হঠাৎ আলফামুখী কিয় এচাম যুৱক-যুৱতী?

✒️অচিন্ত্য শৰ্মা

সদৰি হোৱা তথ্য অনুসৰি ৰাজ্যত ১২ এপ্ৰিল পৰ্যন্ত প্ৰায় আঢ়ৈশ যুৱক-যুৱতী নতুনকৈ সন্ধানহীন হৈ পৰিছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনত যোগদানৰ বাবে। অৱশ্যে আন কিছুমান পক্ষৰ মতে এই সংখ্যা প্ৰকৃততে বহু বেছি হ’ব। নতুন দিল্লীস্থীত আমাৰ নিজস্ব সূত্ৰ সমূহে জনোৱা মতে, যোৱা কিছুদিনৰ পৰা সক্ৰিয় হৈ আছে কেন্দ্ৰীয় চোৰাংচোৰা সমূহো। কাৰণ পৰেশ বৰুৱাৰ এনে নতুন সদস্য ভৰ্তি অভিযানে দিছপুৰৰ লগতে চিন্তিত তথা উদ্বিগ্ন কৰি তুলিছে নতুন দিল্লী তথা নৰ্থ ব্লককো। যাৰ বাবে ভাৰত চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰিছে ঘটনাৰ ৰহস্য ভেদ কৰাৰ উপৰি এনে আলফামুখী প্ৰৱণতাক বাধা দিবলৈ আৰু তাৰ বাবেই নামি পৰিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহ।

নিজৰ অনুসন্ধানত কি পাইছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহে? আৱিস্কৃত হ’লনে আলফা মুখী নতুন প্ৰৱণতাৰ কাৰণ? পূৰ্বোল্লেখিত আমাৰ সূত্ৰসমূহে জানিবলৈ দিয়া মতে বিষয়টোকলৈ উক্ত চোৰাংচোৱা সূত্ৰসমূহে অনুসন্ধান অব্যাহত ৰাখিছে আৰু এই অনুসন্ধান হ’ব যথেষ্ট দীঘলীয়া। তৎসত্বেও উপলব্ধ পাৰম্ভিক তথ্য অনুসৰি, ম্যানমাৰৰ শেহতীয়া পৰিস্থিৰ লৰত সম্পৰ্ক আছে অসমীয়া যুৱক-যুৱতীৰ আলফামুখী নতুন শ্ৰোতাৰ। লক্ষ্যনীয়ভাৱে জন্মলগ্নৰে পৰা আলফাৰ মূল আশ্ৰয়, অনুশীলন আৰু শক্তি আহৰণৰ থলী আছিল ম্যানমাৰ আৰু বাংলাদেশ। কিন্তু বাংলাদেশত ৰাজনৈতিক পট পৰিবৰ্তনৰ লগে লগে সেই দেশখনৰ পৰা আলফা উৎখাত হ’বলগীয়া হয়।

গণতন্ত্ৰ প্ৰতিষ্ঠাৰ পিছত ম্যানমাৰৰ পৰিস্থিতিও আলফাৰ বাবে হৈ পৰে যথেষ্ট প্ৰতিকূল। যাৰ পৰিণতিত সংগঠনটোৰ বহুসংখ্যক নেতাকৰ্মীয়ে আত্মসমৰ্পণ ল’ব লগা হয়। বন্ধ হৈ যায় আলফাৰ সদস্য ভৰ্তি অভিযান। পিছে সমগ্ৰ পৰিস্থিতিৰ পৰিবৰ্তন ঘটে যোৱাবছৰৰ ফেব্ৰুৱাৰী মাহৰ আগভাগতে ম্যানমাৰত সামৰিক অভ্যুত্থান ঘটাৰ লগে লগে সেইদেশৰ মিলিটাৰী জুণ্টাই পূৰ্বোত্তৰৰ উগ্ৰপন্থী সংগঠনসমূহৰ বাবে আকৌ মুকলি কৰি দিয়ে নিজ দেশৰ ভুখণ্ড।

ম্যানমাৰৰ মিলিটাৰী জুইণ্ট আসৈ পোৱা ভাৰতৰ মণিপুৰী উগ্ৰপন্থীয়ে সেই দেশৰ নতুনকৈ শক্তি সঞ্চয় কৰি সক্ষম হৈ উঠে ভাৰতৰ মাটিতেই ভাৰতীয় সেনাবিষয়াই হত্যা কৰিবলৈ। অথচ এই ঘটনাত কোনো সক্তিশালী আৰু নিৰ্ণায়ক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে মোদী চৰকাৰে। মোদী চকাৰৰ এনে দুৰ্বলতা পতক্ষ্য কৰাৰ পিছতেই জুণ্টাই আলফাকে কৰি পূৰ্বোত্তৰৰ অন্যান্য সংগঠমসূহৰ বাবেও নিজ দেশৰ দুৱাৰ মুকলি কৰি দিয়ে আৰু এনে সুযোগৰ সদব্যবহাৰ কৰি সাংগাথনিক পুনঃগঠন ব্যস্ত হৈ উঠে আলফা স্বাধীন আৰু সংশ্লিষ্ট অন্য সংগঠনসমূহ।

কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহ পাৰম্ভিক তথ্য অনুসৰি অসমৰ পৰা যুৱক-যুৱতীৰ শেহতীয়া আলফামুখী সোঁত পৰেশ বৰুৱাৰ এই সাংগঠনিক পুনঃগঠন প্ৰক্ৰিয়াৰে প্ৰতিফলন। অৱশ্যে তাৰ লগত অৱধাৰিতভাবে জড়িত হৈ আছে চীনৰ ধন। অসমীয়া মধ্যবিত্ত পৰিয়ালৰ যুবক-যুৱতীৰ বাবে আলফা এতিয়া এক ড্ৰীম ডেষ্টিনেশ্যন। আৰু পৰেশ বৰুৱা সপোনৰ নায়ক।

এনে স্বপ্নসন্ধানী যুবক-যুৱতীসকল প্ৰতিমুহূৰ্ততে সাজু হৈ থাকে আলফালৈ গমন কৰাৰ বাবে। প্ৰয়োজন হয় মাথোন উপযুক্ত সুযোগ আৰু সময়ৰ। বিগত কিছু দিনৰ ভিতৰতে ম্যানমাৰৰ পৰিবেশ তেনে সুযোগৰ সৃষ্টি কৰিছে আৰু বাকীসকলে সেই সুযোগৰ সদব্যৱহাৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...