ধোনীক কিয় পুনৰ নেতৃত্ব ল’বলৈ অনুৰোধ জনালে ৰবীন্দ্ৰ জাডেজাই?

চেন্নাই চুপাৰ কিংছে ৰবীন্দ্ৰ জাডেজাৰ নেতৃত্বত চলিত বৰ্ষৰ আই পি এলত দুৰ্বল আৰম্ভণি কৰিছিল, এতিয়ালৈকে চেন্নাই চুপাৰ কিংছে ৮খন খেলৰ মাত্ৰ দুখনত জয়ী হৈছিল আৰু প্লে অফৰ স্থানৰ পৰা বঞ্চিত হোৱাৰ পথত আছে। ৰবীন্দ্ৰ জাডেজাই বেট আৰু বল দুয়োটাৰে প্ৰদৰ্শন কৰিবলৈ চেষ্টা চলাইছে যদিও এতিয়ালৈকে সফল হোৱা দেখা পোৱা নাই।


চলিত আই পি এল ২০২২ৰ ৮খন খেলত চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দিয়াৰ পিছত অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই অধিনায়কৰ দায়িত্ব ত্যাগ কৰি এম এছ ধোনীক ঘূৰাই দিয়াৰ সিদ্ধান্ত লয় আৰু শনিবাৰ অৰ্থাৎ ৩০এপ্ৰিলত এই কথা ঘোষণা কৰে।
২০০৮ চনৰ পৰা দলটোক নেতৃত্ব দিয়া মহেন্দ্ৰ সিং ধোনীয়ে চলিত বৰ্ষৰ আগতে ৰবিন্দ্ৰ জাডেজাক নেতৃত্ব দিছিল।
অৱশ্যে, ডিফেণ্ডিং চেম্পিয়নসকলৰ এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, ৰবিন্দ্ৰ জাডেজাই ধোনীক পুনৰ নেতৃত্ব ল’বলৈ অনুৰোধ জনাইছে, যাতে অলৰাউণ্ডাজনে তেওঁৰ খেলত মনোনিৱেশ কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...