মিঞা-অসমীয়াক লৈ উত্তাল হৈ পৰিল বিধানসভা

মঙলবাৰৰ দিনটোত হিন্দু-মুছলমান। মিঞা-অসমীয়াক লৈ উত্তাল হৈ পৰিল বিধানসভা। মিঞা প্ৰসংগত বিৰোধীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিয় নামনিৰ মিঞা মুছলমান উজনিলৈ যাব? গোটেই অসম দখল কৰিব নেকি মিঞা মুছলমানে? বলপূৰ্বকভাৱে গ’লেও মিঞা মুছলমানক বাধা দিব চৰকাৰে।

উজনি অসমত ইতিমধ্যে আৰম্ভ হৈছে মিঞা মুছলমান হাটাও অভিযান। বিভিন্ন জাতীয় দল–সংগঠনে মিঞা মুছলমানক উজনি অসম ত্যাগ কৰিবলৈ দিছে কঠোৰ নিৰ্দেশ। আনকি জিলাই জিলাই মিঞা মুছলমান বিচাৰি অভিযান চলাইছে দল–সংগঠনসমূহে। ইয়াকে লৈ মঙলবাৰে উত্তাল হৈ পৰিল বিধানসভাৰ মজিয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ধৰ্ষণকাণ্ড তথা উজনিত মিঞা মুছলমান বিৰোধী অভিযানৰ লগতে ৰাজ্যৰ শেহতীয়া আইন–শৃংখলা পৰিস্থিতিক লৈ বিৰোধীয়ে পৃথকে পৃথকে বিধানসভাত উত্থাপন কৰিছিল ৪টাকৈ সভা স্থগিত প্ৰস্তাৱ। ইয়াৰ পিছতে বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ সন্দৰ্ভত বিধানসভাৰ মজিয়াত গৃহ বিভাগৰ হৈ বিবৃতি দিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, জেদ কৰি মিঞা মুছলমান উজনিলৈ গ’লে সুৰক্ষা দিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে। খিলঞ্জীয়া ৰাইজৰ ইচ্ছাৰ বিৰুদ্ধে নাযাবলৈ মিঞা মুছলমানক আহ্বান মুখ্যমন্ত্ৰীৰ।

নগাঁও মৎস্য ব্যৱসায়ী সন্থাই উজনি অসমলৈ মাছৰ সৰবৰাহ বন্ধ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, মিঞা মুছলমানে খিলঞ্জীয়াৰ বিৰুদ্ধে ঘোষণা কৰিছে অৰ্থনৈতিক অৱৰোধ। ইয়াৰ বিৰুদ্ধে সকলোৱে সতৰ্কতাৰে আগবাঢ়িব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অভিযোগ, নামনি অসমত নিতৌ হিন্দু লোকক নিৰ্যাতন চলাইছে এটা বিশেষ সম্প্ৰদায়ে। বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰশ্ন নামনিৰ নিৰ্যাতিত হিন্দু লোকসকলক সুৰক্ষা দিব কোনে?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যক বিধানসভাৰ মজিয়াত উভতি ধৰে বিৰোধী বিধায়কসকলে। বিৰোধীৰ অভিযোগ– মুখ্যমন্ত্ৰীয়ে পক্ষপাতিত্বমূলক আচৰণ কৰিছে। বিৰোধীৰ অভিযোগৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীৰ মন্তব্য মই পক্ষ ল’মেই, আপোনালোকে যি কৰে কৰক।

বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধীৰ তুমূল বাকযুদ্ধৰ মাজতে মুখ্যমন্ত্ৰীৰ সকীয়নি, খিলঞ্জীয়াক দাবী-ধমকেৰে বশ কৰিব বিচাৰিলে পৰিৱেশ ঠিক নহ’ব। বাৰেবাৰে এনেদৰেই সৰৱ হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

শেহতীয়াকৈ শিৱসাগৰত মাৰোৱাৰী সম্প্ৰদায় আৰু একাংশ দল–সংগঠনৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈও বিধানসভাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ অভিযোগ এই ঘটনাৰ পিছতে মাৰোৱাৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত সৰৱ হৈ পৰিছিল বৰপেটা-নগাঁৱৰ একাংশ লোক। মুখ্যমন্ত্ৰীৰ এই অভিযোগকো উভতি ধৰিলে বিৰোধীৰ বিধায়কসকলে। বিৰোধীৰ অভিযোগ– মুখ্যমন্ত্ৰীয়ে দিছে ভুল তথ্য।

আনহাতে শিৱসাগৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী, বিৰোধী দলপতি, অখিল গগৈৰ তুমূল বাকযুদ্ধ। মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ– মাৰোৱাৰী লোকক কোনেও জোৰকৈ আঁঠু কঢ়োৱা নাছিল

বিধানসভাৰ মজিয়াত বিধায়ক অখিল গগৈক টাৰ্গেট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ– উজনিত মিঞা মুছলমানৰ বিৰুদ্ধে থিয় দিয়া দল-সংগঠনসমূহক নিজৰ সংগঠন বুলি দাবী কৰিছে অখিল গগৈয়ে

ইপিনে, বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধীৰ মাজত বাকযুদ্ধ চলি থকাৰ সময়তে কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই মুখ্যমন্ত্ৰীক সমৰ্থন কৰিবলৈ যোৱাত সৃষ্টি হয় আন এক হুলস্থূলীয়া পৰিৱেশৰ। বিৰোধীয়ে উভতি ধৰিলে কংগ্ৰেছ বিধায়ক কমলাক্ষক।

ইপিনে, বিধায়ক অখিল গগৈয়ে বাৰে বাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰাত বিধানসভাৰ অধ্যক্ষই বিধায়কজনৰ বিৰুদ্ধে গ্ৰহণ কৰে কঠোৰ পদক্ষেপ। কিছু সময়ৰ বাবে বিধায়ক অখিল গগৈক নিলম্বন অধ্যক্ষৰ।

Popular

More like this
Related

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ...

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত...