প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত পুনৰ সংঘটিত হৈছে দুটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ড। ডিব্ৰুগড়ৰ লাহোৱাল আৰু ৰঙিয়াত প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য।

ডিব্ৰুগড়ৰ চাবুৱাৰ লাহোৱালত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল চাঞ্চল্য। যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল। ঘটনাৰ তদন্তত আৰক্ষীয়ে সুমিত কালন্দী নামৰ এজন যুৱকক আটক কৰে।

আৰক্ষীৰ জালত পৰা সুমিত কালন্দীয়ে আৰক্ষীৰ সন্মুখত হত্যাৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীৰ সন্মুখত যুৱকজনে ওৰে নিশা মহিলাগৰাকীক ধৰ্ষণ কৰাৰ কথাও স্বীকাৰ কৰে ধৰ্ষণৰ পিছত ডিঙি চেপি যুৱতীগৰাকীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে সুমিত কালন্দীয়ে।

ঘটনাৰ ২৪ ঘণ্টা নৌহওঁতেই হত্যাৰ অভিযুক্ত সুমিত কালন্দীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ সন্মুখত অভিযুক্তৰ এই বিস্ফোৰক স্বীকাৰোক্তি কাৰোবাৰ লগত কথা পতাৰ সন্দেহত ধৰ্ষণ কৰি হত্যা কৰে প্ৰেমিকক।

ইফালে, ৰঙিয়াতো হোটেলৰ কোঠাত প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। ৰঙিয়া ষ্টেচনৰ সমীপৰ অতিথি নামৰ এখন হোটেলত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, চেন্নাইৰ পৰা অহা তিনিগৰাকী বান্ধৱীয়ে হোটেলখনৰ ১১১ নম্বৰ কোঠাত আশ্ৰয় লৈছিল। তেওঁলোকৰ ভিতৰত আছিল মালানি নামৰ যুৱতীগৰাকী। আনহাতে, ১১০ নম্বৰ কোঠাত আছিল অভিজিত কিণ্ডু নামৰ এজন যুৱক।

নিশা মালানি নামৰ যুৱতীগৰাকী প্ৰেমিক অভিজিত কিণ্ডুৰ কোঠালৈ উঠি যায়। অভিযোগ অনুসৰি, যুৱকজনৰ কোঠাতে কেঁচিৰে হানি-খুচি মালানিক নৃশংসভাৱে হত্যা কৰে।

ঘটনাৰ পিছত অভিজিত কিণ্ডুৱেও আত্মহত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ৰঙিয়া আৰক্ষীয়ে অভিজিত কিণ্ডুক আটক কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

ইটোৰ পিছত সিটো প্ৰেমজনিত হত্যাকাণ্ডই ৰাজ্যত পুনৰ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। ডিব্ৰুগড়ৰ লাহোৱালত ধৰ্ষণৰ পিছত যুৱতীক হত্যা আৰু ৰঙিয়াত হোটেলৰ কোঠাত প্ৰেমিকাক হত্যা এই দুয়োটা ঘটনাই পুনৰ উত্থাপন কৰিছে নাৰী সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...