এক প্ৰত্যাশা, এক সুসংবদ্ধ চিন্তা আৰু প্ৰক্ষেপণ

ছবি কেৱল বিনোদনৰে সাধন নহয়। এক প্ৰণালীবদ্ধ অধ্যয়নৰ দ্বাৰা কিছু বিশ্ববিখ্যাত ছবি নিৰ্মাতাই সময়ে সময়ে দৰ্শকক উপহাৰ দি গৈছে কোনো বিশেষ সময়ৰ স্বাক্ষৰ বহনকাৰী কিছু চিনেমা। সেই চিনেমা চিৰসেউজ। সেই চিনেমাই বহন কৰে ইতিহাসৰ জীয়া পৃষ্ঠা। তেনে চিনেমাকেই উত্সাহ প্ৰদান কৰি একাডেমি এৱাৰ্ডছে আগবঢ়াই আহিছে অস্কাৰ। এইবাৰো অস্কাৰৰ মঞ্চত শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে তেনে চিনেমা, অভিনেতা-অভিনেত্ৰী আৰু আন কলা-কুশলীসকলে। ৭ টা বিভাগত কৃতিত্ব অৰ্জন ক্ৰিষ্টোফাৰ ন’লানৰ ছবি ‘অপেনহেইমাৰ’ৰ।

এক প্ৰত্যাশা, এক সুসংবদ্ধ চিন্তা আৰু প্ৰক্ষেপণ
সেই অনুসাৰেই আশানুৰূপ ফলাফল
৯৬ সংখ্যক অস্কাৰ : ‘অপেনহেইমাৰ’লৈ শ্রেষ্ঠ ছবিৰ অস্কাৰ
৭ টা বিভাগত কৃতিত্ব অৰ্জন ‘অপেনহেইমাৰ’ৰ
পৰিচালক ক্ৰিষ্টোফাৰ ন’লানলৈ শ্রেষ্ঠ পৰিচালকৰ অস্কাৰ
‘পিকি ব্লাইণ্ডাৰ্ছ’ খ্যাত কিলিয়ান মাৰ্ফিলৈ শ্রেষ্ঠ অভিনেতাৰ সন্মান

এক প্ৰত্যাশা, এক সুসংবদ্ধ চিন্তা আৰু প্ৰক্ষেপণ। সেই অনুসাৰেই আশানুৰূপ ফলাফল। অস্কাৰৰ খবৰ দিব বিচাৰিছোঁ। মুক্তিৰ পিছৰে পৰা প্ৰতিজন চলচিত্ৰপ্ৰেমীৰ মন মগজুত এক সুকীয়া স্থান দখল কৰা এখন ছবি। ‘অপেনহেইমাৰ’।

৯৬ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত ‘অপেনহেইমাৰ’লৈ শ্রেষ্ঠ ছবিৰ অস্কাৰ
১৩ টা বিভাগত মনোনীত হৈ ৭ টা বিভাগত কৃতিত্ব অৰ্জন ‘অপেনহেইমাৰ’ৰ
পৰিচালক ক্ৰিষ্টোফাৰ ন’লানলৈ শ্রেষ্ঠ পৰিচালকৰ অস্কাৰ
‘পিকি ব্লাইণ্ডাৰ্ছ’ খ্যাত কিলিয়ান মাৰ্ফিলৈ শ্রেষ্ঠ অভিনেতাৰ সন্মান
শ্রেষ্ঠ সহঃ অভিনেতাৰ অস্কাৰ ৰ’বাৰ্ট ডৌনি জুনিয়ৰলৈ
শ্রেষ্ঠ সহঃ অভিনেত্ৰীৰ অস্কাৰ ডিভাইন জয় ৰেণ্ডলফলৈ
DOP ভ্যান হোৱেতেমালৈ শ্ৰেষ্ঠ চিনেমেট’গ্রাফীৰ অস্কাৰ
সম্পাদনাৰ বাবে শ্ৰেষ্ঠত্ব অৰ্জন জেনিফাৰ লেমৰ

আৱহ সংগীতত শ্ৰেষ্ঠত্ব অৰ্জন লুডভিগ গোৰানছানৰ

উল্লেখ্য যে বিগত সময়ছোৱাত বিভিন্ন আন্তৰ্জাতিক মঞ্চত বিভিন্ন পুৰস্কাৰেৰে বিভূষিত হৈছে ক্ৰিষ্টোফাৰ ন’লান পৰিচালিত ছবি ‘অপেনহেইমাৰে’। অনুৰূপধৰণেই লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত ৯৬ সংখ্যক অস্কাৰ অৰ্থাত একাডেমি এৱাৰ্ডছৰ মঞ্চতো একাধিক খিতাপ অৰ্জন কৰে ছবিখনে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ আমেৰিকাৰ লছ এলামছ লেবৰেটৰিৰ অধিকাৰী আছিল পদার্থবিদ তথা ‘পৰমাণু বোমাৰ জনক’ জে ৰবার্ট অপেনহেইমা। তেওঁৰ জীবন আৰু ‘ম্যানহাটান প্রজেক্ট’-ত তেওঁৰ ভূমিকাই হৈছে এই ছবিৰ মূল উপজীব্য। একাধিক বাৰ মনোনয়ন লাভ কৰিলেও বিশ্ববিখ্যাত ছবি পৰিচালক ক্ৰিষ্টোফাৰ ন’লানে প্ৰথমবাৰলৈ লাভ কৰিলে অস্কাৰ। পত্নীক আলিংগন কৰি বঁটা গ্ৰহণ কৰি নলানে কলে- ‘চিনেমাৰ ইতিহাস মাত্র এশ বছৰতকৈ কিছু বেছি। ইয়াৰ পিছত কি হব আমি নাজানো। কিন্তু আমিও যে এই ইতিহাসৰে এক অর্থপূর্ণ অংশ, সেই উপলব্ধি আমাৰ বাবে অতিকৈ গুৰুত্বপূর্ণ।’

এক গুৰুত্বপূৰ্ণ নাম ভূমিকাত অভিনয়ৰ দ্বাৰা অস্কাৰ জিনিবলৈ সক্ষম হোৱা কিলিয়ান মাৰ্ফিয়েও ব্যক্ত কৰিলে অনুভৱ। যিসকলে বিশ্ব শান্তিৰ হকে কাম কৰিছে তেওঁলোকলৈ এই পুৰস্কাৰ উত্সৰ্গা কৰিলে মাৰ্ফিয়ে। আনন্দৰ মুহূৰ্তত পত্নীক চুম্বন কৰি বঁটা গ্ৰহণৰ বাবে আগবাঢ়িল মাৰ্ফি।

তদুপৰি ‘প’ৰ থিংছ’ত কৰা অভিনয়ৰ বাবে ইম্মা ষ্ট’নলৈ আগবঢ়োৱা হল অস্কাৰ। AMB BYTE। শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবিৰ অস্কাৰ ইউ কেৰ ‘দ্য জ’ন অব ইণ্টাৰেষ্ট’লৈ। লছ এঞ্জেলছৰ ডলবি থিয়েটাৰৰ মঞ্চত বাজি উঠিল সংগীতৰো লহৰ। বহুকেইজন শিল্পীয়ে পৰিৱেশন কৰিলে মনপৰশা গীত। ‘অপেনহেইমাৰ’ৰ বহুকেইটা শিতানত শ্ৰেষ্ঠত্ব অৰ্জন আৰু অস্কাৰ লাভৰ বাবে সুখী হল চলচ্চিত্ৰপ্ৰেমীও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...