কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা কৰিছে। বিধ্বস্ত গৃহটোতে এতিয়াও চলি আছে কণ কণ শিশুৰ পাঠদান আৰু খেলা-ধূলা। যি স্থানত শিশুসকলৰ বাবে সুৰক্ষিত আৰু সুস্থ পৰিৱেশ থকাৰ প্ৰয়োজন। কিন্ত এই অংগনবাড়ীত নাই সেই পৰিৱেশ।

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ গৃহটোৰ অৱস্থা সম্প্ৰতি অতি দুৰৱস্থালৈ পৰিণত হৈছে। যিকোনো মুহূৰ্ততে কেন্দ্ৰটোৰ পকী বেৰ খহি পৰাৰ আশংকাত চিন্তিত হৈ পৰিছে অংগনবাড়ী কৰ্মীৰ লগতে অভিভাৱকসকল।

জানিব পৰা মতে, ২০০০ চনতে নিৰ্মাণ কৰা হৈছিল শালবাৰী অংগনবাড়ী কেন্দ্ৰটোৰ গৃহ। কিন্তু নিৰ্মাণৰ পাছত সুদীৰ্ঘ সময় পাৰ হৈ গ’লেও কেন্দ্ৰটোৰ গৃহটো পুনৰ নিৰ্মাণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আনকি সময়মতে মেৰামতিৰ কামো কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে।

ফলত সময়ৰ লগে লগে গৃহটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে। জৰাজীৰ্ণ গৃহটোতে বাধ্যতামূলকভাৱে পাঠদান গ্ৰহণ কৰিবলগীয়া হৈছে কণ কণ শিশুসকলে। পাঠদানৰ লগতে শিশুসকলৰ খেলা-ধূলাৰ বাবেও এই একেটা গৃহ আৰু চৌহদ ব্যৱহাৰ কৰা হৈছে।

অংগনবাড়ী কেন্দ্ৰসমূহত শিশুৰ প্ৰাথমিক শিক্ষা, পুষ্টি আৰু বিকাশৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এনে এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰৰ গৃহ যদি দীৰ্ঘদিন ধৰি মেৰামতি অবিহনে জৰাজীৰ্ণ হৈ থাকে, তেন্তে শিশুসকলৰ সুৰক্ষাৰ লগতে কেন্দ্ৰটোৰ স্বাভাৱিক কাৰ্যকলাপতো প্ৰভাৱ পৰাৰ আশংকা থাকে।

সেয়ে কোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই সংশ্লিষ্ট বিভাগে শালবাৰী অংগনবাড়ী কেন্দ্ৰটোৰ অৱস্থা পৰিদৰ্শন কৰি শীঘ্ৰে মেৰামতি অথবা নতুন গৃহ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন। কণ কণ শিশুসকলৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ আহ্বান জনাইছে অংগনবাড়ী কৰ্মী আৰু অভিভাৱকসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত সফল সামৰণি ভাৰতৰ; ২১টা স্বৰ্ণসহ মুঠ ৮৫ পদকেৰে পদক তালিকাৰ চতুৰ্থ স্থানত ভাৰত

জাপানত অনুষ্ঠিত এছিয়ান গেমছত সফলতাৰে অভিযান সামৰিলে ভাৰতে। প্ৰতিযোগিতাৰ...

মুকালমুৱাৰ দৰংগীপাৰাত চাঞ্চল্যকৰ ঘটনা; কুঠাৰ আৰু বাঁহেৰে আক্ৰমণ মহিলাসহ তিনিজনক

নলবাৰী জিলাৰ মুকালমুৱাৰ দৰংগীপাৰা ৰিজাৰ্ভত যুৱকৰ আক্ৰমণত মহিলাসহ তিনিজন...