পত্নী আৰু কন্যাক প্ৰতিমাহে দিব লাগিব ৪ লাখ টকা; মহম্মদ ছামীক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

কলকাতা হাইকোৰ্টত উজুতি খাইছে ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীয়ে। তেওঁৰ প্ৰাক্তন পত্নী হাছিন জাহানৰ বাবে প্ৰতিমাহে ডেৰ লাখ টকা আৰু তেওঁলোকৰ কন্যাৰ বাবে প্ৰতিমাহে আঢ়ৈ লাখ টকা ভৰণপোষণৰ বাবে দিবলৈ নিৰ্দেশ দিয়া হৈছে। কন্যাৰ পঢ়া-শুনা বা অন্য প্ৰয়োজনৰ বাবে ছামীয়ে ইচ্ছা কৰিলে অধিক টকাও খৰচ কৰিব পাৰে। গাৰ্হস্থ্য হিংসাৰ গোচৰৰ নিষ্পত্তি নোহোৱালৈকে তেওঁ এই টকা দি যাব লাগিব। মঙলবাৰে এই নিৰ্দেশ জাৰি কৰিছে বিচাৰপতি অজয় কুমাৰ মুখোপাধ্যায়ে।

২০১৪ চনত মডেল আৰু অভিনেত্ৰী হাছিন জাহানৰ সৈতে ছামীৰ বিয়া হৈছিল। ২০১৫ চনত তেওঁলোকৰ কন্যাৰ জন্ম হয়। কিন্তু তেওঁলোকৰ দাম্পত্য জীৱন সুখৰ নহ’ল। ২০১৮ চনত যাদৱপুৰ থানাত ছামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে হাছিনে গাৰ্হস্থ্য হিংসাৰ অভিযোগ দাখিল কৰে। স্ত্ৰী নিৰ্যাতন, বিষ খুৱাবলৈ চেষ্টা, হত্যাৰ চেষ্টা, ধৰ্ষণৰ দৰে একাধিক অভিযোগ উত্থাপন কৰা হয় ছামীৰ বিৰুদ্ধে। হাছিনে বিবাহ বিচ্ছেদৰ বাবেও আদালতৰ দ্বাৰস্থ হয়। তেওঁ প্ৰ’টেকচন অৱ উইমেন ফ্ৰম ডমেষ্টিক ভায়লেন্স এক্ট ২০০৫ৰ অধীনত গোচৰ দাখিল কৰে। গোচৰৰ খৰচ আৰু অন্তৰ্বৰ্তীকালীন ভৰণপোষণৰ বাবে তেওঁ ১০ লাখ টকা দাবী কৰিছিল। নিজৰ বাবে প্ৰতিমাহে ৭ লাখ আৰু কন্যাৰ বাবে প্ৰতিমাহে ৩ লাখ টকা দাবী কৰিছিল। কিন্তু নিম্ন আদালতে তেওঁৰ এই আৱেদন গ্ৰহণ কৰা নাছিল। আলিপুৰ আদালতে কেৱল তেওঁৰ কন্যাৰ বাবে প্ৰতিমাহে ৮০,০০০ টকা দিবলৈ ছামীক নিৰ্দেশ দিছিল। পিছত জিলা বিচাৰকে সেই নিৰ্দেশ সংশোধন কৰি হাছিনৰ বাবেও প্ৰতিমাহে ৫০,০০০ টকা দিবলৈ নিৰ্দেশ দিছিল।

এই নিৰ্দেশৰ বিৰুদ্ধে হাছিনে হাইকোৰ্টৰ দ্বাৰস্থ হয়। তেওঁৰ আইনজীৱীয়ে কয় যে, হাছিনৰ মাহিলী আয় মাত্ৰ ১৬,০০০ টকা, যিটো তেওঁ বেংকত স্থায়ী আমানতৰ পৰা সুতৰ জৰিয়তে পায়। এই টকাৰে তেওঁ আৰু তেওঁৰ কন্যাৰ খৰচ চলোৱা সম্ভৱ নহয়। অথচ ছামীৰ সৈতে থকাৰ সময়ত তেওঁলোক ব্যয়বহুল জীৱনযাপনৰ অভ্যাসী হৈ পৰিছিল। ফলত তেওঁৰ প্ৰতিমাহে প্ৰায় ৬ লাখ টকা খৰচ হয়। আনহাতে, ছামীৰ ২০২০-২১ অৰ্থবৰ্ষৰ আয় আছিল প্ৰায় ৭.১৯ কোটি টকা। সামৰ্থ্য থকাৰ পিছতো তেওঁ টকা দিবলৈ অমান্তি বুলি অভিযোগ কৰা হয়।

ছামীয়ে উত্তৰত আদালতক জনায় যে, তেওঁৰ প্ৰাক্তন পত্নী এগৰাকী সফল মডেল আৰু অভিনেত্ৰী। তেওঁ বিজ্ঞাপনতো কাম কৰে আৰু তেওঁৰ মাহিলী আয় কমেও ৫ লাখ টকা। ইয়াৰ উপৰি তেওঁৰ বিভিন্ন বেংকতো যথেষ্ট আমানত আছে। তথ্য গোপন কৰাৰ অভিযোগো ছামীয়ে উত্থাপন কৰে।

হাইকোৰ্টে ছামীৰ যুক্তি খাৰিজ কৰি দিয়ে। গোচৰৰ নিষ্পত্তি নোহোৱালৈকে ছামীক অন্তৰ্বৰ্তীকালীন ভৰণপোষণৰ বাবে প্ৰতিমাহে ৪ লাখ টকা দিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে নিম্ন আদালতক মূল গোচৰটো ৬০ দিনৰ ভিতৰত নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...