BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এনে ব্যৱস্থাই বাণিজ্য ব্যৱস্থাক বিকৃত কৰে আৰু বিশ্ব বাণিজ্য সংস্থা (WTO)-ৰ নিয়মৰ সৈতে সংঘাত সৃষ্টি কৰে বুলি সংগঠনটোৱে উল্লেখ কৰে।

শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনত সদস্য দেশসমূহৰ নেতাসকলে সৰ্বসন্মতিক্ৰমে ‘নতুন দিল্লী ঘোষণা’ গ্ৰহণ কৰে। ১৪০টা দফাৰে গঠিত এই ঘোষণাপত্ৰত বিশ্বৰ বিভিন্ন সংঘাত, সন্ত্ৰাসবাদ, বাণিজ্য, জলবায়ু, প্ৰযুক্তি আৰু উন্নয়নৰ ক্ষেত্ৰত BRICSৰ স্থিতি স্পষ্ট কৰা হৈছে।

New Delhi Declaration — Building for Resilience, Innovation, Cooperation and Sustainability শীৰ্ষক এই ঘোষণাপত্ৰত ভাৰত আৰু ব্ৰাজিলক ৰাষ্ট্ৰসংঘত অধিক গুৰুত্বপূৰ্ণ ভূমিকা দিয়াৰ পোষকতা কৰা হৈছে। লগতে গাজাত ইজৰাইলৰ যুদ্ধৰ বিৰোধিতা, স্থানীয় মুদ্ৰাত বাণিজ্যৰ পোষকতা আৰু বিত্তীয় বিপদ-ঝুঁকি, কৃত্ৰিম বুদ্ধিমত্তা (AI) তথা বৃহৎ মেকুৰীজাতীয় বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বত লোৱা পদক্ষেপক সমৰ্থন কৰা হৈছে।

BRICSৰ নতুন দিল্লী ঘোষণাৰ মূল বিষয়সমূহ

পাহালগাম আক্ৰমণ
BRICS-এ ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পাহালগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। এই আক্ৰমণত ২৬জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছিল।

পাৰমাণৱিক স্থাপনা
IAEAৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনত থকা অসামৰিক আন্তঃগাঁথনি আৰু শান্তিপূৰ্ণ পাৰমাণৱিক স্থাপনাত হোৱা আক্ৰমণক লৈ BRICS-এ গভীৰ উদ্বেগ প্ৰকাশ কৰে। এনে আক্ৰমণে আন্তঃৰাষ্ট্ৰীয় আইন আৰু IAEAৰ প্ৰস্তাৱ উলংঘা কৰে বুলি উল্লেখ কৰা হয়।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ
চীন আৰু ৰাছিয়াই ৰাষ্ট্ৰসংঘত অধিক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ ক্ষেত্ৰত ভাৰত আৰু ব্ৰাজিলৰ আকাংক্ষাক সমৰ্থন কৰে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অধিক ভূমিকা লাভৰ বিষয়টোও অন্তৰ্ভুক্ত।

গাজাত যুদ্ধবিৰতি
BRICS-এ গাজাত ইজৰাইলৰ যুদ্ধবিৰতিৰ আহ্বান জনোৱাৰ লগতে সম্পূৰ্ণ আৰু বাধাহীনভাৱে মানৱীয় সাহায্য প্ৰদানৰ দাবী জনায়।

বল প্ৰয়োগ কৰি কৰা স্থানান্তৰণৰ বিৰোধিতা
কোনো অজুহাততে পেলেষ্টাইনী লোকসকলক সাময়িক বা স্থায়ীভাৱে নিজৰ বাসস্থানৰ পৰা জোৰকৈ স্থানান্তৰ কৰাৰ বিৰোধিতা কৰে BRICS-এ।

পেলেষ্টাইনৰ বাবে দ্বি-ৰাষ্ট্ৰীয় সমাধান
BRICS-এ পেলেষ্টাইনক ৰাষ্ট্ৰসংঘৰ পূৰ্ণ সদস্যপদ দিয়াৰ সমৰ্থন কৰে। লগতে ১৯৬৭ চনৰ সীমাৰ ভিত্তিত, পূব জেৰুজালেমক পেলেষ্টাইনৰ ৰাজধানী হিচাপে লৈ দ্বি-ৰাষ্ট্ৰীয় সমাধানৰ বাবে সমৰ্থন আগবঢ়োৱাৰ আহ্বান জনায়।

শুল্ক
বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ BRICS-এ গভীৰ উদ্বেগ প্ৰকাশ কৰে। এনে ব্যৱস্থাই বাণিজ্যক বিকৃত কৰে আৰু WTOৰ নিয়মৰ সৈতে সংঘাত সৃষ্টি কৰে বুলি সংগঠনটোৱে কয়।

সংৰক্ষণবাদ
পৰিৱেশ সুৰক্ষাৰ নীতিৰ নামত সংৰক্ষণবাদী বাণিজ্য নীতি গ্ৰহণ কৰাৰ বিৰোধিতা কৰে BRICS-এ।

