পৰিকল্পিত হত্যাৰ বলি হৈছিল নেকি জোনমণি ৰাভা?

0 4,334

ক্ৰমাৎ অধিক গভীৰতালৈ সোমাই পৰিছে জখলাবন্ধাত মংগলবাৰে নিশা প্ৰাণঘাতী দুৰ্ঘটনাত নিহত নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ IC জোনমণি ৰাভাৰ মৃত্যু ৰহস্য। অভিযোগ উঠিছে জোনমণিৰ পৰিকল্পিত হত্যাৰ। কিন্তু সমগ্ৰ ঘটনাক বাৰে বাৰে নতুন মোৰ দিছে জোনমণিৰ লখিমপুৰ সংযোগে। বঙালমৰাৰ জালনোট আৰু নকল সোণৰ চক্ৰৰ সৈতে কি সম্পৰ্ক আছিল জোনমণি ৰাভাৰ? প্ৰয়াত জোনমণিৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ সঁচানে? জোনমণিৰ সৈতে কেনেকৈ সাঙোৰ খালে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, নাওবৈচাৰ IC আৰু বঙালমৰাৰ হাছিনা বেগমৰ নাম? সকলো তথ্য উদ্ঘাটনৰ বাবে ইতিমধ্যেই লখিমপুৰত উপস্থিত হৈছে CIDৰ তদন্তকাৰী দল।

প্ৰথমে বঙালমৰাৰ হাছিনা বেগমৰ এটা সাক্ষাৎকাৰ। নাওবৈছাৰ IC য়ে ভাবুকি দিছিল জোনমণিক। জোনমণিক ৬ লাখ টকা দাবী কৰিছিল সঞ্জীৱ বৰাই।

তাৰ পিছত হাছিনা বেগমৰ এটা টেলিফোনিক বাৰ্তালাপ। ফোনৰ ইটো মূৰত লখিমপুৰৰ পৰা বিগত ৯ মে’ত বদলিৰ নিৰ্দেশ পোৱা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগ। বদলিৰ পিছত এসপ্তাহে চকী এৰা নাই আৰক্ষী বিষয়াগৰাকীয়ে।

লখিমপুৰ বঙালমৰাৰ হাছিনা বেগম নামৰ মহিলাগৰাকী এতিয়াও ক্ষান্ত হোৱা নাই। সংবাদ মাধ্যমত ইটোৰ পিছত সিটো বিস্ফোৰক মন্তব্য হাছিনাৰ। হাছিনাৰ মুখত বাৰে বাৰে নাওবৈছা আৰক্ষী চকীৰ IC সঞ্জীৱ বৰাৰ নাম। এইজন অভিযুক্ত সঞ্জীৱ বৰা।

কিন্তু হাছিনা বেগমৰ এই অভিযোগ অস্বীকাৰ কৰিছে নাওবৈছা আৰক্ষী চকীৰ IC সঞ্জীৱ বৰাই। লখিমপুৰ সদৰ থানাত জোনমণিৰ বিৰুদ্ধে দাখিল হোৱা এজাহাৰত ৬মে’ত জিলাখনৰ ২নং বৰছলাত জোনমণিয়ে চলোৱা এক ৰহস্যজনক অভিযানৰ কথা কোৱা হৈছে। IC সঞ্জীৱ বৰাৰ মতে জোনমণিয়ে অভিযানৰ কথা নাওবৈছা আৰক্ষীক জনোৱা নাছিল। ৬ লাখ টকা ধন দাবীৰ অভিযোগো মিছা বুলিলে IC বৰাই।

