ৰুছিয়াৰ সস্তা তেল বনাম পেট্ৰ’ল-ডিজেলৰ মূল্য

✒️ অচিন্ত্য শৰ্মা

আম্বানীয়ে কিনিছে ৰুছিয়াৰ তেল
সস্তাৰ সুবিধা লৈছে প্ৰাইভেট কোম্পানীয়ে
জনতাক ঠগিছে মোদী চৰকাৰে অযথা বা বা দিছে স্তাবকৰ দলে

ইউক্ৰেইন যুদ্ধৰ পৰিপেক্ষিতত ৰুছিয়াৰ ওপৰত বিভিন্ন পৰ্যায়ৰ আৰু বিভিন্ন ধৰণৰ কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে পশ্চিমীয়া শক্তিসমূহে। মাৰ্কিন প্ৰভাৱাধীন জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া আদি পূবৰ শক্তিসমূহেও হাত উজান দিছে এনে পশ্চিম প্ৰযোজিত নিষেধাজ্ঞাত। যাৰ বাবে দিক-বিদিগ হেৰুৱাই পেলোৱা ৰুছিয়া বাধ্য হৈছে অস্বাভাৱিকভাবে কম মূল্যত নিজৰ প্ৰধান সম্পদ খাৰুৱা তেলৰ বজাৰত উলিয়াই দিবলৈ। অৱশ্যে আমেৰিকা-ইউৰোপৰ ৰঙাচকুৰ সন্মুখত পৃথিৱীৰ বেছিভাগ দেশেই সস্তা ৰুছিয়াৰ তেল কিনিবলৈ সাহস কৰা নাই। ইয়াৰ বিপৰীতে সংশ্লিষ্ট সকলোকে বুঢ়া আঙুলি দেখুৱাই দি হোৰা হোৰে ৰুছিয়াৰ পৰা কম দামত খাৰুৱা তেল কিনিছে ভাৰতে। শেহতীয়াভাৱে সদৰি হোৱা তথ্য হোৱা অনুসৰি ইউক্ৰেইন যুদ্ধ পিছৰ পৰা যোৱা ১০ মাহত ভাৰতে ৰুছিয়াৰ পৰা ২ লাখ কোটি টকাৰ খাৰুৱা তেল ক্ৰয় কৰিছে। এই পৰিমাণ বিগত ১০ বছৰৰ মুঠ ক্ৰয়ৰ পৰিমাণতকৈও অধিক। তেনেহ’লে ভাৰতৰ বজাৰত পেট্ৰ’ল-ডিজেলৰ দাম কমা নাই কিয়?

লক্ষনীয়ভাবে তৈল সম্পদৰ ক্ষেত্ৰত ভাৰত আত্মনিৰ্ভৰশীল নহয়। সেয়ে ভাৰতে তেল চহকী দেশসমূহৰ পৰা খাৰুৱা তেল আমদানী কৰে আৰু তেল বিপননকাৰী প্ৰতিষ্ঠানসমূহে বিভিন্ন শোধনাগাৰত সেই তেল শোধন কৰি পেট্ৰ’ল, ডিজেল আৰু অন্যান্য ইন্ধন তথা সামগ্ৰীৰ ৰূপত দেশ বিদেশৰ বজাৰত বিক্ৰী কৰে। এনে প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বাঢ়িলে ভাৰততো পেট্ৰ’ল-ডিজেলৰ দাম বাঢ়ি যায় আৰু আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম কমিলে ভাৰততো পেট্ৰ’ল-ডিজেলৰ দাম কমি যায়। এয়া এক সহজ সমীকৰণ। পিচে এইবাৰ যেন সেই সমীকৰণত বিজুতি ঘটিল। ৰুছিয়াৰ পৰা বিপুল পৰিমাণত অতিপাত সস্তা খাৰুৱা তেল ক্ৰয় বা আমদানী কৰাৰ পিছতো ভাৰতৰ বজাৰত কমা নাই পেট্ৰ’ল-ডিজেলৰ দাম। বৰঞ্চ অলপ বাঢ়িলে। কিন্তু কিয়?

