এইবাৰ কোনে লাভ কৰিব গল্ডেন বুট? লিয়’নেল মেছি নে কেলিয়ান এমবাপে?

দেওবাৰে ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেল। লুচাইল ষ্টেডিয়ামত মুখামুখি হ’ব আৰ্জন্টিনা আৰু ফ্ৰান্স৷ লিয়’নেল মেছি নে কেলিয়ান এমবাপে! এইবাৰ কোনে লাভ কৰিব গল্ডেন বুট? ফিফা বিশ্বকাপ ২০২২ত গল্ডেন বুটৰ দৌৰত চামিল হৈছে দুই তাৰকা খেলুৱৈ।

আৰ্জেণ্টিনাৰ লিয়োনেল মেছিয়ে বৰ্তমানলৈকে ৫টা গল আৰু ৩টা এচিষ্টেৰে ফিফা বিশ্বকাপ ২০২২ৰ গোল্ডেন বুটৰ দৌৰত এক নম্বৰ স্থানত আছে। দ্বিতীয়তে গল্ডেন বুটৰ দাবীদাৰ হৈছে ফ্ৰান্সৰ খেলুৱৈ কেলিয়ান এমবাপে। কেলিয়েন এমবাপে বৰ্তমানলৈকে ৫টা গল আৰু ২টা এছিষ্টেৰে এই দৌৰত চামিল হৈছে।

তৃতীয় স্থানত আছে আৰ্জেণ্টিনাৰ জুলিয়ান আলভাৰেজ। বর্তমানলৈকে আলভাৰেজে ৪টা গলেৰে এই বুট লাভৰ দৌৰত চামিল হৈ আছে। আৰ্জেণ্টিনাৰ জুলিয়ান আলভাৰেজে ৪টা গল দিয়াৰ লগতে ফিফা বিশ্বকাপ ২০২২ৰ ছেমিফাইনেলত ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে ২টা গ’ল দিছিল। জুলিয়ান আলভাৰেজৰ পাছতেই আছে অলিভিয়াৰ গিৰোড৷ ফ্ৰান্সৰ অলিভিয়াই ৪টা গল দি এই দৌৰত চামিল হৈছে। ফ্ৰান্সৰ ষ্ট্ৰাইকাৰ অলিভিয়েৰ গিৰোডে ৪টা গল দিবলৈ সক্ষম হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...