দেৱলীনা ভট্টাচাৰ্যৰ বিবাহ : কেনেকৈ লগ পাইছিল দৰা শ্বাহনাৱাজ শ্বেখক?

বিয়াৰ চৰ্চা চলিছে সাথ নিভানা সাথিয়াৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ। মঙলবাৰে ছ’চিয়েল মিডিয়াত দেৱলীনাৰ হালধি-মেহেন্দিৰ ফটো ভাইৰেল হৈছিল। বুধবাৰে কইনাৰ সাজত দেখা গ’ল দেৱলীনাৰ ফটো। এইটো নিশ্চিত যে, দেৱলীনা বিবাহ পাশত আৱদ্ধ হৈছে। কিন্তু কাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে দেৱলীনা?

এজন জীম প্ৰশিক্ষকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে সৰু পৰ্দাৰ জনপ্ৰিয় মুখ দেৱলীনা ভট্টাচাৰ্য। শ্বাহনাৱাজ শ্বেখৰ সৈতে বিয়াত বহিছে দেৱলীনা ভট্টাচাৰ্যই। শ্বাহনাৱাজ শ্বেখ পেছাত এজন জিম প্ৰশিক্ষক। বিগ বছ 13ত, দেৱলীনা ভট্টাচাৰ্যই কাৰোবাৰ সৈতে ডেটিং কৰি থকাৰ কথা প্ৰকাশ কৰিছিল। কিন্তু মুকলিকৈ কোৱা নাছিল যে, সেই ব্যক্তিজন কোন।

দেৱলীনা আৰু শ্বাহনাৱাজৰ প্ৰথম চিনাকী হৈছিল জীমত। যিটো জীম অভিনেত্ৰীগৰাকীৰ ঘৰৰ ওচৰতে আছে। সাথ নিভানা সাথিয়াৰ ছেটত এটা দুৰ্ঘটনাত পতিত হৈছিল দেৱলীনা। আৰু সেই সময়ছোৱাত, শ্বাহনাৱাজ শ্বেখ দেৱলীনাৰ স্বাস্থ্যৰ যতন লৈছিল। শ্বাহনাৱাজৰ এই যত্নশীল প্ৰকৃতিয়ে দেৱলীনাৰ হৃদয় জয় কৰিছিল। ইয়াৰ পিছত, ইজনে সিজনৰ লগত প্ৰায় দুবছৰ প্ৰেমৰ সম্পৰ্কত আছিল। আৰু প্ৰেমৰ সফল সামৰণি ঘটাই বিবাহ পাশত আৱদ্ধ হৈ জীৱনৰ এক নতুন অধ্যায়ৰ পাতনি মেলিলে অভিনেত্ৰীগৰাকীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীৰ বেলতলাত উদ্বোধন পিকলবল খেলৰ অত্যাধুনিক কৰ্ট

বিশ্বত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰা পিকলবল খেলৰ এখন কৰ্ট...

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট। একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণত...

টীয়কত দুৰ্ঘটনাত পতিত হুঁচৰি দল, আহত প্ৰায় ১০ বিহুৱা-বিহুৱতী

নিশা টীয়কৰ ভগামুখত দুৰ্ঘটনাত পতিত হুঁচৰি দল কঢ়িওৱা মেজিক।...

আগন্তুক তিনিঘণ্টাত বতৰে ল’ব কালৰূপ!

প্ৰয়োজন নহ'লে নোলাব ঘৰৰ পৰা। আগন্তুক তিনিঘণ্টাত বতৰে ল'ব...