অশান্ত সময়ত নেপালক কোনে নেতৃত্ব দিব?

নেপালৰ নতুন প্ৰধানমন্ত্ৰী হ’ব বলেন্দ্ৰ শ্বাহ ওৰফে বলেন! সামাজিক মাধ্যমত কৰা কেইবাটাও পোষ্টত এই চৰ্চা বিয়পিছে। মঙলবাৰে দুপৰীয়া ছাত্ৰ-যুৱকৰ আন্দোলনৰ সন্মুখত নতিস্বীকাৰ কৰি পদত্যাগ কৰিছে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে. পি. শৰ্মা ওলিয়ে। সেনাৰ হেলিকপ্টাৰেৰে তেওঁ দেশ এৰিছে বুলিও গুজব বিয়পিছে। যদিও এই বিষয়ে আনুষ্ঠানিকভাৱে একো জানিব পৰা নাই। এনে পৰিস্থিতিত অস্থিৰ নেপালৰ দায়িত্ব কাঠমাণ্ডুৰ মেয়ৰ, ৩৫ বছৰীয়া বলেন্দ্ৰৰ হাতত তুলি দিবলৈ বিচাৰিছে আন্দোলনকাৰীসকলে। নেপালৰ কেইবাটাও সংবাদ মাধ্যমেও এনে কথা প্ৰকাশ কৰিছে।

কোন এই বলেন্দ্ৰ শ্বাহ?

বলেন্দ্ৰ হৈছে কাঠমাণ্ডুৰ মেয়ৰ। ২০২২ চনত কাঠমাণ্ডুৰ মেয়ৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৬১ হাজাৰ ভোটত জয়ী হৈছিল তেওঁ। প্ৰতিষ্ঠিত দলৰ প্ৰতিষ্ঠিত ৰাজনীতিবিদসকলক পৰাস্ত কৰি তেওঁ নেপালৰ বহুতকে চমক দিছিল। ১৯৯০ চনত কাঠমাণ্ডুত জন্মগ্ৰহণ কৰা বলেনে চিভিল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰিছিল। উচ্চশিক্ষাৰ বাবে ভাৰতলৈ আহিছিল। নেপালত ৰেপাৰ আৰু সুৰকাৰ হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছিল তেওঁ। নিজৰ গীতত দুৰ্নীতি আৰু আৰ্থিক বৈষম্যৰ ওপৰত ব্যংগ কৰিছিল বলেন্দ্ৰই। ৰেপাৰ হিচাপে পোৱা জনপ্ৰিয়তাক অস্ত্ৰ হিচাপে লৈ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল।

নেপালৰ ছাত্ৰ-যুৱ আন্দোলনত প্ৰত্যক্ষভাৱে জড়িত নহ’লেও দূৰৰ পৰা তাক সমৰ্থন কৰিছিল বলেন্দ্ৰই। আন্দোলনত অংশ নল’ওঁতে কাৰণ ব্যাখ্যা কৰি তেওঁ কৈছিল যে এয়া ‘জেন জি’ৰ আন্দোলন। সেই হিচাপে ২৮ বছৰৰ ওপৰৰ সকলে আন্দোলনত যোগদান কৰক, তাক তেওঁ নিবিচাৰিছিল। কিন্তু ছাত্ৰ-যুৱকৰ বক্তব্য চৰকাৰে শুনা উচিত বুলিও তেওঁ মত প্ৰকাশ কৰিছিল। সামাজিক মাধ্যমত এটা পোষ্টত তেওঁ লিখিছিল, “মই আন্দোলনকাৰীৰ ইচ্ছা, লক্ষ্য আৰু ভাৱনাৰ কথা জানিব বিচাৰোঁ।” এই আন্দোলনক নিজৰ স্বাৰ্থত ব্যৱহাৰ নকৰিবলৈ নেপালৰ ৰাজনৈতিক দলবোৰকো তেওঁ অনুৰোধ জনাইছিল। শাৰীৰিকভাৱে উপস্থিত নাথাকিলেও আন্দোলনক ‘পূৰ্ণ সমৰ্থন’ জনাইছিল বলেন্দ্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...