কিয় অবিবাহিত হৈ থাকিল ছুপাৰষ্টাৰ ছলমান খান?

কাৰোবাক নোপোৱাৰ বেদনাতে অবিবাহিত হৈ থাকিল নেকি ছুপাৰষ্টাৰ ছলমান খান? বিয়াৰ প্ৰস্তাৱ লৈ এগৰাকী নায়িকাৰ পিতৃৰ কাষলৈ গৈছিল ছলমান। কিন্তু ছলমানৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল নায়িকাৰ পিতৃয়ে। সেই কথাই প্ৰচণ্ড আঘাত দিছিল ছলমানৰ মনত।

ঐশ্বৰ্য ৰায়, কেটৰিনা কাঈফ, জেৰিন খান, সংগীতা বিজলানিৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ছলমানৰ। কিন্তু এইকেইগৰকীৰ নায়িকাৰ পিতৃৰ কাষলৈ যোৱা নাছিল ছলমান। হাতত বিয়াৰ প্ৰস্তাৱ লৈ জুহি চাওলাৰ পিতৃৰ ওচৰলা গৈছিল ছলমান। কিন্তু ছলমানৰ প্ৰস্তাৱ পোনচাটেই নাকচ কৰিছিল অভিনেত্ৰীগৰাকীৰ পিতৃয়ে। এটা সাক্ষাৎকাৰত ছলমান খানে কৈছিল, ‘‘জুহি খুব ভাল ছোৱালী। তেওঁ শ্ৰদ্ধা কৰিব লাগিব। জুহিক বিয়া পতাৰ প্ৰস্তাৰ লৈ মই তেওঁৰ পিতৃৰ ওচৰলৈ গৈছিলোঁ। কিন্তু পিতৃয়ে মান্তি নহল।’

কিয় বিয়াৰ প্ৰস্তাৱ নাকচ কৰিছিল জুহিৰ পিতৃয়ে? তাৰো উত্তৰ দিছিল ছলমানে। ‘‘মই হয়তো পিতৃয়ে বিচৰা ধৰণৰ নাছিলো। সেয়াই মোৰ ধাৰণা। নাজানো, কি বিচাৰিছিল জুহি চাওলাৰ পিতৃয়ে?’’ মাত্ৰ এখন ছবিত একেলগে কাম কৰিছিল ছলমান খান আৰু জুহি চাওলাই। ছবিখনৰ নাম ‘দিৱানা মস্তানা’।

ছবিখনত এটা কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে। তাৰ পিছত আৰু কোনো ছবিতে দেখা নগল ছলমান খান আৰু জুহি চাওলাৰ জুটি। কিয় একেলগে কাম নকৰিলে ছলমান খান আৰু জুহি চাওলাই, সেয়া আজিও ৰহস্য হৈয়ে থাকিল। চিনেমাৰ বিপৰীতে বাস্তৱত ইজনে সিজনৰ বিষয়ে সদায় ভাল মন্তব্য দিয়ে। বলীউদৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী জুহি চাওলা। ‘কায়ামাত ছে কায়ামাত’ ছবিৰ জৰিয়তে বলীউডত প্ৰৱেশ ঘটিছিল জুহিৰ। উদ্যোগপতি জয় মেটাৰ সৈতে বিয়াত বহে। জুহিৰ আছে এটি পুত্ৰ আৰু এগৰাকী কন্যা। কিন্তু আজিও অবিবাহিত হৈ আছে ছলমান। জুহিক নোপোৱাৰ দুখতে ছলমান অবিবাহিত হৈ থাকিল বুলি বিভিন্ন সময়ত চৰ্চা চলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...