চৰকাৰে কিয় নিবিচাৰে যে আপুনি ACৰ উষ্ণতা ২০ ডিগ্ৰী চেলছিয়াছতকৈ কম কৰক…চৰকাৰৰ নতুন নিয়ম কি?

গৰম বৃদ্ধিৰ লগে লগে এয়াৰ কণ্ডিচনাৰৰ (AC) ৰিম’টৰ তাপমাত্ৰা কমোৱা বুটামৰ ওপৰত চাপ বাঢ়িবলৈ ধৰিছে। ৰাস্তা-ঘাটৰ পৰা ঘামি-জামি ঘৰলৈ ঘূৰি আহি মানুহে হিমশীতল কোঠাৰ শান্তি বিচাৰিছে। তাৰ বাবে ACৰ তাপমাত্ৰা কেতিয়াবা ১৭ বা ১৮ ডিগ্ৰীলৈকে ঠেলি দিছে। এই হিমশীতল পৰিৱেশে শৰীৰক শীতল কৰি মনকো স্বস্তি দিছে। কিন্তু এই সুখানুভৱত এইবাৰ বাধা দিবলৈ গৈ আছে চৰকাৰ।

কেন্দ্ৰীয় নগৰোন্নয়ন মন্ত্ৰী মনোহৰ লাল খাট্টৰে জনাইছে যে, ইচ্ছামতে ACৰ তাপমাত্ৰা কমোৱা বা বঢ়োৱাৰ স্বাধীনতা আৰু থাকিব নোৱাৰিব। শীঘ্ৰেই কেন্দ্ৰই ACৰ সৰ্বনিম্ন আৰু সৰ্বোচ্চ তাপমাত্ৰাৰ সীমা নিৰ্ধাৰণ কৰিবলৈ গৈ আছে। এই বিষয়ে এখন কেন্দ্ৰীয় নিৰ্দেশিকাও জাৰি কৰা হ’ব।

গৰমৰ পাৰাস্তম্ভ ক্ৰমশঃ বাঢ়িবলৈ আৰম্ভ কৰিছে। ইফালে, উত্তৰ ভাৰতজুৰি তাপপ্ৰৱাহৰ সতৰ্কবাৰ্তাও জাৰি কৰা হৈছে। এই পৰিস্থিতিৰ মাজতে চৰকাৰে ACৰ সৰ্বনিম্ন তাপমাত্ৰা নিয়ন্ত্ৰণৰ ঘোষণা কৰিছে। মন্ত্ৰীজনে জনাইছে যে, বাতানুকূল যন্ত্ৰৰ তাপমাত্ৰা ২০ ডিগ্ৰীৰ তলত বা ২৮ ডিগ্ৰীৰ ওপৰত ৰাখিব নোৱাৰিব। এই নিয়ম কেৱল ঘৰ, কাৰ্যালয় বা বাণিজ্যিক ক্ষেত্ৰৰ বাবেই নহয়, গাড়ীৰ ভিতৰত চলোৱা ACৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। চৰকাৰে পৰীক্ষামূলক এই নিৰ্দেশিকা শীঘ্ৰেই জাৰি কৰিবলৈ স্থিৰ কৰিছে।

সাধাৰণতে ACৰ তাপমাত্ৰা সৰ্বনিম্ন ১৬ ডিগ্ৰীলৈ নমাই আৰু সৰ্বোচ্চ ৩০ ডিগ্ৰীলৈ বঢ়াব পৰা যায়। নতুন নিয়ম কাৰ্যকৰী হ’লে এইটো কেনেকৈ নিয়ন্ত্ৰণ কৰা হ’ব, সেয়া মন্ত্ৰীয়ে স্পষ্ট কৰা নাই। তেওঁ কেৱল জনাইছে যে, পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰি বিদ্যুত ৰাহি কৰাও এটা ডাঙৰ কাৰণ।

বিদ্যুতৰ খৰছ কম কৰাৰ বাবে ACৰ ‘ষ্টেণ্ডাৰ্ড’ তাপমাত্ৰা ২৪ ডিগ্ৰীত ৰাখিবলৈ ব্যুৰো অৱ এনাৰ্জি এফিচিয়েন্সি (BEE)য়ে পৰামৰ্শ দিয়ে। ২০২০ চনত BEEয়ে এই বিষয়ে এখন জাননী জাৰি কৰিছিল, য’ত ACৰ তাপমাত্ৰা ২৪ ডিগ্ৰী চেলছিয়াছত ৰাখিবলৈ কোৱা হৈছিল। BEEৰ মতে, বিদ্যুত সৰ্বাধিক ৰাহি কৰিবলৈ ACৰ তাপমাত্ৰা ২৪-২৫ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত ৰখাটো উচিত। তাপমাত্ৰা যিমান তললৈ নমোৱা হ’ব, বিদ্যুতৰ খৰচ সিমানেই বাঢ়িব। প্ৰতি এটা ডিগ্ৰী তাপমাত্ৰা বৃদ্ধিত ৬ শতাংশ বিদ্যুৎ ৰাহি হয়। সেই হিচাপত ১৭-১৮ ডিগ্ৰীৰ সলনি ২৪ ডিগ্ৰীত AC চলিলে অন্ততঃ ৩৬ শতাংশ বিদ্যুৎ ৰাহি হ’ব। চৰকাৰৰ মতে, এনেদৰে ভাৰতত বছৰি ১০০০ কোটি ইউনিট বিদ্যুৎ ৰাহি হ’ব। ইয়াৰ ফলত বিদ্যুৎ ৰাহিৰ হোৱাৰ লগতে কাৰ্বন নিৰ্গমন কমি পৰিৱেশ প্ৰদূষণো হ্ৰাস পাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...