‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম গোস্বামীৰ ছ’চিয়েল মিডিয়াৰ এটা পোষ্টক লৈ সৃষ্টি হৈছে তীব্ৰ চৰ্চা। পোষ্টটোত গোস্বামীয়ে তেওঁক লক্ষ্য কৰি কোনো ধৰণৰ চাপ বা ভয় দেখুওৱাৰ চেষ্টা চলিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে।

Screenshot

‘এইবাৰ মই টাৰ্গেট নেকি?’ বুলি প্ৰশ্ন কৰি তেওঁ জুবিনৰ ন্যায়ৰ বাবে মাত মতাৰ বাবেই তেওঁৰ মুখ বন্ধ কৰাৰ চেষ্টা চলিছে নেকি বুলিও সন্দেহ প্ৰকাশ কৰে। লগতে জুবিনৰ হত্যাকাণ্ডৰ অভিযুক্তসকলক ৰক্ষা কৰাৰ বাবে এয়া কোনো নতুন ‘ষ্ট্ৰেটেজী’ নেকি বুলিও প্ৰশ্ন তোলে।

গোস্বামীয়ে স্পষ্টভাৱে কয় যে ‘ভয়’ শব্দটো তেওঁৰ অভিধানত নাই। জুবিনৰ ন্যায়ৰ বাবে তেওঁ জীৱনৰ শেষ দিনলৈকে মাত মাতি যাব বুলি উল্লেখ কৰাৰ লগতে ভয় দেখুৱাই তেওঁক এই যুঁজৰ পৰা পিছুৱাই নিব নোৱাৰিব বুলিও দৃঢ়তা প্ৰকাশ কৰে।

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত তেওঁৰ যুঁজ অব্যাহত থাকিব বুলি উল্লেখ কৰি পাৰ্থপ্ৰতিম গোস্বামীয়ে কয়—যিকোনো ধৰণৰ ভয়-ভাবুকি বা চাপৰ সন্মুখীন হ’লেও তেওঁ পিছুৱাই নাযায়। তেওঁৰ এই ছ’চিয়েল মিডিয়া পোষ্টে জুবিনৰ ন্যায়ৰ দাবীক লৈ পুনৰ নতুন চৰ্চাৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...