ৰে’ল যাত্ৰাৰ ২৪ ঘণ্টাৰ পূৰ্বেই গম পোৱা যাব ৱেইটিং লিষ্টৰ টিকট নিশ্চিত হৈছে নে নাই…

এতিয়ালৈকে ৱেইটিং লিষ্টৰ টিকট নিশ্চিত হৈছে নে নাই, সেয়া জানিবলৈ ট্ৰেইন এৰাৰ ৪ ঘণ্টাৰ আগলৈ অপেক্ষা কৰিব লাগিছিল। কিন্তু এইবাৰ ভাৰতীয় ৰে’লে এই নিয়ম সলনি কৰিব বিচাৰিছে। ৪ ঘণ্টাৰ সলনি, ট্ৰেইন এৰাৰ ২৪ ঘণ্টাৰ আগতেই নিশ্চিত আসনৰ তালিকা প্ৰকাশ কৰা হ’ব। এই বিষয়ে কাম আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে।

দীঘলীয়া যাত্ৰা হওক বা মধ্যম দূৰত্বৰ— সুবিধাজনকভাৱে যাতায়াতৰ বাবে বহুতেই আগতীয়াকৈ টিকট কাটে। দুমাহ আগৰে পৰাই যাত্ৰীয়ে সংৰক্ষিত টিকট কাটিব পাৰে। বহু ট্ৰেইনৰ ক্ষেত্ৰত বুকিং আৰম্ভ হোৱাৰ কেইঘণ্টামান বা কেইদিনমানৰ ভিতৰতেই টিকট শেষ হৈ যায়। তাৰ পিছত ৱেইটিং লিষ্ট দীঘলীয়া হ’বলৈ ধৰে। এতিয়ালৈকে ট্ৰেইন এৰাৰ ৪ ঘণ্টা আগত ৱেইটিং লিষ্টৰ যাত্ৰীয়ে জানিব পাৰিছিল যে তেওঁলোকৰ টিকট নিশ্চিত হৈছে নে নাই। যাত্ৰীসকলৰ অভিযোগ, মাত্ৰ ৪ ঘণ্টা আগত জানিব পাৰিলে শেষ মুহূৰ্তত বিকল্প ব্যৱস্থা কৰাটো সম্ভৱ নহয়। বহু সময়ত পৰিকল্পনা বাতিল কৰিবলগীয়া হয়।

যাত্ৰীসকলৰ এনে বিভিন্ন অভিযোগৰ সমাধানৰ বাবে ভাৰতীয় ৰে’ল বিভাগে এইবাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ২৪ ঘণ্টাৰ আগতে নিশ্চিতকৰণ তালিকা প্ৰকাশৰ চিন্তা-চৰ্চা আৰম্ভ হৈছে। সূত্ৰৰ খবৰ অনুসৰি, ৰাজস্থানৰ বিকানেৰ বিভাগত পৰীক্ষামূলকভাৱে এই বিষয়ত কাম চলি আছে। এই বিভাগৰ এখন ট্ৰেইনৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে। এতিয়ালৈকে এই নতুন নিয়মত কোনো সমস্যা হোৱা নাই বুলি ৰে’লৰ সূত্ৰই জনাইছে। ৰে’ল কৰ্তৃপক্ষৰ দাবী, বিকানেৰ বিভাগত আৰু কেইবাসপ্তাহ এই নিয়ম পৰীক্ষামূলকভাৱে চলিব। তাৰ পিছত ইয়াক দেশজুৰি প্ৰৱৰ্তন কৰিব পৰা যাব নে নাই, তাৰ ওপৰত সিদ্ধান্ত লোৱা হ’ব।

ভাৰতীয় ৰে’ল বিভাগ দেশব্যাপী এই নিয়ম প্ৰৱৰ্তন কৰিলে কোটি কোটি যাত্ৰী উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে। ২৪ ঘণ্টাৰ আগতেই যদি যাত্ৰীয়ে জানিব পাৰে যে, তেওঁলোকৰ টিকট নিশ্চিত হোৱা নাই, তেন্তে বিকল্প ব্যৱস্থা কৰাত সুবিধা হ’ব। জানিব পৰা গৈছে, গত ২১ মে’ত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিকানেৰ ষ্টেচন পৰিদৰ্শন কৰিবলৈ গৈছিল। সেই সময়ত ষ্টেচনৰ কৰ্তৃপক্ষই টিকট নিশ্চিতকৰণৰ এই নতুন বিষয়ৰ বিষয়ে তেওঁক অৱগত কৰে। ৰে’লমন্ত্ৰীয়ে এই প্ৰস্তাৱত সন্মতি দিয়াৰ পিছতেই পৰীক্ষামূলকভাৱে এই কাম আৰম্ভ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...