চৰকাৰী লুণ্ঠন নে আন কিবা! অসমত তেলৰ দাম কিয় কমা নাই জানেনে?

অত্যধিক কৰৰ বাবেই আজিও হ্ৰাস নাপালে পেট্ৰ’ল–ডিজেলৰ দাম। গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লত আজিৰ তাৰিখত দাম হৈছে ১০৫.৬৬ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম হৈছে ৯১.৪৬ টকা। গুৰুত্বপূৰ্ণ কথাটো হ’ল আন্তৰ্জাতিক বজাৰত খাৰুৱে তেলৰ দাম কিন্তু হ্ৰাস পাইছে। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস পোৱাৰ পিছতো চৰকাৰী লুণ্ঠনৰ বাবেই আজিলৈ দাম নকমিল পেট্ৰ’ল–ডিজেলৰ। আন্তৰ্জাতিক বজাৰত প্ৰতি বেৰল খাৰুৱা তেলৰ দাম ১৪০ মাৰ্কিন ডলাৰৰ পৰা ১০৬ মাৰ্কিন ডলাৰলৈ হ্ৰাস পাইছে। সেই অনুসৰি হ্ৰাস পাব লাগিছিল পেট্ৰ’ল–ডিজেলৰ দামো। কিন্তু চৰকাৰে লৈ থকা কৰৰ বাবেই দাম নকমিল পেট্ৰ’ল –ডিজেলৰ। প্ৰতিলিটাৰ পেট্ৰলত ৫১ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ৪০ টকা গ্ৰাহকে কৰৰ নামত ভৰিবলগীয়া হৈছে। তথ্য অনুসৰি গুৱাহাটীত বিক্ৰী হোৱা প্ৰতিলিটাৰ পেট্ৰলত কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক হিচাপে ২৭.৯০ টকা আৰু ৰাজ্য চৰকাৰে ভেট হিচাপে ২২.৬৬ টকা লাভ কৰে। সেইদৰে প্ৰতিলিটাৰ ডিজেলত কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক হিচাপে ২১.৮০ টকা আৰু ৰাজ্য চৰকাৰে ভেট হিচাপত ১৭.৪৫ টকা লাভ কৰে। এনেদৰে কৰৰ নামত বৃহৎ অংকৰ ধন লাভ কৰাৰ বাবে চৰকাৰে পেট্ৰ’ল–ডিজেলৰ দাম হ্ৰাস কৰাৰ চিন্তা নকৰে। যাৰ ফল ভোগ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...