ৰাজ্যত এইবাৰ মৎস্য জেহাদ…

এইবাৰ মাছ…
ৰাজ্যত এইবাৰ মৎস্য জেহাদ আৰম্ভ হৈছে…

শিৱসাগৰত অনা-অসমীয়াৰ বিৰুদ্ধে আৰম্ভ হোৱা আন্দোলনে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ প্ৰৰোচনাত মিঞা বিৰোধী আন্দোলনৰ ৰূপ ল’লে। ধিঙৰ নাবালিকাৰ ধৰ্ষণ কাণ্ডই জ্বলা জুইত ঘিঁউ ঢালিলে। এসপ্তাহত মিঞাক শিৱসাগৰ এৰাৰ নিৰ্দেশ আটাছু, বীৰ লাচিত সেনাকে ধৰি শিৱসাগৰৰ ৩০টাকৈ জাতীয় সংগঠনৰ। সোমবাৰে শিৱসাগৰৰ মিঞা বিৰোধী অভিযানৰ পাৰ্শ্বক্ৰিয়া নগাঁৱত। নগাঁৱৰ পৰা উজনিলৈ মাছৰ ৰপ্তানী বন্ধ ঘোষণা। নগাঁৱৰ মিঞা সম্প্ৰদায়ৰ মীন পালক সন্থাৰ হুংকাৰ। উজনিত নিৰ্যাতিত মিঞালৈ প্ৰত্যক্ষ সমৰ্থন দি নগাঁৱৰ মিঞা মীন পালকে অনিৰ্দিষ্টকালৰ বাবে উজনিলৈ বন্ধ কৰিলে মাছৰ ৰপ্তানি।

নগাঁও জিলা মীন পালক সন্থাৰ এই মুকলি ঘোষণাত শিৱসাগৰত সোমবাৰে নিশাৰে পৰাই সৃষ্টি হ’ল প্ৰতিক্ৰিয়াৰ। জাতীয় সংগ্ৰামী সেনা আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাই নিশাই শিৱসাগৰত ক’লে- উজনিৰ ঘৰে ঘৰে আছে পুখুৰী, মাছৰ আকাল নাই। প্ৰয়োজনত উজনিৰ মানুহে নিৰামিষ খাব।

নগাঁৱৰ মিঞা মীন পালকৰ হুংকাৰৰ প্ৰতিটো শব্দ-বাক্য মঙলবাৰে পুৱাৰ ভাগলৈ উজনিৰ চুকে কোণে বিয়পি পৰিল। শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়ত দল সংগঠনে প্ৰকাশ কৰিলে তীব্ৰ প্ৰতিক্ৰিয়া। NKTVৰ সন্মুখলৈ আহি উজনিৰ থলুৱা মাছ ব্যৱসায়ীয়ে মুকলিকৈ ক’লে- মিঞা মীন পালকৰ সিদ্ধান্তই কোনো প্ৰভাৱ নেপেলায়। ব্যৱসায়ী-গ্ৰাহক কাৰো ওপৰতেই নপৰে প্ৰভাৱ। বিষয়টোক লৈ সামাজিক মাধ্যমতো হ’ল ব্যাপক চৰ্চা। এই সুযোগতে ৰাজ্যৰ মৎস্য উদ্যোগ দখলৰ পণ থলুৱা অসমীয়াৰ।

মিঞা পালকৰ সিদ্ধান্তক হাস্যকৰ আখ্যা নগাঁৱৰ থলুৱা মৎস্য পালকৰ। নগাঁৱৰ মাছৰ বজাৰ কেৱল সংখ্যালঘূৰ হাতত থকা বুলি হোৱা চৰ্চাকো নস্যাৎ চামগুৰিৰ থলুৱা মীন পালকৰ। নগাঁৱৰ ৫০% মৎস্য পালকেই থলুৱা। বাকী ৫০% মৎস্য পালকহে হেনো মিঞা সম্প্ৰদায়ৰ। মিঞা মীন পালকে নপঠিয়ালেও নগাঁৱৰ মাছ উজনিলৈ যাব। থলুৱা মীন পালকে উজনিলৈ পঠিয়াব লোকেল মাছ। এই সমগ্ৰ ঘটনাক্ৰমত লোকচান হ’ব কেৱল নগাঁৱৰ মিঞা মীন পালকৰ।

অৱশ্যে তাৰ মাজত মঙলবাৰেও নগাঁৱৰ মাছ গৈ শিৱসাগৰ পালেগৈ। মঙলবাৰে শিৱসাগৰত উপস্থিত হ’লগৈ নগাঁৱৰ পৰা যোৱা ৩ খনকৈ মাছভৰ্তি বাহন। ইয়াকলৈও শিৱসাগৰৰ দল সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া। মাছক লৈ নগাঁৱৰ মিঞা মীন পালক আৰু উজনিৰ জাতীয় সংগঠনৰ এই নতুন সংঘাতৰ পিছতে নগাঁৱৰ মিঞা মীন পালকক তীব্ৰ সকিয়নী বীৰ লাচিত সেনাৰ। উজনিৰ খিলঞ্জীয়াৰ বিৰুদ্ধে যোৱাৰ পৰিনাম ভয়ংকৰ হ’ব। উজনিলৈ মাছৰ ৰপ্তানি বন্ধ হ’লে নগাঁও-মৰিগাঁৱতো সংখ্যালঘূৰ মাছৰ বজাৰ বন্ধ কৰিব বীৰ লাচিত সেনাই। শীঘ্ৰে উজনি অসমবাসীক ক্ষমা খোজাৰ আহ্বান সংগঠনটোৰ।

মুঠৰ ওপৰত ৰাজ্যত সকলো প্ৰান্তত এতিয়া চৰম অৰাজকতা। যিয়ে যি মন গৈছে কৰি গৈছে। হাঁহি হাঁহি ৰং চাইছে চৰকাৰে। কাৰণ এই অৰাজকতাৰ মাজতে তল পৰি গৈছে ৰাজ্যৰ বিত্তীয় দুৰৱস্থা, নিবনুৱা সমস্যা, উন্নয়ন-বিকাশৰ দৰে মূল বিষয়বোৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...