দেৱলীনা ভট্টাচাৰ্যৰ বিবাহ : কেনেকৈ লগ পাইছিল দৰা শ্বাহনাৱাজ শ্বেখক?

বিয়াৰ চৰ্চা চলিছে সাথ নিভানা সাথিয়াৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ। মঙলবাৰে ছ’চিয়েল মিডিয়াত দেৱলীনাৰ হালধি-মেহেন্দিৰ ফটো ভাইৰেল হৈছিল। বুধবাৰে কইনাৰ সাজত দেখা গ’ল দেৱলীনাৰ ফটো। এইটো নিশ্চিত যে, দেৱলীনা বিবাহ পাশত আৱদ্ধ হৈছে। কিন্তু কাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে দেৱলীনা?

এজন জীম প্ৰশিক্ষকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে সৰু পৰ্দাৰ জনপ্ৰিয় মুখ দেৱলীনা ভট্টাচাৰ্য। শ্বাহনাৱাজ শ্বেখৰ সৈতে বিয়াত বহিছে দেৱলীনা ভট্টাচাৰ্যই। শ্বাহনাৱাজ শ্বেখ পেছাত এজন জিম প্ৰশিক্ষক। বিগ বছ 13ত, দেৱলীনা ভট্টাচাৰ্যই কাৰোবাৰ সৈতে ডেটিং কৰি থকাৰ কথা প্ৰকাশ কৰিছিল। কিন্তু মুকলিকৈ কোৱা নাছিল যে, সেই ব্যক্তিজন কোন।

দেৱলীনা আৰু শ্বাহনাৱাজৰ প্ৰথম চিনাকী হৈছিল জীমত। যিটো জীম অভিনেত্ৰীগৰাকীৰ ঘৰৰ ওচৰতে আছে। সাথ নিভানা সাথিয়াৰ ছেটত এটা দুৰ্ঘটনাত পতিত হৈছিল দেৱলীনা। আৰু সেই সময়ছোৱাত, শ্বাহনাৱাজ শ্বেখ দেৱলীনাৰ স্বাস্থ্যৰ যতন লৈছিল। শ্বাহনাৱাজৰ এই যত্নশীল প্ৰকৃতিয়ে দেৱলীনাৰ হৃদয় জয় কৰিছিল। ইয়াৰ পিছত, ইজনে সিজনৰ লগত প্ৰায় দুবছৰ প্ৰেমৰ সম্পৰ্কত আছিল। আৰু প্ৰেমৰ সফল সামৰণি ঘটাই বিবাহ পাশত আৱদ্ধ হৈ জীৱনৰ এক নতুন অধ্যায়ৰ পাতনি মেলিলে অভিনেত্ৰীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...