কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰথমেই সলনি কৰিম ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম : গৌৰৱ গগৈ

বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত ক্ষোভিত হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। ছ’চিয়েল মিডিয়াত এই কাৰ্যৰ বিৰোধিতা কৰি সাংসদ গগৈয়ে কয়, – যেতিয়া অসম ৰাজ্যত পৰৱৰ্তী কংগ্ৰেছ চৰকাৰ গঠন হ’ব, প্ৰথম দিনাই আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম আঁতৰাবলৈ বিজেপি চৰকাৰৰ সিদ্ধান্ত বাতিল কৰিম। ভাৰতীয় সংস্কৃতিয়ে আমাক আৰ এছ আদৰ্শৰ বিপৰীতে শ্বহীদসকলক সন্মান কৰিবলৈ শিকায়।

উল্লেখ্য যে, বুধবাৰে ৰাজ্য চৰকাৰে প্ৰকাশ এক বিজ্ঞপ্তিত কোৱা হৈছে যে- আদিবাসী আৰু চাহ জনগোষ্ঠীৰ দাবীৰ প্ৰতি সন্মান জনাই কেবিনেট বৈঠকে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ নাম ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...