এই প্ৰশ্ন উত্তৰ বিচাৰোতেই ওলাই পৰিছে কেতবোৰ তাত্পৰ্যপূৰ্ণ তথ্য আৰু তিতা সত্য। সেই অনুসৰি ইউক্ৰেইন যুদ্ধৰ পিছৰ পৰা ভাৰতে যি সস্তা ৰুছিয়াৰ তেল ক্ৰয় কৰিছে, সেই তেলৰ তিনি চতুৰ্থাংশই ক্ৰয় কৰিছে দেশখনৰ ব্যক্তিগত খণ্ডৰ তেল শোধনাগাৰ বা পেট্ৰ’ ৰাসায়নিক উদ্যোগসমূহে, যি সমূহ ভাৰতীয় শোধনাগাৰ বা উদ্যোগে অতি কম মাত্ৰাতহে দেশীয় বজাৰত পেট্ৰ’ল-ডিজেল বিক্ৰী কৰে। আনহাতে অইল ইণ্ডিয়া লিমিটেড, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন, ভাৰত পেট্ৰ’লিয়াম আৰু হিন্দুস্তান পেট্ৰ’লিয়াম আদি যিবোৰ ৰাজহুৱা খণ্ডৰ তেল বিপননকাৰী প্ৰতিষ্ঠানে ভাৰতৰ বজাৰত পেট্ৰ’ল-ডিজেল বিক্ৰী কৰে, মোদী চৰকাৰৰ কৃপাত সেই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ ভাগত অতি কম পৰিমাণেহে পৰিছে সস্তা ৰুছিয়াৰ তেল। যাৰ ফলশ্ৰুতিত ভাৰতীয় বজাৰত পেট্ৰ’ল-ডিজেলৰ দামৰ ওপৰত কোনো ইতিবাচক প্ৰভাৱ পেলাব পৰা নাই এনে সস্তা তেলৰ বৰ্দ্ধিত আমদানিয়ে। শেহতীয়াভাৱে সদৰি হোৱা তথ্য অনুসৰি ভাৰতৰ যিবোৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে সস্তীয়া ৰুছ তেল ক্ৰয় কৰিছে সেইবোৰৰ ভিতৰত অন্যতম হৈছে মুকেশ আম্বানী মালিকানাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু মস্কো নিয়ন্ত্ৰণাধীন নায়াৰা এনাৰ্জী। এই প্ৰতিষ্ঠান সমূহে অভাৱনীয় হাৰত ৰুছিয়াৰ পৰা সস্তা খাৰুৱা তেল ক্ৰয় কৰিছে আৰু শোধন কৰাৰ পিছত প্ৰচুৰ লাভ অৰ্জনেৰে বিক্ৰী কৰিছে ইউৰোপ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত। ইয়াৰ মাজতে ভাৰত চৰকাৰে মাথোন কৰ হিচাপে লাভ কৰিছে কেইকোটিমান টকা, সামগ্ৰীকভাৱে দেশৰ লাভ বুলিবলৈ সিমানেই। ইউক্ৰেইন যুদ্ধ দীঘলীয়া হৈ গৈ থাকিলে অধিক জটিল হৈ পৰিব বিশ্বৰ পৰিস্থিতি। এনে অৱস্থাত অধিক কমিব ৰুছিয়াৰ খাৰুৱা তেলৰ মূল্য, আৰু তেতিয়া নিশ্চিতভাৱে বৃদ্ধি পাব ভাৰতৰ আমদানি। সেই ৰুছ তেলেৰে আম্বানীহঁতে লাভৰ অভিলেখ গঢ়িব আৰু সৰ্বসাধাৰণে বৰ্ধিত মূল্যত ক্ৰয় কৰি থাকিব পেট্ৰ’ল-ডিজেল। কাৰ্যতঃ ব্যৰ্থ প্ৰমাণিত হ’ব মোদী চৰকাৰৰ তেল কূটনীতি। অৱশ্যে তাৰ পিছতো অব্যাহত থাকিব স্তাবকৰ দলৰ হাত চাপৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...