কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

বিৰোধীক তচনচ কৰি মহাৰাষ্ট্ৰত পুনৰ ক্ষমতালৈ আহিছে বিজেপি, একনাথ সিন্দেৰ শিৱসেনা আৰু অজিত পাৱাৰৰ NCP। কিন্তু মুখ্যমন্ত্ৰী পদক লৈ আতৰা নাই জটিলতা। একনাথ সিন্দেক পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে সিন্দেসেনাই। মুখ্যমন্ত্ৰী দৌৰৰ পৰা আঁতৰি গৈছে অজিত পাৱাৰ। অজিত গোটে ঘোষণাই কৰিছে বিজেপি নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছ মুখ্যমন্ত্ৰী হ’লে আপত্তি কৰিব লগা নাই। বিষটোত প্ৰকাশ্যে মন্তব্য কৰাৰ পৰা বিৰত আছে সিন্দেসেনা। আসনৰ ফালৰ পৰা বিজেপি ১৩২খন আসনেৰে সৰ্ববৃহত দল। একক ভাৱে চৰকাৰ গঠন কৰিবলৈ বিজেপিক লাগে মাথো আৰু ১৩খন আসন। একনাথ সিন্দেৰ শিৱসেনাই ৫৭ আৰু অজিত পাৱাৰৰ NCP–এ লাভ কৰিছে মাত্ৰ ৪১খন আসন। এই ফালৰ পৰা দুয়োটা দল বিজিপিৰ পৰা বহুত দুৰৈত। তথাপি মিত্ৰতাত যাতে সৌহাদ্যপূৰ্ণ অৱস্থা থাকে তাৰ বাবে এক সৰ্ব গ্ৰাহ্য ফৰ্মুলা তৈয়াৰ কৰাৰ চেষ্টা চলিছে।

প্ৰথম আঢ়ৈ বছৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব দেবেন্দ্ৰ ফাড়নবিছ। উপ-মুখ্যমন্ত্ৰী হ’ব একনাথ সিন্দে, অজিত পাৱাৰ। চৰকাৰত বিজেপিৰ ২৪, শিৱসেনাৰ ১২, NCPৰ ১০ মন্ত্ৰী থাকিব। ২০১৯ ৰ যাতে পুনৰাবৃত্তি নহয়, তাৰবাবে সাৱধানে আগবাঢ়িব খুজিছে মহাযুটি। অৱশ্যে এই মুহূৰ্তত সিন্দেসেনাই প্ৰকাশ্যে বিদ্ৰোহ কৰিব পৰা আৱস্থাতো নাই। বিজেপিয়ে ফাড়নবিছক পূৰ্ণকালৰ বাবে মুখ্যমন্ত্ৰী কৰিলেও সিন্দে বা অজিত পাৱাৰে বাধা দিব নোৱেৰিব। মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি একনাথ সিন্দেই উপ মুখ্যমন্ত্ৰী নহও ক’বলৈও যুক্তি নাই। কাৰণ এনে ত্যাগ পূৰ্বে ফড়নবিছে কৰি দেখুৱাইছে। গতিকে এক কম্প্ৰমাইজ ফৰ্মুলাৰে চৰকাৰত থাকিব খুজিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...