নিষেধাজ্ঞা
একপক্ষীয় অৰ্থনৈতিক নিষেধাজ্ঞা আৰু ‘Secondary Sanctions’-ৰ গৰিহণা দিয়ে BRICS-এ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে অনুমোদন নকৰা নিষেধাজ্ঞাৰ বিৰোধিতা কৰা হয়।

কাৰ্বন সীমান্ত কৰ
আন্তঃৰাষ্ট্ৰীয় আইনৰ সৈতে সামঞ্জস্য নথকা একপক্ষীয়, শাস্তিমূলক, বৈষম্যমূলক আৰু সংৰক্ষণবাদী ব্যৱস্থা, যেনে ‘Carbon Border Adjustment Mechanisms’ৰ বিৰোধিতা কৰে BRICS-এ।

WTOৰ সংস্কাৰ
BRICS-এ WTOৰ সংস্কাৰৰ প্ৰতি সমৰ্থন পুনৰ নিশ্চিত কৰে। WTOক কেন্দ্ৰত ৰাখি এখন মুকলি, স্বচ্ছ, ন্যায়সংগত, সৰ্বাংগীন আৰু নিয়মভিত্তিক বিশ্ব বাণিজ্য ব্যৱস্থাৰ পোষকতা কৰে।

উন্নয়নশীল দেশ
ঘোষণাপত্ৰত উন্নয়নশীল দেশ, বিশেষকৈ স্বল্পোন্নত দেশসমূহৰ বাবে ‘Most-Favoured-Nation Treatment’ আৰু ‘Special and Differential Treatment’ৰ নীতিৰ প্ৰতি সমৰ্থন পুনৰ নিশ্চিত কৰা হয়।

স্থানীয় মুদ্ৰাত লেনদেন
সীমা অতিক্ৰমী পেমেণ্ট আৰু মেছেজিং ব্যৱস্থাৰ মাজত অধিক আন্তঃকাৰ্যক্ষমতা বৃদ্ধিৰ সমৰ্থন কৰে BRICS-এ। লগতে ৰাষ্ট্ৰসমূহৰ নিজ নিজ অগ্ৰাধিকাৰক সন্মান জনাই BRICSৰ স্থানীয় মুদ্ৰাত বাণিজ্য আৰু বিনিয়োগৰ নিষ্পত্তি উৎসাহিত কৰাৰ কথা ঘোষণা কৰা হয়।

BRICS Risk Lab
গুজৰাটৰ GIFT Cityস্থিত International Financial Services Centre-ত ‘BRICS Risk Lab’ স্থাপনৰ বাবে ভাৰতৰ প্ৰস্তাৱৰ প্ৰতি সদস্য দেশসমূহে আগ্ৰহ প্ৰকাশ কৰে।

বীমা খণ্ডৰ স্থিতিস্থাপকতা
এই প্ৰস্তাৱটো স্বেচ্ছামূলক ‘BRICS Insurance Resilience Centre’-ৰ অধীনত ৰূপায়ণৰ কথা কোৱা হৈছে। ইয়াৰ লক্ষ্য হৈছে উমৈহতীয়া বিপদ মূল্যায়ন মডেল বিকশিত কৰা, উত্তম পদ্ধতিৰ আদান-প্ৰদান কৰা আৰু বিশেষজ্ঞসকলৰ সক্ষমতা বৃদ্ধি কৰা।

পুনঃবীমা
পুনঃবীমা ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰতো আলোচনাৰ ধাৰা অব্যাহত ৰখাৰ বাবে BRICSৰ সদস্য দেশসমূহে সন্মতি প্ৰকাশ কৰে।

AIৰ শাসন ব্যৱস্থা
কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) বিশ্বব্যাপী শাসন ব্যৱস্থা সন্দৰ্ভত BRICS নেতাসকলৰ ঘোষণাপত্ৰ ৰূপায়ণৰ বাবে সদস্য দেশসমূহে প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।

লেবানন
লেবাননৰ চৰকাৰৰ সৈতে কৰা চুক্তিসমূহক সন্মান জনাবলৈ ইজৰাইলক আহ্বান জনায় BRICS-এ। লগতে লেবাননৰ ভূখণ্ডৰ পৰা ইজৰাইলী দখলদাৰী বাহিনী প্ৰত্যাহাৰৰ দাবী জনোৱা হয়।

UNIFIL শান্তিৰক্ষী
লেবাননত ৰাষ্ট্ৰসংঘৰ Interim Force (UNIFIL)-ৰ অধীনত সেৱা আগবঢ়াই থকা চাৰিজন ইণ্ডোনেছিয়ান শান্তিৰক্ষীসহ অন্যান্য কৰ্মীৰ মৃত্যুত BRICS-এ শোক প্ৰকাশ কৰে।

বৃহৎ মেকুৰীজাতীয় বন্যপ্ৰাণী সংৰক্ষণ
ভাৰতৰ উদ্যোগত গঠন কৰিবলগীয়া International Big Cats Alliance ক BRICS-এ সমৰ্থন জনায়। বৃহৎ মেকুৰীজাতীয় বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সদস্য দেশসমূহক পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবেও উৎসাহিত কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...