পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ পেহেলগামত ২০২৫ চনৰ ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে নিন্দা কৰে। উক্ত আক্ৰমণত ২৬জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছিল।

সন্ত্ৰাসবাদৰ সকলো ৰূপৰ বিৰুদ্ধে শূন্য-সহনশীলতা নীতি গ্ৰহণৰ পোষকতা কৰি সন্ত্ৰাসবাদৰ বিত্তীয় যোগান আৰু আশ্ৰয়স্থলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় BRICS নেতৃবৰ্গই। লগতে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ অধীনত ব্যাপক সন্মিলন শীঘ্ৰে সম্পূৰ্ণ কৰাৰ পোষকতা কৰে।

ইফালে, গাজাৰ যুদ্ধবিৰতি অব্যাহত ৰখা আৰু বাধাহীন মানৱীয় সাহায্য নিশ্চিত কৰাৰ আহ্বান জনোৱাৰ লগতে লেবাননত যুদ্ধবিৰতি উলংঘনৰ বিষয়তো উদ্বেগ প্ৰকাশ কৰে সদস্য ৰাষ্ট্ৰসমূহে। আন্তঃৰাষ্ট্ৰীয় বিবাদ শান্তিপূৰ্ণভাৱে সমাধানৰ বাবে সংলাপ, পৰামৰ্শ আৰু কূটনৈতিক প্ৰচেষ্টাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ; ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ। ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে দেওবাৰে...