এইবাৰ কোনে লাভ কৰিব গল্ডেন বুট? লিয়’নেল মেছি নে কেলিয়ান এমবাপে?

দেওবাৰে ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেল। লুচাইল ষ্টেডিয়ামত মুখামুখি হ’ব আৰ্জন্টিনা আৰু ফ্ৰান্স৷ লিয়’নেল মেছি নে কেলিয়ান এমবাপে! এইবাৰ কোনে লাভ কৰিব গল্ডেন বুট? ফিফা বিশ্বকাপ ২০২২ত গল্ডেন বুটৰ দৌৰত চামিল হৈছে দুই তাৰকা খেলুৱৈ।

আৰ্জেণ্টিনাৰ লিয়োনেল মেছিয়ে বৰ্তমানলৈকে ৫টা গল আৰু ৩টা এচিষ্টেৰে ফিফা বিশ্বকাপ ২০২২ৰ গোল্ডেন বুটৰ দৌৰত এক নম্বৰ স্থানত আছে। দ্বিতীয়তে গল্ডেন বুটৰ দাবীদাৰ হৈছে ফ্ৰান্সৰ খেলুৱৈ কেলিয়ান এমবাপে। কেলিয়েন এমবাপে বৰ্তমানলৈকে ৫টা গল আৰু ২টা এছিষ্টেৰে এই দৌৰত চামিল হৈছে।

তৃতীয় স্থানত আছে আৰ্জেণ্টিনাৰ জুলিয়ান আলভাৰেজ। বর্তমানলৈকে আলভাৰেজে ৪টা গলেৰে এই বুট লাভৰ দৌৰত চামিল হৈ আছে। আৰ্জেণ্টিনাৰ জুলিয়ান আলভাৰেজে ৪টা গল দিয়াৰ লগতে ফিফা বিশ্বকাপ ২০২২ৰ ছেমিফাইনেলত ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে ২টা গ’ল দিছিল। জুলিয়ান আলভাৰেজৰ পাছতেই আছে অলিভিয়াৰ গিৰোড৷ ফ্ৰান্সৰ অলিভিয়াই ৪টা গল দি এই দৌৰত চামিল হৈছে। ফ্ৰান্সৰ ষ্ট্ৰাইকাৰ অলিভিয়েৰ গিৰোডে ৪টা গল দিবলৈ সক্ষম হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

দিল্লী কেপিটেলছৰ বলিং প্ৰশিক্ষক মুনাফ পেটেলক জৰিমনা বিহিলে BCCIয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) এক গুৰুত্বপূৰ্ণ ঘটনাত দিল্লী কেপিটেলছৰ...

BGTৰ বিপৰ্যয়ৰ পিছত ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক অভিষেক নায়াৰ, ফিল্ডিং প্ৰশিক্ষক টি দিলীপক বৰ্খাস্ত কৰিলে BCCIয়ে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) অষ্ট্ৰেলিয়া Tourত ভাৰতীয় দলৰ...

IPLৰ সৈতে সংযুক্ত অংশীদাৰসকলক এজন ‘সন্দেহজনক’ ব্যৱসায়ীৰ পৰা সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ BCCIৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল)...