অভিযোগ-প্ৰতি অভিযোগৰ এই প্ৰক্ৰিয়া চলি থকাৰ মাজতে NKTVৰ হাতত পৰিছে CC কেমেৰাত আৱদ্ধ কিছু দৃশ্য। প্ৰয়াত SI জোনমণি ৰাভাই ৬মে’ৰ নিশা ২নং বৰছলাত আজগৰ আলিৰ ঘৰত চলোৱা অভিযানৰ CC কেমেৰাৰ দৃশ্য এয়া। পুৱতি নিশা ২ বাজি ৫৭ মিনিটত সোমাই গৈছিল ৩ খন গাড়ী। আৰু ৩ বাজি ৪৫ মিনিটত ওলাই আহিছিল গাড়ীকেইখন। জোনমণিৰ বিৰুদ্ধে দাখিল হোৱা এজাহাৰত আছিল– এখন ব্ৰীজ গাড়ী লৈ উধাও হৈছিল জোনমণি। কিন্তু CC কেমেৰাত সেই কথা স্পষ্ট হোৱা নাই। ৩ খন গাড়ীয়ে সোমাইছিল, ৩ খন গাড়ীয়ে ওলাই গৈছিল।

জোনমণিৰ এই লখিমপুৰ কানেকশ্যনৰ সৈতে জড়িত হৈ আছে লখিমপুৰৰ বঙালমৰাৰ ঘৰে ঘৰে চলি থকা জাল নোট আৰু নকল সোণৰ চক্ৰ। সেই চক্ৰৰ বিৰুদ্ধেই অভিযান চলাইছিল জোনমণিয়ে। কিন্তু নগাঁৱত কৰ্মৰত জোনমণিয়ে কাকো নোকোৱাকৈ কিয় গৈছিল লখিমপুৰলৈ। কথাবোৰ এতিয়াও ৰহস্যৰ আৱৰ্তত।

জোনমণিৰ মৃত্যুৰ পিছত ঘৰত কিয় চলিছিল আৰক্ষীৰ অভিযান?

জোনমণিৰ মাকৰ মুখত কিয় বাৰম্বাৰ SPৰ কথা?

কাৰোবাৰ আক্ৰোশৰ বলি হৈছিল নেকি জোনমণি? দুৰ্ঘটনাৰ সময়ৰ ফটো দেখি বাৰম্বাৰ ৰাইজৰ মনলৈ আহিছে এই প্ৰশ্ন। জোনমণিৰ বাহনৰ সন্মুখভাগৰ ধ্বংস হৈ গৈছে। কিন্তু গাড়ীৰ ভিতৰত নাই তেজৰ চেকুৰা। অথচ জোনমণিৰ কপাঁলতে ভয়ংকৰ আঘাতৰ চিন। পৰিয়ালৰ সন্দেহ– কোনোবাই ৰডেৰে মৰিয়াই হত্যা কৰিছে জোনমণিক।

আচৰিত ধৰণে এনে এটা ভয়ংকৰ দুৰ্ঘটনাৰ পিছত এই পৰ্যন্ত সন্ধান নাই ট্ৰাকচালক জনৰ। ক’লৈ গ’ল ট্ৰাকচালক জন? নিশা ১ বজাত কোনে মাতি পঠিয়াইছিল জোনমণিক? একাধিক উত্তৰবিহীন প্ৰশ্নৰে অধিক ৰহস্যঘন হৈ পৰিছে SI জোনমণি ৰাভাৰ মৃত্যুৰ কাহিনী।

এই কাহিনীৰ ৰহস্য উদ্ঘাটনৰ বাবেই গুৱাহাটীৰ পৰা ৰাওনা হৈছে CIDৰ দল। বুধবাৰে প্ৰথমে জখলাবন্ধাৰ ঘটনাস্থলী পৰিদৰ্শন CIDৰ তদন্তকাৰী দলৰ। তাৰ পৰা লখিমপুৰ সদৰ থানাত ৰুজু হৈ থকা ১৮৩/২৩ নম্বৰৰ গোচৰটোৰ সকলো তথ্য-প্ৰমাণ চমজি ল’ব CIDৰ দলটোৱে।

Leave A Reply

Your email address will not be published.