মহাকাশবন্দী হৈ থাকিবলগীয়া হোৱা বাবে সুনীতা উইলিয়ামছে অতিৰিক্ত দৰমহা লাভ কৰিবনে?

সুনীতা উইলিয়ামছে মহাকাশ অভিযানৰ সময়ত নাছাই আগবঢ়োৱা নিয়মিত দৰমহা আৰু অন্যান্য সা-সুবিধা লাভ কৰে। কিন্তু নাছাত অভাৰটাইম পেমেণ্টৰ ব্যৱস্থা নাই। আকস্মিক ঘটনাৰ বাবে নাছাৰ কৰ্মচাৰীয়ে দৈনিক ৪ ডলাৰকৈ অতিৰিক্ত ভাট্টা লাভ কৰে। ভাৰতীয় টকাৰ হিচাপত মহাকাশত কটোৱা প্ৰতিটো অতিৰিক্ত দিনৰ বাবে সুনীতা উইলিয়ামছে লাভ কৰিব মাত্ৰ ৩৪৭ টকাকৈ। সেই অনুসৰি মহাকাশত থকা ২৮৬ দিনৰ হিচাপত সুনীতাই ১১৪৪ ডলাৰ বা প্ৰায় ১ লাখ টকা লাভ কৰিব। অতিৰিক্ত সময় বাদ দি সাধাৰণতে আমেৰিকাৰ GS-15 পে’ গ্ৰেডৰ অধীনত দৰমহা দিয়া হয়। অৱশ্যে নাছাই আনুষ্ঠানিকভাৱে এই তথ্য প্ৰকাশ কৰা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...