২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয় মূলৰ এগৰাকী মহিলাক খেদি খেদি গু/লী/য়া/ই হ/ত্যা কৰাৰ অভিযোগ উঠিছে ২২ বছৰীয়া এজন যুৱকৰ বিৰুদ্ধে। প্ৰায় এবছৰ ধৰি মহিলাগৰাকীক ষ্টকিং আৰু হাৰাশাস্তি কৰি অহাৰ অভিযোগ থকা যুৱকজনৰ বিৰুদ্ধে ইতিমধ্যে নিষেধাজ্ঞামূলক নিৰ্দেশ বা Restraining Order জাৰি কৰা হৈছিল।

নিহত মহিলাগৰাকীৰ নাম শালিনী ঠাকুৰ। ছেক্ৰামেণ্ট’ৰ আৰ্ডেন-আৰ্কেড এলেকাৰ এখন Panera Bread ৰেষ্টুৰেণ্টৰ বাহিৰত দিনৰ পোহৰতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

অভিযোগ অনুসৰি, আক্ৰমণৰ সময়ত শালিনীয়ে প্ৰাণ ৰক্ষাৰ বাবে দৌৰি পলাবলৈ চেষ্টা কৰিছিল। কিন্তু অভিযুক্ত ৰোহিতে তেওঁক খেদি খেদি গুলীয়াইছিল। প্ৰত্যক্ষদৰ্শীৰ সন্মুখতে তেওঁ শালিনীক কেইবাবাৰো গুলীয়াইছিল। শালিনী মাটিত পৰি যোৱাৰ পাছতো অতি ওচৰৰ পৰা মূৰত আন এটা গুলী চলোৱাৰ অভিযোগ উঠিছে।

দিনৰ প্ৰায় ৩ বজাত গুলীচালনাৰ খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ৮০০ ব্লক হাও এভিনিউস্থিত ৰেষ্টুৰেণ্টখনৰ বাহিৰত আৰক্ষীয়ে শালিনীক অচেতন অৱস্থাত উদ্ধাৰ কৰে। পিছত চিকিৎসাকৰ্মীয়ে ঘটনাস্থলীতে তেওঁক মৃত ঘোষণা কৰে বুলি স্থানীয় সংবাদমাধ্যমে প্ৰকাশ কৰিছে।

ঘটনাৰ পাছত ৰোহিতে এখন বাহনত উঠি পলায়ন কৰে যদিও আৰক্ষীয়ে বাহনখন বিচাৰি উলিয়াবলৈ সক্ষম হয়। অভিযুক্ত ৰোহিতে নিজেও গুলী চলাই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

নিহত শালিনী ঠাকুৰৰ মাতৃ সুদেশ কুমাৰীয়ে কয় যে প্ৰায় এবছৰ ধৰি ৰোহিতে তেওঁৰ জীয়েকক ষ্টকিং আৰু হাৰাশাস্তি কৰি আহিছিল। ৰোহিতে শালিনীক বিয়া কৰাব বিচাৰিছিল। কিন্তু বয়সৰ পাৰ্থক্যৰ বাবে শালিনীয়ে তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই এই ঘটনা সংঘটিত হ’ল বুলি শালিনীৰ মাতৃয়ে সন্দেহ প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ; ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ। ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে দেওবাৰে...

হৰিণৰ নিৰাপদ আশ্ৰয়স্থলী মঘুৱাহোলা চৰণীয়া পথাৰ; ৰাজ্যৰ প্ৰথমখন গ্ৰাম্য অৰণ্য হিচাপে সংৰক্ষণৰ প্ৰস্তাৱ

প্ৰকৃতি সংৰক্ষণ, ৰাইজৰ সমূহীয়া প্ৰচেষ্টা আৰু চৰকাৰী সহযোগিতাৰ এক...

প্ৰসংগঃ ফ্লাইডুবাই বিমান আক্ৰমণ; ভাৰতীয় পাইলট স্মিত মাচ্ছাৰৰ সাহসিকতাৰ প্ৰশংসা ডুবাইৰ ক্ৰাউন প্ৰিন্সৰ

ফ্লাইডুবাইৰ বিমানত সহ-পাইলটৰ আক্ৰমণৰ পিছতো অসীম সাহস আৰু দায়িত্ববোধেৰে...