কেমেৰাৰ সন্মুখত জোনমণি ৰাভাৰ মাতৃৰ একাধিক বিস্ফোৰণ

আৰক্ষীৰ ওপৰতে বিশ্বাস নাই জোনমণি ৰাভাৰ পৰিয়ালৰ। বাৰে বাৰে একাধিক অভিযোগ উত্থাপন কৰিছে জোনমণি ৰাভাৰ মাতৃয়ে। মাতৃৰ মতে ঘৰৰ পৰা মাতি নি জোনমণিক হত্যা কৰা হৈছে, পৰিকল্পিতভাৱে। OC, SP, DSPৰ বিৰুদ্ধেও ভয়ংকৰ অভিযোগ জোনমণিৰ মাতৃৰ। ক্ৰমাত ৰহস্যঘন হৈ পৰিছে নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ আই চি জোনমণি ৰাভাৰ ৰাজপথৰ মৃত্যুৰ বিষয়টো। তদন্তইহে ক’ব, এই ঘটনাত কেঁচু খান্দোতে ওলাই পৰা প্ৰতিডাল সাপৰ বিষ কিমান।

জোনমণিৰ মৃত্যু প্ৰকৃততে এটা ‘অ’পেন এণ্ড ছাট কেচ’ হয়নে?
কিয় বাৰে বাৰে ভিন্ন অভিযোগ আনিছে জোনমণিৰ মাতৃয়ে?
কেমেৰাৰ সন্মুখত জোনমণি ৰাভাৰ মাতৃৰ একাধিক বিস্ফোৰণ
এয়া দুৰ্ঘটনা নহয়! এয়া পৰিকল্পিত হত্যাকাণ্ড

জোনমণিৰ মৃত্যুৰ পিছত তিনিটা প্ৰশ্নৰ অৱতাৰণা হৈছে। হত্যা, আত্মহত্যা নে দুৰ্ঘটনা? প্ৰশ্ন হৈছে জোনমণি ৰাভাক কোনোবাই ব্যৱহাৰ কৰিছিল নেকি? শক্তিশালী চক্ৰৰ বলি হ’ল নেকি জোনমণি। মানসিক হেঁচা আৰু নিৰ্যাতন লগতে আৰক্ষীৰ শীৰ্ষ মহলৰ পৰা কিবা ধমক পাইছিল নেকি জোনমণিয়ে? আৰক্ষী সঞ্চালক প্ৰধানে ইতিমধ্যে চিআইডিৰ তদন্তৰ নিৰ্দেশ দিছে। কিন্তু আৰক্ষীৰ ওপৰতে বিশ্বাস নাই জোনমণি ৰাভাৰ পৰিয়ালৰ। পৰিয়ালৰ মতে-
‘SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CIDক নহয়, CBIক দিয়ক’
ঘৰৰ পৰা মাতি নি জোনমণিক পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ
OC, SP, DSPৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ জোনমণিৰ মাতৃৰ

কেৱল সিমানেই নহয়, জোনমণিৰ দুটা ম’বাইলৰ এটাহে উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আন এটা ম’বাইল উদ্ধাৰ নোহোৱাক লৈও প্ৰশ্ন পৰিয়ালৰ। ৰাজা ইৰ্শ্বাদ নামৰ এজন প্ৰতিৱেশী আৰক্ষীয়ে কল ডিটেইল ডিলিট কৰাৰ অভিযোগ। ৰাজা আৰু ৰাজাৰ পত্নীক তদন্তৰ আওতালৈ অনাৰ দাবী জোনমণিৰ পৰিয়ালৰ।

এনে বহু অভিযোগৰ মাজতে ৰাজ্যজুৰি চৰ্চা চলি থকা এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গা সৰা মন্তব্য। সমগ্ৰ অসমবাসীয়ে ৰহস্যৰ গোন্ধ পোৱা বিষয়টোত কিয় বিশেষ আগ্ৰহী নহয় মুখ্যমন্ত্ৰী, সেইলৈও এতিয়া ৰহস্য। SP, DCয়ে বিষয়টো চাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

আজি জোনমণি ৰাভাৰ শোকসন্তপ্ত পৰিয়ালৰ কাষত উপস্থিত হলগৈ কংগ্ৰেছৰ এটা সঁজাতি দল। উপস্থিত হ’লগৈ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈও।

এনেকৈয়ে ক্ৰমাত ৰহস্যঘন হৈ পৰিছে নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ আই চি জোনমণি ৰাভাৰ ৰাজপথৰ মৃত্যুৰ বিষয়টো। সামজিক মাধ্যমতো সৰৱ চৰ্চা। বিষয়টোৰ প্ৰকৃত তদন্ত লাগে। এতিয়া সঠিক তদন্তইহে ক’ব, এই ঘটনাত কেঁচু খান্দোতে ওলাই পৰা প্ৰতিডাল সাপৰ বিষ কিমান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...