পৰিস্থিতি সহজে সৃষ্টি হোৱা নাই আৰু ইয়াক গুৰুত্বসহকাৰে সংৰক্ষণ কৰা প্ৰয়োজন।
ছি জিনপিঙে লগতে কয় যে দুয়োখন দেশে ইজনে সিজনৰ শক্তিৰ পৰা শিক্ষা গ্ৰহণ কৰি, পৰস্পৰক সহায় কৰি আৰু একেলগে উন্নয়নৰ পথত আগবাঢ়িব লাগে। পৰিৱৰ্তনশীল আৰু অস্থিৰ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশৰ মাজত বিশ্বৰ দুটা সৰ্বাধিক জনবহুল দেশ আৰু গ্ল’বেল ছাউথৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে দুয়োখন দেশৰ বিশেষ দায়িত্ব আছে বুলিও তেওঁ উল্লেখ কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে মোদী আৰু ছি জিনপিঙে দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে। সাংস্কৃতিক আদান-প্ৰদান, ব্যৱসায়িক সম্পৰ্ক আৰু দুয়োখন দেশৰ মাজত মানুহৰ অধিক যাতায়াত বৃদ্ধিৰ ওপৰতো দুয়োগৰাকী নেতাই গুৰুত্ব আৰোপ কৰে।
অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই গাঁথনিগত বাণিজ্য ঘাটি, যোগান শৃংখলাৰ সমস্যা আৰু অৰ্থপূৰ্ণ তথা পূৰ্বানুমানযোগ্য বজাৰ প্ৰৱেশাধিকাৰকে ধৰি দুয়োখন দেশৰ উদ্বেগসমূহ সমাধান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
দুয়োগৰাকী নেতাই আঞ্চলিক আৰু বিশ্বজনীন বিষয়সমূহত উমৈহতীয়া মত বৃদ্ধি কৰাৰ লগতে বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সহযোগিতা অব্যাহত ৰখাৰ ক্ষেত্ৰতো সহমত প্ৰকাশ কৰে। ভাৰতৰ BRICS অধ্যক্ষতাৰ প্ৰতি চীনৰ সমৰ্থনৰ বাবে মোদীয়ে ছি জিনপিঙক ধন্যবাদ জ্ঞাপন কৰে আৰু BRICS সন্মিলন সফল কৰাৰ ক্ষেত্ৰত চীনৰ অৱদানৰ শলাগ লয়।
