প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত পুনৰ সংঘটিত হৈছে দুটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ড। ডিব্ৰুগড়ৰ লাহোৱাল আৰু ৰঙিয়াত প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য।

ডিব্ৰুগড়ৰ চাবুৱাৰ লাহোৱালত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল চাঞ্চল্য। যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল। ঘটনাৰ তদন্তত আৰক্ষীয়ে সুমিত কালন্দী নামৰ এজন যুৱকক আটক কৰে।

আৰক্ষীৰ জালত পৰা সুমিত কালন্দীয়ে আৰক্ষীৰ সন্মুখত হত্যাৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীৰ সন্মুখত যুৱকজনে ওৰে নিশা মহিলাগৰাকীক ধৰ্ষণ কৰাৰ কথাও স্বীকাৰ কৰে ধৰ্ষণৰ পিছত ডিঙি চেপি যুৱতীগৰাকীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে সুমিত কালন্দীয়ে।

ঘটনাৰ ২৪ ঘণ্টা নৌহওঁতেই হত্যাৰ অভিযুক্ত সুমিত কালন্দীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ সন্মুখত অভিযুক্তৰ এই বিস্ফোৰক স্বীকাৰোক্তি কাৰোবাৰ লগত কথা পতাৰ সন্দেহত ধৰ্ষণ কৰি হত্যা কৰে প্ৰেমিকক।

ইফালে, ৰঙিয়াতো হোটেলৰ কোঠাত প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। ৰঙিয়া ষ্টেচনৰ সমীপৰ অতিথি নামৰ এখন হোটেলত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, চেন্নাইৰ পৰা অহা তিনিগৰাকী বান্ধৱীয়ে হোটেলখনৰ ১১১ নম্বৰ কোঠাত আশ্ৰয় লৈছিল। তেওঁলোকৰ ভিতৰত আছিল মালানি নামৰ যুৱতীগৰাকী। আনহাতে, ১১০ নম্বৰ কোঠাত আছিল অভিজিত কিণ্ডু নামৰ এজন যুৱক।

নিশা মালানি নামৰ যুৱতীগৰাকী প্ৰেমিক অভিজিত কিণ্ডুৰ কোঠালৈ উঠি যায়। অভিযোগ অনুসৰি, যুৱকজনৰ কোঠাতে কেঁচিৰে হানি-খুচি মালানিক নৃশংসভাৱে হত্যা কৰে।

ঘটনাৰ পিছত অভিজিত কিণ্ডুৱেও আত্মহত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ৰঙিয়া আৰক্ষীয়ে অভিজিত কিণ্ডুক আটক কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

ইটোৰ পিছত সিটো প্ৰেমজনিত হত্যাকাণ্ডই ৰাজ্যত পুনৰ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। ডিব্ৰুগড়ৰ লাহোৱালত ধৰ্ষণৰ পিছত যুৱতীক হত্যা আৰু ৰঙিয়াত হোটেলৰ কোঠাত প্ৰেমিকাক হত্যা এই দুয়োটা ঘটনাই পুনৰ উত্থাপন কৰিছে নাৰী সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...

তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন, সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

হলৌ উদ্যান হিচাপে পৰিচিত তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ২১খন গাঁৱৰ...

এছিয়ান পেৰা গেমছত ভাৰতৰ ঐতিহাসিক সাফল্য: ৩০টা সোণসহ মুঠ ১১৪টা পদক অৰ্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ আজি সামৰণি...

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা...