কিয় বাৰে বাৰে বিতৰ্কত সোমাই পৰে HAMM হাস্পতাল?

0 574

অসমত বহিৰাগতৰ দপদপনি নতুন কথা নহয়। অসমতে থাকি, অসমীয়া ভাষাৰ ওপৰত একাংশৰ বিদ্বেষো কোনো নতুন কথা নহয়। এটা সময়ত বদৰুদ্দিন আজমল তনয় চিৰাজুদ্দিন আজমলে অসমীয়া ভাষাক অপমান কৰা ঘটনা হয়তো আপোনাৰ মনত আছে। এইবাৰ পুনৰ হোজাইস্থিত আজমলৰ HAMM হাস্পতালত অসমীয়া বিদ্বেষ। হাস্পতাল কৰ্তৃপক্ষৰ উপৰ্যুপৰি প্ৰহাৰ ৰোগী-আত্মীয়ক। মুখত অশ্লীল শব্দ, চূড়ান্ত অসভ্যালি এজন বহিৰাগত চিকিৎসকৰ।

এখন হাস্পতাল কৰ্তৃপক্ষই উপৰ্যুপৰি প্ৰহাৰ কৰিছে ৰোগী-আত্মীয়ক। মুখত অশ্লীল শব্দ, চূড়ান্ত অসভ্যালি এজন বহিৰাগত চিকিৎসকৰ। কেৱল NKTVৰ হাতত এই বিশেষ VISUAL। হাস্পাতালত চৌহদত সৃষ্টি হৈছে হুলস্থূলীয়া পৰিৱেশৰ। এই সমূহ ঘটনাৰ মূল কাৰণ কি আপুনি জানেনে?

অসমীয়া কোৱাৰ বাবেই এই ব্যৱহাৰ ৰোগীক!
আজমলৰ হোজাইৰ HAMM হাস্পাতালত কি অসমীয়া কোৱা বাৰণ?
কিয় বাৰে বাৰে বিতৰ্কত সোমাই পৰে HAMM হাস্পাতাল?
HAMM হাস্পতালত চলে নেকি বহিৰাগতৰ দপদপনি?

বাৰে বাৰে বিতর্ক। স্থান একেটাই। হোজাইৰ HAMM হাস্পাতাল। উল্লেখযোগ্য যে হোজাই পুৰণা বজাৰস্থিত হাজি আব্দুল মাজিদ মেমৰিৱেল চুমুকৈ (HAMM) হাস্পাতাললৈ অনা হৈছিল এজন ৰোগী। ৰোগীৰ আত্মীয়ই HAMM হাস্পাতালৰ চিকিৎসকজনৰ ওচৰত অসমীয়া কথা কোৱাৰ বাবেই এই প্ৰচণ্ড মাৰপিতৰ ঘটনা সংঘটিত হয়। বিহাৰৰ শচীন কুমাৰ য়াদৱ নামৰ চিকিৎসকজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আত্মীয় তথা পৰিয়ালবৰ্গৰ। অসমীয়াত কথা কোৱাৰ বাবেই অশ্লীল গালি গালাজৰ ওপৰিও মাৰপিতৰ অভিযোগ চিকিৎসকজনৰ বিৰুদ্ধে।

বদৰুদ্দিন আজমল অথবা চিৰাজুদ্দিন আজমলৰ বিৰুদ্ধে অসমীয়া বিদ্বেষৰ অভিযোগ আনি ৰোগীৰ আত্মীয়ৰ প্ৰশ্ন যে আজমলৰ হাস্পাতালত সেই একেই প্ৰভাৱেই পৰিছেনেকি। অসমত অসমীয়া কব নোৱাৰা এয়া কেনেধৰণৰ নীতি। বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো দাবী কৰিলে ভুক্তভোগীয়ে। ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীত গোচৰ ৰুজু কৰা হৈছে। HAMM হাস্পাতাল কাণ্ডৰ ক্ষেত্ৰত উপযুক্ত আইনী ব্যৱস্থা লবলৈকে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান GP SINGH-এ টুইটাৰ হেণ্ডেল Xযোগে হোজাই আৰক্ষীলৈ টুইট কৰিছে। গতিকে বিষয়টোৰ এক গতি লাগিব বুলি আশা কৰিছে ভুক্তভোগী আত্মীয়ই। কিন্তু অসমৰে এখন হাস্পাতালত অসমীয়া কোৱাৰ বাবেই এই হট্টগোল হোৱাৰ বিষয়টোক লৈ চিন্তিত হৈছে সচেতন সমাজ।

Leave A Reply

Your email address will not be published.